Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Opinion

Opinion : লাভ জেহাদ, শ্ৰদ্ধাৰ হত্যা আৰু…

প্ৰাঞ্জলসেন ডেকা

publisher by publisher
November 28, 2022
in Opinion
Reading Time: 1 min read
0
Opinion : লাভ জেহাদ, শ্ৰদ্ধাৰ হত্যা আৰু…
0
SHARES
4
VIEWS
ShareShareShareShare

Opinion :

চৌদিশৰ দৈনন্দিন ঘটনাৱলীলৈ চাই ধাৰণা হয় যেন সমাজখন কোনো জটিল ৰোগত গুৰুতৰভাৱে আক্ৰান্ত । প্ৰতিনিয়ত এটাৰ পাছত আনটো নেতিবাচক খবৰে জনমানসত জন্ম দিছে চৰম হতাশাৰ । কি যে এক শ্বাসৰুদ্ধকৰ পৰিৱেশ ! এনে ধাৰণাৰ নৃশংস, নোহোৱা-নোপোজা ঘটনা ঘটিবলৈ লৈছে যে এতিয়া আৰু কোনো কথাই অসম্ভৱ যেন নলগা হৈছে । যেন পৰৱৰ্তী ঘটনাটো এতিয়াৰটোতকৈ অৱধাৰিতভাৱেই অধিক ভয়াৱহ হ’ব ।

ADVERTISEMENT

এনে এক পৰিৱেশত অন্ন-বস্ত্ৰ-বাসস্থান যোগাৰৰ চিন্তাত অহৰহ ব্যস্ত হৈও অনিশ্চিত ভৱিষ্যতৰ দিশে অগ্ৰসৰ হোৱা সাধাৰণ ৰাইজে হা-হুমুনিয়াহ কঢ়াৰ বাহিৰে কৰিবই বা কি ! শেহতীয়া কেইটামান দিনত কে’বাটাও নৃশংস হত্যাকাণ্ডৰ খবৰে সমগ্ৰ দেশক জোঁকাৰি গৈছে । তাৰ ভিতৰত সবাতোকৈ চৰ্চিত আৰু শিহৰণকাৰী হৈছে শ্ৰদ্ধা ৱাকাৰৰ হত্যা । ২০১৮ত মুম্বাইত এটি কল চেণ্টাৰত কৰ্মৰত অৱস্থাত শ্ৰদ্ধা আৰু আফতাব পুনাৱালাৰ পৰিচয় ঘটিছিল ।

RelatedPosts

Delhi Murder : শ্রদ্ধা হত্যাত অভিযুক্ত আফতাবৰ ফাঁচীৰ দাবী শ্রদ্ধাৰ পিতৃৰ

Aftab Poonawala Murder Case: প্ৰেমিকাক ৩৫ টুকুৰা কৰা আফতাব এতিয়া মগ্ন সাহিত্যচৰ্চাত , জেলত বহি পঢ়িছে কিতাপ

Sharddha Walkar Murder Case : তিহাৰৰ চাৰি নম্বৰ কক্ষত আফতাব

পাছলৈ সিয়ে প্ৰেমৰ সম্পৰ্কৰ ৰূপ লয় । শ্ৰদ্ধাৰ পিতৃ বিকাশ মদন ৱাকাৰ আৰু পৰিয়ালৰ অন্যান্য সদস্যসকল এই সম্পৰ্কৰ তীব্ৰ বিৰোধী আছিল । কিয়নো তেওঁলোক হিন্দু হোৱাৰ বিপৰীতে আফতাব মুছলমান । নিজৰ ধৰ্ম অথবা জাতিৰ বাহিৰৰ লোকৰ স’তে ব্বৈাহিক সম্বন্ধ গঢ়ি তোলাৰ প্ৰশ্নই নুঠে বুলি ৱাকাৰে আৰক্ষীৰ আগত সদৰী কৰিছে । সেই সম্পৰ্কৰ পৰা ওলাই আহিবলৈ শ্ৰদ্ধাক পৰিয়ালে হেঁচা দিয়ে যদিও তেওঁ তালৈ সঁহাৰি নিদিয়াত তেওঁলোকৰ মাজত সম্পৰ্কৰ অৱনতি ঘটে ।

