Ajan Pir Dargah : অৱশেষত যৱনিকা পৰিল আজানপীৰ দৰগাহৰ ক্ষমতা কেন্দ্ৰিক যুঁজ – বাগৰৰ

WhatsApp Image 2022 11 28 at 18.57.56

Ajan Pir Dargah :

অৱশেষত যৱনিকা পৰিল আজানপীৰ দৰগাহৰ ক্ষমতা কেন্দ্ৰিক যুঁজ – বাগৰৰ | আদালতৰ মজিয়া পাইছিলগৈ আদালতৰ নিৰ্দেশ মর্মে দুয়োখন সমিতিয়েই গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্রহণ কৰে যদিও আজানপীৰ দৰগাহত উন্নয়নমূলক কাম-কাজ প্রায় স্থবিৰ হৈ পৰে।

এনে এক পৰিৱেশৰ মাজতে কালি আজানপীৰ দৰগাহত পৰিচালনা সমিতিৰ বাৰ্ষিক সভা তথা অধিবেশনৰ আয়োজন কৰা হয়।

এই অধিবেশন উত্তপ্ত হোৱাৰ আশংকা কৰি ৰাইজে আমগুৰি সমষ্টিৰ বিধায়ক প্রদীপ হাজৰিকাক অধিবেশনত উপস্থিত থাকি কোনো বিতর্ক নোহোৱাকৈ বিষয়টো নিষ্পত্তি কৰাৰ বাবে অনুৰোধ জনায়।

সেই মৰ্মে আজি পুৱাৰ ভাগতেই বিধায়ক হাজৰিকা দৰগাহ চৌহদত উপস্থিত হয়। এক জনাকীর্ণ পৰিৱেশত প্রাক্তন সভাপতি হবিব উল্লাৰ সভাপতিত্বত বার্ষিক সভা অনুষ্ঠিত হয়।

বিধায়ক হাজৰিকাই ভাষণ প্ৰসংগত কয়, ‘মই সমষ্টিৰ বিধায়ক যদিও আজিলৈকে কোনো দিনে ধর্মীয় ৰাজনীতি কৰা নাই। আজানপীৰ চাহাবে মানৱতাৰ বাণী প্রচাৰ কৰিছিল।

তেওঁৰ জিকিৰত হিন্দু-মুছলমানৰ সমন্বয়ৰ সাতামপুৰুষীয়া ঐক্য-সম্প্ৰীতিৰ বাণী স্পষ্টৰূপত প্ৰতিফলিত হয় ; কিন্তু সেই পীৰজনাৰ সমাধি উন্নয়নৰ নামত একাংশই ক্ষমতাকেন্দ্রিক যুঁজ-বাগৰ অব্যাহত ৰখাটো দুৰ্ভাগ্যৰ বিষয়। দানপাত্র ভাঙি লাখ লাখ টকা চুৰি কৰি নিয়া ঘটনাৰ কোনো তদন্ত নহ’ল।

দৰগাহ পৰিচালনাৰ নামত সংঘটিত কেতবোৰ কৰ্মকাণ্ডই আমাক লজ্জিত কৰিছে। শিৱসাগৰৰ সুনামত কালিমা সানিছে। এই পৰিৱেশৰ অৱসান ঘটাবই লাগিব।

এতিয়াৰে পৰা আজানপীৰ দৰগাহক লৈ কাকো কুটিল ৰাজনীতি কৰিবলৈ দিয়া নহ’ব।’ আজানপীৰ দৰগাহক হিন্দু-মুছলমানৰ সমন্বয়ৰ ভেটিৰূপে ৰখাৰ বাবে সকলো শ্ৰেণীৰ লোকক ঐক্যবদ্ধ হ’বলৈ তেওঁ আহ্বান জনায়।

বিধায়ক হাজৰিকাই কালি সভাত উপস্থিত থকা খলিলুৰ ৰহমান হাজৰিকা, নিত্যানন্দ কলিতা সহিতে নিৰপেক্ষ  লোকৰ এখন সমিতি গঠন কৰি তেওঁলোকক শিৱসাগৰ, আমগুৰি আৰু নাজিৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত লোকসকলক লৈ প্ৰাথমিক পৰ্যায়ৰ পৰিচালনা সমিতি গঠনৰ পৰামৰ্শ আগবঢ়ায়।

পৰৱৰ্তী সময়ত জিকিৰ শিল্পীৰ উপৰি ৰাজ্যখনৰ যোৰহাট, গোলাঘাটৰ লগতে প্ৰতিখন জিলাৰ প্ৰতিনিধিক সমিতিত অন্তর্ভুক্ত কৰা হ’ব বুলি বিধায়কজনে স্পষ্ট কৰি দিয়ে।

