FIFA : দলৰ সাজঘৰত সোমাই তদন্ত কৰিছে ফিফাই

কছ'ভ'ৰ পতাকাক অৱমাননা কৰি বিপদত ছাৰ্বিয়া

Serbia 1024x576 1

FIFA :

বিশ্বকাপৰ খেলসমূহ যিদৰে আকর্ষণীয় হৈছে, সেইদৰে প্ৰতিযোগিতাখনত দেখা গৈছে ইটোৰ পাছত সিটো বিতর্ক। এইবাৰ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে ছাৰ্বিয়া ফুটবল দল। যাৰ ফলত দলটো শাস্তিৰ সন্মুখীনো হ’ব পাৰে।

ইতিমধ্যেই ইতিমধ্যে বিশ্ব ফুটবলৰ নিয়ামক সংস্থা ফিফাই তদন্ত আৰম্ভ কৰিছে। ব্ৰাজিলৰ বিপক্ষে মেচ চলি থকা অৱস্থাত ছাৰ্বিয়াৰ খেলুৱৈসকলে কছ’ভ’ৰ জাতীয় পতাকা নিজৰ সাজঘৰত ওলমাই বিদ্বেষমূলক বার্তা দিয়া বুলি অভিযোগ উঠিছে। কছ’ভ’ৰ সাংস্কৃতিক বিভাগৰ মন্ত্ৰী হজৰুল্লা ছেকুৱে সেই ফটো সামাজিক মাধ্যমত প্রকাশ কৰিছে।

ছাৰ্বিয়াৰ সাজঘৰত কছ’ভ’ৰ জাতীয় পতাকা উলমি থকাটো ফটোত স্পষ্টৰূপে দেখা গৈছে। তাত লিখা আছে, ‘আমি আত্মসমৰ্পণ নকৰো৷’ ফটোখন সামাজিক মাধ্যমত প্ৰকাশ কৰি মন্ত্ৰীজনে লিখিছে,‘ছাৰ্বিয়াৰ সাজঘৰত কছ’ভ’ৰ প্ৰতি বিদ্বেষ আৰু উচটনিমূলক বার্তা দিয়া হৈছে।

তেওঁলোকে ফিফা বিশ্বকাপক ব্যৱহাৰ কৰি এই কাম কৰিছে। এয়া লজ্জাজনক। আমি আশা ৰাখিছো, ফিফাই কঠোৰ পদক্ষেপ ল’ব। কাৰণ কছ’ভ’ ফুটবল ফেডাৰেছন ফিফা আৰু উৱেফাৰ সদস্য।’ উল্লেখ্য যে ২০০৮ত কছ’ভ’ৱে ছাৰ্বিয়াৰ পৰা স্বাধীনতা অর্জন কৰে। ২০১৬ত সৰু দেশখনে ফিফা আৰু উৱেফাৰ সদস্যপদ লাভ কৰে।

অৱশ্যে ইয়াৰ পাছতো দেশ দুখনৰ মাজৰ অশান্তি শাম কটা নাই।ইয়াৰে নিদৰ্শন দেখা গ’ল বিশ্বকাপত। এই ঘটনাক অৱশ্যে সাধাৰণভাৱে লোৱা নাই ফিফাই। ফুটবলৰ অভিভাৱক সংস্থাটোৱে জনাইছে, ‘ফিফাৰ শৃংখলাৰক্ষা কমিটিয়ে এই ঘটনাৰ তদন্ত কৰিছে। ফিফাৰ চাৰি নম্বৰ ধাৰা অনুযায়ী কোনো অপৰাধ প্রমাণিত হ’লে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। বিশ্বকাপে আনন্দ আৰু সাম্যৰ বার্তা দিয়ে। তাত এই ধৰণৰ বিদ্বেষৰ কোনো স্থান নাই।’

Exit mobile version