Kangana Ranaut Flim Shooting : চানডুবিত চলিছে কংগনা ৰণৌটৰ ‘ইমাৰজেন্সী’ৰ শ্বুটিং

kangana 1667301323520 1667301323706 1667301323706

Kangana Ranaut Flim Shooting :

বলিউড কুইন কংগনা ৰণৌটৰ আহিবলগীয়া ছবি বহু চৰ্চিত কথাছবি ‘ইমাৰজেন্সী’ৰ শ্বুটিং আজিৰ পৰা চলিছে প্ৰকৃতিৰ নৌৰ্সগিক দৃশ্যৰে ভৰপূৰ চানডুবিত ৷

বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী গৰাকীৰ নিজা প্ৰডাকচনৰ ছবিখনৰ দৃশ্যগ্ৰহণ ইয়াৰ পূৰ্বে ১৩ নৱেম্বৰৰ পৰা কাজিৰঙাৰ পাশ্বৰ্ৱতী অঞ্চল,বোকাখাত আৰু মহানগৰীৰ উপকন্ঠ চন্দ্ৰপুৰৰ পানীখাইটিত হৈছিল ৷

যোৱা পোন্ধৰ দিন ধৰি অভিনেত্ৰী গৰাকী বৃহৎ শ্বুটিং ইউনিট লৈ ব্যস্ত হৈ আছে ছবিখনৰ দৃশ্যগ্ৰহণ ৷ উল্লেখ্য যে দেশৰ প্ৰথম গৰাকী মহিলা প্ৰধানমন্ত্ৰী প্ৰয়াত ইন্দিৰা গান্ধীৰ ১৯৭৫-১৯৭৭ ৰ সময়ছোৱাত হোৱা জৰুৰীকালীন ব্যৱস্থাৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে ‘ইমাৰজেন্সী’ কথা ছবিখন ৷

ইন্দিৰা গান্ধীৰ চৰিত্ৰত অভিনয় কৰিছে স্বয়ং কংগনা ৰানাৱট ৷ একেদৰে কংকনাই ছবিখনৰ প্ৰযোজনা আৰু পৰিচালনা কৰিছে ৷

চানথুবিৰ শ্বুটি চাবলৈ সোঁত বৈছে দাতিঁকাষৰীয়া বহুলোকৰ৷ আনহাতে কালিৰা পৰা দৃশ্যগ্ৰহণ স্থলীত উপস্থিত হৈছে কংকনা দৃশ্যগ্ৰহণৰ বিশালটিমটি ৷ আনহাতে পুৰণ এম্বেছাদৰ সহ বহু পুৰণি গাড়ীৰ সমাহাৰ ঘটিছে শ্বুটিং স্থলী ৷

পুৱাৰে পৰা আৰক্ষীয়ে নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি শ্বুটিং স্থলীত কোনো বাহিৰা লোকক প্ৰৱেশ কৰিব দিয়া নাই ৷

তথাপিও বলিউদৰ জনপ্ৰিয় নায়িকা গৰাকীক এপলক স্বচক্ষে চাবলৈ চানডুবিৰ আশেপাশে বাহৰ পাতিছে অনুৰাগীসকলে মনকৰিবলগীয়া যে কংকনা কংগনা ৰণৌটে নৱেম্বৰৰ প্ৰথম সপ্তাহতে চানডুবি আৰু কাজিৰঙা পৰিদৰ্শন কৰি সৌজন্যামূলক সাক্ষাৎ কৰিছিল মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাক ৷

Exit mobile version