ইফালে, পৰিচালনা সমিতিৰ বিষয়ববীয়া বাছনিৰ বাবে ভোটদান প্ৰক্ৰিয়া সম্পন্ন হ’লে পৰিস্থিতি উত্তপ্ত হোৱাৰ আশংকা কৰি সভাত উপস্থিত থকা কে’বা শতাধিক লোকে হাজৰিকাৰ পৰামৰ্শ পোনপটীয়াকৈ সমর্থন কৰে।

ইয়াৰ পাছতে পূৰ্বৰ সমিতিৰ সভাপতি হবিব উল্লাই পদত্যাগ কৰি পূৰ্বৰ সমিতি ভংগ বুলি ঘোষণা কৰে। প্ৰায় এঘন্টাৰ পাছতে খলিলুৰ ৰহমান হাজৰিকা আৰু নিত্যা কলিতাৰ নেতৃত্বাধীনত চাৰিজনীয়া সমিতিখনে সভাত তেওঁলোকে বাছনি কৰা
পৰিচালনা সমিতিৰ তালিকা দাখিল কৰে।

আনহাতে, প্রাক্তন সভাপতি হবিব উল্লাই পদত্যাগ কৰাৰ পাছতে আমগুৰিৰ চাৰিং মণিৰাম দেৱান মহাবিদ্যালয়ৰ প্রাক্তন অধ্যক্ষ বিপুল বৰকটকীৰ সভাপতিত্বত নতুন সমিতি গঠনৰ সভা অনুষ্ঠিত হয়।

ছজনীয়া সমিতিয়ে প্ৰস্তুত কৰা তালিকা অনুসৰি, আগন্তুক তিনিটা বৰ্ষৰ বাবে আজানপীৰ দৰগাহৰ পৰিচালনা সমিতিৰ সভাপতিৰূপে অধিবক্তা হাৰুন অল ৰছিদ আৰু সাধাৰণ সম্পাদকৰূপে বাব মুস্তাকিন আলী, কাৰ্যকৰী সভাপতিৰূপে বুবুল দত্তক নির্বাচিত কৰা হয়।

চাৰিৰ্জনীয়া সমিতিয়ে মুখ্য উপদেষ্টাৰূপে বিধায়ক হাজৰিকা, উপদেষ্টাৰূপে বিপুল বৰকটকী, ছৈয়দ হকিকুৰ ৰহমান, জাকিৰুল হুছেইন, দিলীপ হাজৰিকা, সদৰ কাজী আতিকুৰ ৰহমান কাছিমি, ড° সব্যসাচী মহন্ত, অধিবক্তা দিগন্ত মংগল নেওগ, পুতুল হুছেইন, অতনু বৰা, ৰাণা খান, ছাজাদুল হক, হবিব উল্লাক নিৰ্বাচিত কৰে।

উপ-সভাপতিৰূপে ইমদাদ হুছেইন, শান্তনু দাস, যুটীয়া সম্পাদকৰূপে ছাজিদুল ইছলাম, বিতুল আলীৰ লগতে ৩৩জন লোকক কার্যকৰী সদস্যৰূপে নির্বাচিত কৰে।

এই নামসমূহ পাঠ কৰাৰ পাছতে ৰাইজে বিপুল হর্ষধ্বনিৰ মাজেৰে নৱনিৰ্বাচিত সমিতিখন সর্বজন সমৰ্থিত বুলি আদৰণি জনায়।

আজিৰ সভাৰ সভাপতি বিপুল বৰকটকীয়ে অতি কম সময়ৰ ভিতৰতে বাকী জিলাসমূহৰ প্রতিনিধি তথা জিকিৰ শিল্পীসকলক সামৰি ল’ব বুলি ব্যক্ত কৰে।

আজিৰ সভাত দেৰগাঁৱৰ শিল্পী অমন আহমেদ আৰু ইদুল আলী আহমেদৰ সংগীসকলে জিকিৰ পৰিবেশন কৰি সকলো শ্ৰেণীৰ লোকৰ মন জয় কৰে।

উল্লেখ্য যে বিগত কে’বাটাও বছৰ ধৰি একাংশ লোকৰ ক্ষমতাকেন্দ্ৰিক যুঁজ-বাগৰৰ বাবে পৰিৱেশ বিনষ্ট হোৱা সৰাগুৰি চাপৰিলৈ সুস্থ পৰিৱেশ ঘূৰাই অনাৰ ক্ষেত্ৰত বিধায়ক হাজৰিকাই গ্ৰহণ কৰা ভূমিকাক ৰাইজে সন্তুষ্টি প্রকাশ কৰে।

লগতে নতুন সমিতিখনৰ যোগেদি ঐতিহ্যমণ্ডিত সৰাগুৰি চাপৰিলৈ নতুনত্বৰ জোৱাৰ আহিব বুলি ৰাইজে আশা প্ৰকাশ কৰে।

Exit mobile version