Plane Crash : বৈদ্যুতিক তাঁৰৰ ওপৰত ভাঙি পৰিল বিমান ! অন্ধকাৰত ডুবিল চহৰৰ বৃহৎ অংশ

tl67la3g us plane

Plane Crash :

বৈদ্যুতিক তাঁৰৰ ওপৰত ভাঙি পৰিল বিমান ! দেওবাৰে নিশা আমেৰিকাৰ মন্টগোমাৰীত এখন সৰু আকাৰৰ বিমান বৈদ্যুতিক তাঁৰত খুন্দা মাৰে। ঘটনাটোত কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই, যদিও কিন্তু সমগ্ৰ অঞ্চলটোতে বিদ্যুৎ যোগান বন্ধ কৰি দিয়া হয় ।

আমেৰিকাৰ দৈনিক ৱাশ্বিংটন পোষ্টে স্থানীয় প্ৰশাসনৰ উদ্ধৃতি দি কয় যে দুৰ্ঘটনাটোৰ ফলত প্ৰায় ৯০ হেজাৰ ঘৰ বিদ্যুৎহীন হৈ পৰে। মন্টগোমাৰীৰ প্ৰায় এক-তৃতীয়াংশ অঞ্চল অন্ধকাৰত ডুব গৈছে।

অৱশ্যে, দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। স্থানীয় প্ৰশাসনে বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি , বিমানখন প্ৰায় ১০ মহলা উচ্চতাৰ পৰা দুৰ্ঘটনাগ্ৰস্ত হৈছে ।

বিমানখন যি ঠাইৰ মাজেৰে পাৰ হৈ যায় সেই ঠাইত প্ৰচণ্ড বৰষুণ হৈ হৈছিল । এই দুৰ্ঘটনাটোৰ স’তে বৰষুণৰ কোনো সম্পৰ্ক আছে নেকি সেইয়া অনুসন্ধান কৰা হৈছে ।

ঘটনাটোৰ সত্যতা স্বীকাৰ কৰি মন্টগোমাৰী আৰক্ষীয়ে টুইট কৰে । বিদ্যুৎ সংযোগ সঠিক নোহোৱালৈকে প্ৰভাৱিত এলেকাবোৰ যিমান সম্ভৱ পৰিহাৰ কৰিবলৈ অনুৰোধ কৰা হৈছে।

Exit mobile version