২০১৯ৰ পৰা শ্ৰদ্ধা আৰু আফতাবে পৰিয়ালৰ পৰা আঁতৰি একেলগে থাকিবলৈ (লিভ টুগেদাৰ) লয় । পৰৱৰ্তী সময়ত আফতাবে শ্ৰদ্ধাৰ ওপৰত শাৰীৰিক আৰু মানসিক আতিশয্য চলাবলৈ লয় বুলি সম্প্ৰতি পোহৰলৈ আহিছে । প্ৰেমিক যুগলৰ বন্ধুসকলে জনোৱা অনুসৰি দুয়োৰে মাজত সঘনে কাজিয়াৰ সূত্ৰপাত হৈছিল আৰু বিভিন্ন সময়ত আফতাবে শ্ৰদ্ধাক মাৰধৰ কৰাতে ক্ষান্ত নাথাকি হত্যাৰ ভাবুকিও দিছিল । তেনেদৰেই চলিত বছৰৰ ১৫ মে’ত মুম্বাই এৰি দুয়ো দিল্লীত থাকিবলৈ লয় ।

এই হত্যাকাণ্ডৰ তদন্তকাৰী আৰক্ষী বিষয়াই সদৰী কৰিছে যে শ্ৰদ্ধাই বিবাহৰ আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিবলৈ আফতাবৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ ধৰে । তেনেদৰেই ১৮ মে’ত প্ৰচণ্ড খঙত দিল্লীল ভাড়া ঘৰতে আফতাবে ডিঙি চেপি ২৭ বছৰীয়া শ্ৰদ্ধাক হত্যা কৰে । তাৰ পাছত আফতাবে এটি তিনিশ লিটাৰৰ ৰেফ্ৰিজাৰেটৰ কিনি আনে আৰু শ্ৰদ্ধাৰ মৃতদেহটো চোকা অস্ত্ৰৰে কাটি ৩৫ টুকুৰা কৰি তাত ভৰাই থয় । পৰৱৰ্তী প্ৰায় ২০ দিন ধৰি প্ৰতি নিশা দুই বজাত আফতাবে তেওঁৰ তিনি বছৰৰ অন্তৰংগ সংগীৰ দেহৰ বিভিন্ন অংগ পেকেটত ভৰাই মেহৰোলিৰ হাবিৰ লগতে ওচৰৰ পুখুৰীত পেলাই দিয়ে ।

উল্লেখ্যনীয় যে শ্ৰদ্ধাক হত্যা কৰিলেও তেওঁৰ ছ’চিয়েল মিডিয়াৰ একাউণ্টবোৰ ন জুন পৰ্যন্ত আফতাবে চলাই থাকে । অৱশ্যে হত্যাকাণ্ডৰ পাছত কে’বামাহ ধৰি শ্ৰদ্ধাৰ ম’বাইল ফোন বন্ধ থকাত তেওঁৰ পিতৃয়ে আগষ্টত সন্দেহবশতঃ মুম্বাইৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । তেতিয়া মুম্বাই আৰক্ষীয়ে যোগাযোগ কৰাত আফতাবে জনায় যে যোৱা মে’ত তেওঁৰ স’তে কাজিয়া কৰি শ্ৰদ্ধাই তেওঁক এৰি গুচি গৈছে আৰু তেতিয়া পৰা তেওঁৰ বিষয়ে একো নাজানে ।

যোৱা আঠ নৱেম্বৰত গোচৰটো দিল্লী আৰক্ষীলৈ হস্তান্তৰ কৰা হয় আৰু বিকাশ ৱাকাৰে মেহৰৌলি আৰক্ষী থানাত অপহৰণৰ সন্দেহত ভাৰতীয় দণ্ড বিধিৰ ৩৬৫ ধাৰাত পুনৰ এজাহাৰ দাখিল কৰে । ১০ নৱেম্বৰত আফতাবে শ্ৰদ্ধাক হত্যাৰ কথা স্বীকাৰ কৰাত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰি জিম্মাত লয় আৰু ভুক্তভোগীৰ মৃতদেহৰ অংগৰ সন্ধানত মেহৰৌলিৰ হাবিত ব্যাপক তালাচী অভিযান চলায় ।

