Iran : হিজাব পৰিধান নকৰাকৈ বেংকত প্ৰৱেশৰ অনুমতি ,’ শাস্তিস্বৰূপ ‘ চাকৰি হেৰুৱালে মেনেজাৰে

hijab 1

Iran :

এগৰাকী মহিলা হিজাব পৰিধান নকৰাকৈ বেংকলৈ আহে । তাৰ পাছত মেনেজাৰৰ স’তে কথা পতাৰ পাছত তেওঁ কামৰ কৰি গুচি যায় । অৱশ্যে মহিলাগৰাকীয়ে হিজাব পৰিধান কৰিছে নে নাই তাক লৈ একো ভবা নাছিল বেংকৰ মেনেজাৰে ।

সেইটোৱে হ’ল কাল । হিজাব পৰিধান নকৰা এগৰাকী মহিলাক সেৱা কৰাৰ বাবে চাকৰি হেৰুৱাইছে বেংকৰ মেনেজাৰজনে। হিজাব বিৰোধী আন্দোলনৰ মাজতে পুনৰ চৰকাৰী দমন-পীড়নৰ ঘটনা পোহৰলৈ আহিলে ।

ইৰাণৰ মৌলবাদী প্ৰশাসনে প্ৰায় দুমাহ ধৰি দেশ আৰু বিদেশত হিজাবক লৈ তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হৈ আহিছে। তথাপিও নিজৰ পদৰ পৰা আঁতৰি যোৱা নাছিল ইব্ৰাহিম ৰাইচিৰা ।

২২ বছৰীয়া মাহছা আমিনীৰ(Mahsa Amini) মৃত্যুক লৈ ইৰাণত দুমাহৰো অধিক সময় ধৰি উত্তাল হৈ আছিল । তেওঁক নীতি আৰক্ষীৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল।

অভিযোগ , আৰক্ষীৰ ভানলৈ নিয়াৰ সময়ত তেওঁক প্ৰহাৰ কৰা হয় । সেইকাৰণে তেওঁ অসুস্থ হৈ পৰে । অৱশ্যে, আৰক্ষীয়ে দাবী কৰে যে যুৱতীগৰাকীক মাৰপিট কৰা হোৱা নাছিল।

গ্ৰেপ্তাৰ হোৱাৰ পাছত তেওঁ অসুস্থ হৈ পৰে । আক্ৰান্ত হয় হৃদৰোগত । বিগত ১৬ ছেপ্টেম্বৰত চিকিৎসালয়ত মাহছাৰ মৃত্যুৰ পাছত আৰম্ভ হয় আন্দোলন । ৰাজপথলৈ ওলাই আহে শাৰী শাৰী মানুহ।

হিজাব জ্বলাই, চুলি কাটি ইছলামৰ নামত মহিলাসকলক শিকলবন্দি কৰি ৰখাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈও আৰম্ভ কৰে।

এনে পৰিস্থিতিত প্ৰকাশ্যেত আহিছে ইৰাণৰ বেংকৰ এই ঘটনা । মহিলাগৰাকী বৃহস্পতিবাৰে দেশখনৰ ৰাজধানী তেহৰাণৰ ওচৰৰ কোম প্ৰদেশৰ বেংকলৈ যায়। তেওঁ হিজাব পৰিধান নকৰাকৈ বেংকত প্ৰৱেশ কৰে ।

মহিলাগৰাকীয়ে প্ৰয়োজনীয় কাম সম্পূৰ্ণ কৰাৰ পাছত বেংকৰ পৰা বাহিৰলৈ ওলাই যায়। গোটেই ঘটনাটোৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে সংশ্লিষ্ট বেঙ্কৰ মেনেজাৰক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয়।

ইৰাণৰ বেছিভাগ বেংক চৰকাৰৰ অধীনত আছে। মহিলাসকলে হিজাব পিন্ধি আহিছে নে নাই সেয়া মেনেজাৰৰ ওপৰত নিৰ্ভৰ কৰে। সকলো মিলি, কামত ‘অৱহেলা’ৰ বাবে মেনেজাৰে চাকৰি হেৰুৱাব লগা হয় ।

উল্লেখ্য, মহিলাসকলৰ বাবে কঠোৰ পোছাকবিধি আছে ইৰাণত । আইনৰ অধীনত, যদি বয়স সাত বছৰতকৈ অধিক হয় তেন্তে হিজাব পিন্ধাটো বাধ্যতামূলক। হিজাব কিছুমান নিয়ম অনুসৰি পিন্ধিব লাগে ।

‘ নীতি পুলিচৰ’ দলে হিজাবৰ নিয়মবোৰ সঠিকভাৱে ৰূপায়ণ কৰা হৈছে নে নাই তাৰ তত্বাৱধান কৰে। কট্টৰ পন্থী ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচি ক্ষমতালৈ অহাৰ পাছত, হিজাব পিন্ধাৰ বিষয়টো যুৱতীসকলৰ ওপৰত জাপি দিয়া হয় ।

তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰোঁতেই মৃত্যু হয় মাহচা আমিনীৰ । তাৰ পৰাই বহুতো ইৰাণীয়ে হিজাব বিৰোধী আন্দোলনত যোগদান কৰে।

Exit mobile version