Lionel Messi : মেছিৰ বাবে পাঁচ সন্তানক লৈ গাড়ীৰে কাটাৰত উপস্থিত কোলাৰ মহিলা

1669517996 argentina fan kerala

Lionel Messi :

কোলাৰ বাসিন্দা ৩৩ বছৰীয়া নাজি নৌছি। পাঁচ সন্তানৰ মাতৃ তেওঁ। গোটেই পৰিয়ালটোৰ বিশেষত্ব হৈছে সকলো লিয়নেল মেছিৰ অন্ধ সমর্থক। এই ভালপোৱা ইমানেই তীব্র যে আর্জেণ্টিনাৰ মহাতাৰকাজনক নিজ চকুৰে চোৱাৰ বাবে আৰু প্ৰিয় তাৰকাৰ দলৰ হাতত বিশ্বকাপ উঠাটো চোৱাৰ দুৰ্বাৰ বাসনাতে কাটাৰত উপস্থিত হ’ল নৌছি আৰু তেওঁৰ পাঁচ সন্তান।

অৱশ্যে বিমানত নহয়, বৰঞ্চ নিজে গাড়ী চলাই তেওঁলোক মৰুদেশত উপস্থিত হৈছে। যোৱা ১৫ অক্টোবৰতে তেওঁলোকৰ এই যাত্ৰা আৰম্ভ হৈছিল। কাটাৰত উপস্থিত হোৱাৰ পাছত নৌছিহঁতৰ বিভিন্ন ফটো এই মুহূর্তত সামাজিক মাধ্যমত ভাইৰেল হৈছে। প্রথম মেচতে মেছিৰ দল ছৌদি আৰবৰ বিপক্ষে পৰাজিত হৈছিল যদিও এই অন্ধ সমৰ্থক পৰিয়ালটোৱে আশা এৰি দিয়া নাই।

মেক্সিকোৰ বিপক্ষে খেলা মেচতে তেওঁলোকৰ স্বপ্নৰ খেলুৱৈ মেছিয়ে গতি সলনি কৰিব বুলি আত্মবিশ্বাসী আছিল। তেওঁলোকৰ সেই বিশ্বাসৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিয়েই যেন যোৱা নিশা মেছিয়ে দললৈ কঢ়িয়াই আনিলে দুর্দান্ত জয়। উল্লেখ্য যে নিজৰ ছুভ গাড়ীখনেৰে নৌছিহঁতে প্রথমে কোলাৰ পৰা মুম্বাইত উপস্থিত হয়। তাৰ পৰা জাহাজেৰে তেওলোক ওমানৰ ৰাজধানী মাস্কাটলৈ যায়।

উল্লেখ্য যে নৌজিৰ গাড়ীখনেই হৈছে উপসাগৰীয় অঞ্চললৈ জাহাজত নিয়া সোঁফালে ষ্টিয়েৰিং থকা ভাৰতত পঞ্জীয়নকৃত প্রথমখন গাড়ী। মাস্কাটৰ পৰাই আৰম্ভ হয় পৰিয়ালটোৰ গাড়ী যাত্রা। ওমানৰ পৰা হাট্টা সীমান্ত অতিক্ৰম কৰি তেওঁলোক সংযুক্ত আৰব আমিৰশ্বাহিত উপস্থিত হয়।

মাজতে ডুবাইত বিশ্বৰ সৰ্বোচ্চ টাৱাৰ ‘বুৰ্জ খলিফা’ চোৱাৰ বাবে কিছু সময় ৰয়। নৌছিয়ে নিজৰ গাড়ীখনৰ নাম ৰাখিছে ‘ওলু’। গাড়ীৰ ভিতৰতে আছে এটা সৰু পাকঘৰ আৰু গাড়ীৰ স’তে সংযুক্ত কৰিব পৰা তম্বু। চাউল, আটা, মছলা আদি বিভিন্ন খাদ্যসামগ্রী তেওঁলোকে গাড়ীতে লৈ গৈছে।

ধন ৰাহি কৰাৰ বাবেই হোটেলত খোৱাৰ পৰিৱৰ্তে যথাসম্ভৱ নিজে ৰান্ধি খোৱাৰ চেষ্টা কৰা বুলি মহিলাগৰাকীয়ে সদৰী কৰে।

Exit mobile version