ইতিমধ্যে আৰক্ষীয়ে কিছু সংখ্যক মানৱ দেহৰ হাড় উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু সেইবোৰ শ্ৰদ্ধাৰ হয় নে নহয় তাক নিশ্চিত কৰিবলৈ ডিএনএ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । দিল্লী আৰক্ষীয়ে হত্যাৰ অধিক তথ্য-প্ৰমাণ সংগ্ৰহৰ উদ্দেশ্যে মহাৰাষ্ট্ৰ, হিমাচল প্ৰদেশ আৰু হাৰিয়ানালৈও দল প্ৰেৰণ কৰিছে । অৱশ্যে এই পৰ্যন্ত শ্ৰদ্ধাৰ মূৰ আৰু তেওঁৰ মৃতদেহ টুকুৰা-টুকুৰ কৰিবলৈ ব্যৱহাৰ কৰা অস্ত্ৰৰ কোনো সন্ধান লাভ কৰা নাই আৰক্ষীয়ে ।

এই সময়ছোৱাত অভিযুক্ত আফতাবৰ কাৰ্যকলাপলৈ লক্ষ্য কৰি তেওঁ অতি চতুৰ আৰু শীতল মস্তিষ্কৰ অপৰাধী বুলি আৰক্ষী পতিয়ন গৈছে । এনে পৰিপ্ৰেক্ষিতত পৰৱৰ্তী পৰ্যায়ত অভিযুক্তক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ আদালতত এই অপৰাধ প্ৰমাণ কৰাটো কিমান দূৰ সম্ভৱ হয়, তাকে লৈ অভিজ্ঞ আৰক্ষী বিষয়াই সন্দেহ প্ৰকাশ কলাটো লক্ষ্যণীয় । অৱশ্যে যথেষ্ট পৰিমাণৰ পাৰিপাশ্বিৰ্ক প্ৰমাণ সংগ্ৰহ কৰিবলৈ আৰক্ষী সক্ষম হৈছে ।

ইতিমধ্যে আফতাবৰ এই ঘৃণনীয় অপৰাধক ‘লাভ জেহাদ’ আখ্যা দি এচামে অভিযুক্তজনক মৃত্যুদণ্ড বিহাৰ দাবী উত্থাপন কৰিছে । আফতাবৰ বিৰুদ্ধে ক্ষোভ ৰাজপথলৈও সম্প্ৰসাৰিত হৈছে । ক্ষুব্ধ বিভিন্ন সংগঠনে অভিযুক্তজনৰ কঠোৰ শাস্তিৰ দাবীত জুমুঠি দাহ কৰিছে । বিজেপিৰ বিধায়কৰ লগতে কে’বাটাও সংগঠনে এনে ধৰণৰ ‘লাভ জেহাদ’ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাৰ দাবী উত্থাপন কৰি আহিছে । হত্যাকাণ্ড পোহৰলৈ অহাৰ পাছতে শ্ৰদ্ধাৰ পিতৃ ৱাকাৰেও এই ঘটনাৰ আঁৰত ‘লাভ জেহাদ’ জড়িত থকাৰ সন্দেহ কৰি আফতাবৰ মৃত্যুদণ্ডৰ দাবী জনায় । ‘লাভ জেহাদ’ বুলি অভিযোগ উত্থাপিত হোৱা এইটোৱে প্ৰথম ঘটনা নহয় ।

