Post Office : ডাকঘৰৰ জনপ্ৰিয় ক্ষুদ্র সঞ্চয় আঁচনি এনএছচি

post office scheme

Post Office :

ডাকঘৰৰ জৰিয়তে বিভিন্ন ক্ষুদ্র সঞ্চয় আঁচনিত খুব সহজতে বিনিয়োগ কৰিব পৰা যায়। এই ক্ষুদ্র সঞ্চয় আঁচনিবোৰত কম টকা বিনিয়োগ কৰি এক সুনির্দিষ্ট আৰু সুনিশ্চিত বিত্তীয় ভৱিষ্যতৰ দিহা কৰিব পাৰে সমাজৰ সকলো শ্ৰেণীৰ লোকে।

কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতাত বজাৰলৈ অহা এনে এক জনপ্রিয় ক্ষুদ্র সঞ্চয় আঁচনি হৈছে ৰাষ্ট্ৰীয় সঞ্চয় কার্ড বা ৰাষ্ট্ৰীয় সঞ্চয় প্রমাণপত্র আঁচনি (এনএছচি)।

ঘাটিৰ আশংকা তিলমাত্রও নথকা কোনো আঁচনিত ধন বিনিয়োগ কৰিব বিচাৰে যদি ডাকঘৰৰ জৰিয়তে ৰাষ্ট্ৰীয় সঞ্চয় প্রমাণপত্র (National Savings Certificate)ত বিনিয়োগ কৰিব পাৰে আপুনিও।

ৰাষ্ট্ৰীয় সঞ্চয় প্ৰমাণপত্ৰ আঁচনিত পাঁচ বছৰৰ নিম্নতম লক-ইন ম্যাদ থাকে ৷ ইয়াৰ অৰ্থ হৈছে, বিনিয়োগকাৰীয়ে একেৰাহে পাঁচ বছৰ ধৰি বিনিয়োগ কৰাটো বাধ্যতামূলক। এনএছচিত মুঠ তিনি ধৰণে বিনিয়োগ কৰিব পাৰি।

ইয়াৰে প্ৰথমটো হৈছে একক প্ৰকাৰ ৷ ইয়াত বিনিয়োগকাৰীয়ে নিজৰ বাবে বা নিজৰ নাবালক সন্তানৰ বাবে বিনিয়োগ কৰিব পাৰে৷ দ্বিতীয়টো হৈছে যুটীয়া এ প্ৰকাৰ। ইয়াত দুজন ব্যক্তিয়ে একেলগে বিনিয়োগ কৰিব পাৰে।

তৃতীয় প্ৰকাৰটো হৈছে যুটীয়া বি প্ৰকাৰ, য’ত দুজন লোকে বিনিয়োগ কৰে, কিন্তু ম্যাদ পূৰ্তিৰ পাছত লাভ কৰা ধনৰাশি কেৱল এজন বিনিয়োগকাৰীকহে পৰিশোধ কৰা হয়। উল্লেখ্য যে ডাকঘৰৰ জৰিয়তে খুলিব পৰা ৰাষ্ট্ৰীয় সঞ্চয় প্রমাণপত্র
আঁচনিৰ বৰ্তমানৰ সুতৰ হাৰ হৈছে ৬.৮ শতাংশ।

এই আঁচনিত কমেও এহেজাৰ টকা বিনিয়োগ কৰিব পাৰি আৰু ১০০ ৰ গুণিতকত যিমান ইচ্ছা সিমান ধন বিনিয়োগ কৰিব পাৰি। বিনিয়োগৰ কোনো সৰ্বোচ্চ সীমা নাই।

মন কৰিবলগীয়া, আয়কৰ ৰেহাই পাবৰ বাবে যদি কোনো বিনিয়োগকাৰীয়ে এনএছচিত বিনিয়োগ কৰে, তেন্তে প্ৰতি বছৰে ১.৫ লাখ টকালৈকে বিনিয়োগ কৰি আয়কৰ ধাৰা ৮০চি (Section 80C of Income Tax)ৰ অধীনত কৰ ৰেহাই লাভ কৰিব পাৰিব।

Exit mobile version