একাংশ ইছলামধৰ্মী লোকে ভুৱা পৰিচয়ৰে হিন্দু যুৱতী-মহিলাক প্ৰেমৰ জালত বন্দী কৰি শাৰীৰিক সম্পৰ্ক স্থাপন কৰি বিয়া কৰাই বলপূবৰ্কভাৱে ধৰ্ম পৰিৱৰ্তন কৰে বুলি অভিযোগ উত্থাপিত হৈ আহিছে । অসমকে ধৰি কে’বাখনো ৰাজ্যত এনে ধৰণৰ বিভিন্ন ঘটনাৰ বিষয়ে সময়ে সময়ে সংবাদ মাধ্যমত প্ৰকাশ পাই আহিছে । বিশেষকৈ গাঁৱৰ পৰা চহৰলৈ ম’বাইল ফোন আৰু ছ’চিয়েল মিডিয়াৰ বহুল প্ৰসাৰ আৰু সহজলভ্যতাৰ পাছৰে পৰা এনে ধৰণৰ ঘটনা বৃদ্ধি পোৱা বুলিও অভিযোগ আছে ।

ঘাইকৈ আৰএছএছ-বিজেপি প্ৰমুখ্যে অন্যান্য হিন্দুত্ববাদী সংগঠনে দীৰ্ঘদিন ধৰি দেশত লাভ জেহাদে গুৰুতৰ ৰূপ ধাৰণ কৰিছে বুলি সৰৱ হৈ আহিছে আৰু চৰকাৰক এই ক্ষেত্ৰত কঠোৰ দৃষ্টিভংগী গ্ৰহণৰ দাবী জনাই আহিছে । অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই গুজৰাটৰ নিৰ্বাচনী প্ৰচাৰ সভাত আনকি কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৰে শক্তিশালী নেতাক যদি নিৰ্বাচন কৰা নহয়, তেন্তে দেশৰ প্ৰতিখন চহৰতে নিজৰ অন্তৰংগ সংগীক নৃশংসভাৱে হত্যা কৰা লাভ জেহাদৰ অপৰাধী আফতাবে জন্ম ল’ব । একাধিক কেন্দ্ৰীয় মন্ত্ৰীও লাভ জেহাদৰ বিৰুদ্ধে সৰব হৈ উঠা পৰিলক্ষিত হৈছে ।

অৱশ্যে বিজেপি বিৰোধী দলসমূহে তেনে ভাষ্য মানি নলয় । ধৰ্মীয় মেৰুকৰণৰ জৰিয়তে ভোট আদায়ৰ উদ্দেশ্যেই বিজেপি-আৰএছএছ তথা সহযোগী দল-সংগঠনসমূহে এনে ধৰণৰ এক প্ৰচাৰ চলাই আহিছে বুলি বিৰোধীসকল সৰৱ হৈ আহিছে ।

দেশত আন্তঃধৰ্ম বিবাহ নতুন নহয় যদিও বিগত কেইবছৰমানৰ পৰা লাভ জেহাদৰ দৰে শব্দৰ ব্যাপক ব্যৱহাৰ হ’বলৈ লৈছে । দেশত বৰ্ণবাদ আৰু অস্পৃশ্যতাৰ বিপজ্জনক প্ৰৱণতা হ্ৰাস কৰাৰ লক্ষ্যৰে স্বাধীনোত্তৰ ভাৰতৰ কে’বাখনো চৰকাৰে পৃথক জাতি-বৰ্ণৰ মাজত বিয়া-বাৰুক উৎসাহিত কৰিছিল । আনকি পুৰস্কাৰ আদিও ঘোষণা কৰিছিল তথাকথিত উচ্চ আৰু নীচ অথবা ভিন্ন ধৰ্মৰ মাজত দূৰত্ব হ্ৰাসৰ ক্ষেত্ৰত এনে পদক্ষেপে কিছু হ’লেও সফলতা লাভ কৰিছিল । তেনেদৰেই দেশত ভিন্ন ধৰ্মৰ মাজতো বিয়া-বাৰুল প্ৰচলন হ’বলৈ ধৰে । প্ৰথম অৱস্থাত কিছু অস্বস্তি থাকিলেও পাছলৈ সমাজেও তেনে বিয়া-বাৰুক মানি ল’বলৈ ধৰে ।

বলিউদ আৰু ক্ৰীড়াকে ধৰি বিভিন্ন ক্ষেত্ৰৰ একাংশ বিখ্যাত ব্যক্তিয়েও আন্তঃধৰ্ম বিবা কৰোৱাত ই লাহে লাহে জনপ্ৰিয় হৈ পৰে । কোনো কোনো ৰাজ্যত অৱশ্যে ভুৱা পৰিচয়ৰে বৈবাহিক সম্বন্ধ স্থাপনৰ ঘটনা বৃদ্ধি পোৱাত ইয়াৰ আঁৰত পৰিকল্পিত ষড়যন্ত্ৰ জড়িত থকা বুলি অভিযোগ উত্থাপন হোৱাৰ পাছতে ই ‘লাভ জেহাদ’ আখ্যা পায় । বিগত কিছু সময়ছোৱাত এনে লাভ জেহাদৰ সন্দেহত বিভিন্ন প্ৰান্তত উত্তেজনাৰো সৃষ্টি হৈছে । চৰম দুৰ্ভাগ্যজনকভাৱে এনেবোৰ ঘটনাত সকলো দিশৰ পৰাই লাঞ্ছনাৰ বলি হ’বলগীয়া হৈছে যুৱতীসকল ।

লক্ষ্যণীয়ভাৱে ২০১৪ত কেন্দ্ৰত ক্ষমতাধিষ্ঠিত হোৱাৰ সময়ৰ পৰা প্ৰধানমন্ত্ৰী মোদীয়ে নাৰী সবলীকৰণত গুৰুত্ব আৰোপ কৰি আহিছে আৰু সকলো ধৰণৰ অত্যাচাৰ-আতিশয্যৰ পৰা নাৰীক সুৰক্ষা প্ৰদানৰ প্ৰতিশ্ৰুতিও দোহাৰি আহিছে । মোদীয়েই ‘বেটী বচাও বেটী পঢ়াও’ৰ দৰে আমাৰ কন্যা সন্তানৰ বাবে অভিলাষী আঁচনি ৰূপায়ণ কৰিছে । তৎসত্ত্বেও সুৰক্ষা দূৰ অস্ত, দিনে দিনে মহিলাৰ বিৰুদ্ধে হিংসা-অপৰাধ বৃদ্ধিহে পাইছে । কেন্দ্ৰীয় চৰকাৰৰ নিয়ন্ত্ৰণত আইন-শৃংখলা থকা দেশ] ৰাজধানী দিল্লীতে মহিলাৰ বিৰুদ্ধে অপৰাধৰ ভয়াবহতা বৃদ্ধি পাইছে ।

অসমেও এনে দুৰ্ভাগ্যজনক ঘটনাত দেশৰ ভিতৰতে শীৰ্ষত স্থান লাভ কৰিছে । গতিকে বিজেপিৰ শীৰ্ষ নেতাসকলে লাভ জেহাদৰ বিৰুদ্ধে বিষোদগাৰ কৰি থকাৰ সময়ত এই প্ৰশ্ন উত্থাপন হোৱাটোও স্বাভাৱিক যে কেন্দ্ৰত মোদীৰ দৰে শক্তিশালী নেতাৰ নেতৃত্বত চৰকাৰে দুটাকৈ কাৰ্যকাল পূৰ্ণ কৰিবলৈ ওলোৱা আৰু অধিকাংশ ৰাজ্যতে বিজেপি চৰকাৰে একাধিক কাৰ্যকাল পূৰ্ণ কৰাৰ সময়তো ইয়াক প্ৰতিৰোধ কৰিব নোৱাৰাটো কাৰ ব্যৰ্থতা ?

পৰিতাপৰ বিষয় যে এনে ধৰণৰ যৌন আতিশয্য অথবা হত্যাৰ ঘটনাত ভুক্তভোগী নাৰীকেই সমাজে দোষাৰোপ কৰাটোও এই দেশত নতুন কথা নহয় । এনেবোৰ ঘটনাৰ সুযোগ লৈয়ে কেতবোৰ পিতৃতান্ত্ৰিক সমাজত কন্যা সন্তানৰ স্বাধীনতা খৰ্ব কৰাৰ চেষ্টা চলিলেও আচৰিত হ’বলগীয়া একো নাই । কিন্তু এই কথা পাহৰিলে নচলিব যে দেশত আত্মীয়ৰ দ্বাৰাই বৃহৎ সংখ্যক নাৰী লাঞ্ছিত তথা আতিশয্যৰ বলি হয় ।

এনচিআৰবিৰ তথ্য অনুসৰি, ২০২১ত দেশত নাৰীৰ বিৰুদ্ধে অপৰাধ-হিংসাৰ গোচৰ ৰুজু হৈছিল ৪,২৮,২৭৮টা আৰু তাৰে ১,৩৬,১৯২টা গোচৰেই আছিল স্বামী অথবা তেওঁৰ আত্মীয়ৰ দ্বাৰা হিংসাৰ । তদুপৰি সেই একে বছৰতে যৌতুকৰ কাৰণত ৬,৫৮৯টা মৃত্যুৰ ঘটনা সংঘটিত হৈছে । কোৱা বাহুল্য যে এনেবোৰ ঘটনাত পৰিয়ালৰ সদস্যই জড়িত ।

গতিকে এই সময়ত জৰুৰী হৈছে অন্তৰংগ সংগীৰ দ্বাৰা আতিশয্যৰ বলি হ’লে সেইসকল নাৰীয়ে কিদৰে নিজকে ৰক্ষা কৰিব পাৰে তাৰ উপায় উলিওৱাটোহে । এনে ধৰণৰ ঘটনাৰ পৰা নিজকে সুৰক্ষিত ৰাখি আত্মবিশ্বাসেৰে যাতে জীৱন যাত্ৰা আগবঢ়াই নিব পাৰে তাৰ বাবে পৰিয়াল, সামাজিক অনুষ্ঠান আৰু চৰকাৰৰ তৰফৰ পৰাও উপযুক্ত ব্যৱস্থা গঢ়ি তোলাৰ প্ৰয়োজন আছে ।

তদুপৰি লাভ জেহাদৰ শ্ল’গান তুলি সৰৱ হোৱাসকলেও ইয়াক প্ৰতিৰোধৰ ব্যৱস্থা এটা সৃষ্টিতহে সৰ্বাধিক গুৰুত্ব আৰোপ কৰাৰ প্ৰয়োজন । পৰিয়ালসমূহেও নিজৰ সন্তানক কন্যাই হওক অথবা পুত্ৰই হওক– এনে ধৰণৰ বিষয়ত সজাগ কৰি তোলাৰ প্ৰয়োজন আছে । ঘৰখনেই যদি প্ৰথম বিদ্যালয়, তেন্তে নিজৰ সন্তানক এনেবোৰ বিষয়ত শিক্ষিত কৰি তোলাৰ প্ৰচেষ্টা হাতত ল’ব লাগিব ।

ইয়াতেই প্ৰশ্নৰ উদ্ৰেক হয় যে আমাৰ সামাজিক তথা পাৰিবাৰিক বান্ধোন ইমানেই শিথিল হৈ পৰিছে নেকি যে অচিনাকি নম্বৰৰ পৰা অহা ফোন কল অথবা ছ’চিয়েল মিডিয়াত সংযুক্ত হৈয়ে একোগৰাকী যুৱতী আৰু বহু সময়ত বিবাহিতা মহিলাও অচিনাকি পুৰুষৰ কাষ পায়গৈ । আমি আমাৰ সন্তানক যদি সেইখিনি শিক্ষাৰেও সচেতন কৰি তুলিব পৰা নাই, তেন্তে তাৰ বাবে দায়ী অভিভাৱক আৰু তথাকথিত সমাজৰ মুৰব্বীসকলেই নহ’বনে ?

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Aftab Amin PoonawallaShraddha Walkarপ্ৰাঞ্জলসেন ডেকা
publisher

publisher

Related Posts

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?
Opinion

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?

April 24, 2023
Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!
Opinion

Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!

April 19, 2023
Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?
Opinion

Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?

March 27, 2023
Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?
Opinion

Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?

March 20, 2023
Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা
Opinion

Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা

March 14, 2023
Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম
Opinion

Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম

March 13, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d