School : চৰকাৰী উদযাপন দিনৰ ভৰত ৰাজ্যৰ শিক্ষাখণ্ডত অচলৱস্থা

আঠমাহত মাথোঁ ৪০ দিনহে পাঠদান

Assam Govt to announce first phase of school college provincialisation on August 20

School :

চৰকাৰী উদ্যাপনৰ সংখ্যাধিক্যৰ বাবে ৰাজ্যৰ প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাখণ্ডত কাৰ্যতঃ স্তব্ধ হৈ পৰিছে শৈক্ষিক পৰিৱেশ।আশ্চৰ্যকৰ হ’লেও এয়াই সত্য যে যোৱা পহিলা এপ্ৰিলৰ পৰা পাঠদান আৰম্ভ হোৱা ৰাজ্যৰ চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহত বিগত আঠমাহত ৪০ দিনো হোৱা নাই পাঠ্যক্ৰমৰ পাঠদান।

প্ৰায় প্ৰতিটো দিনতে বিভিন্ন চৰকাৰী উদযাপনৰ অজুহাতত হয়তো ছাত্ৰ-ছাত্ৰী অন্যথাশিক্ষকসকলক চৰকাৰী নিৰ্দেশনাৰে ব্যস্ত কৰি ৰখা হৈছে। ‘আজাদী কা অমৃত মহোৎসৱ’ৰ পৰা আৰম্ভ কৰি শেহতীয়াকৈ লাচিত দিৱসলৈকে সর্বত্র নতুন নতুন উদযাপন দিন অন্তৰ্ভুক্তিৰে কোঙা কৰি তোলা হৈছে চৰকাৰী বিদ্যালয়সমূহক।

এক কথাত উদযাপনৰ ভৰত ৰাজ্যৰ শিক্ষা খণ্ডত আৰম্ভ হৈছে অচলাবস্থা। এছচিইআৰটিৰ শৈক্ষিক দিনপঞ্জী মতে, যোৱা পহিলা এপ্ৰিলৰ পৰা আজিলৈকে মুঠ শ্রেণী দিন আছিল ১৪০ দিন। এই নির্দিষ্ট শ্রেণী দিনৰ ভিতৰত আকৌ এছচিইআটিয়ে ২৩ দিন উদযাপনৰ বাবে ধার্য কৰি দিছিল।

নির্দিষ্ট এই উদযাপন দিনকেইটাৰ উপৰি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে বিগত আঠটা মাহত অতিৰিক্তভাৱে চৰকাৰী বিদ্যালয়সমূহত জাপি দিছিল বিভিন্ন ধৰণৰ দিৱস উদ্‌যাপনৰ নতুন নতুন নির্দেশনা। পৰিণতিত প্ৰাথমিক আৰু মাধ্যমিক স্তৰৰ বিদ্যালয়সমূহত এতিয়ালৈকে ছাত্ৰ-ছাত্ৰীক মূল পাঠ্যক্রম পঢ়ুৱাবই পৰা নাই বুলি প্ৰকাশ কৰিছে শিক্ষক সমাজে।

উল্লেখ্য যে চলিত শিক্ষাবর্ষৰ আৰম্ভণিতে আয়োজিত গুণোৎসৱ আৰু বানপানীৰ বাবে জুনৰ মাজভাগলৈ বিদ্যালয়সমূহত নির্বাচিত পাঠ্যক্ৰম ভিত্তিত পাঠদান কৰিব পৰা নাছিল। ৰাজ্যৰ বিভিন্ন স্থানত বিদ্যালয়সমূহ বানত ডুবি থকাৰ বাবেও বিঘ্নিত হৈছিল পাঠদান। আকৌ তিনিটা পৰ্যায়ত অনুষ্ঠিত হোৱা গুণোৎসৱৰ বাবেও প্ৰস্তুতি আৰু প্ৰশিক্ষণ আদিসহ মুঠতে সাতদিন পাঠদান সম্পূৰ্ণৰূপে বন্ধ আছিল।

উল্লেখ্য যে এছচিইআৰটিৰ শৈক্ষিক দিনপঞ্জীত উল্লেখ নাছিল গুণোৎসৱ বা আজাদী কা অমৃত মহোৎসৱৰ দৰে কাৰ্যসূচী দীঘলীয়াকৈ পালন কৰাৰ নিৰ্দেশনা। অতিৰিক্তভাৱে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে এনেবোৰ উদ্‌যাপন দিন সংযোজনেৰে চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানসমূহৰ অধোগতিত অৰিহণা যোগাইছিল।

উল্লেখ্য যে গুণোৎসৱৰ উপৰি শক্তি সঞ্চয়ৰ ৰাষ্ট্ৰীয় সজাগতা দিৱস, স্বচ্ছ পষেকৰ দিন ভিত্তিত নিৰ্ধাৰিত কাৰ্যসূচী, ঘৰে ঘৰে জাতীয় পতাকা উত্তোলন, পোষণ মাহৰ বাবে নিৰ্ধাৰিত কাৰ্যসূচী আৰু শেহতীয়াকৈ লাচিত বৰফুকনৰ চাৰিশ সংখ্যক জয়ন্তী উদযাপনৰ বাবে ৰচনা লিখা বা অন্যান্য কার্যসূচীসমূহকে ধৰি উদ্‌যাপন কৰা দিনৰ সংখ্যা ইতিমধ্যে ৫০ৰ ঘৰ অতিক্ৰম কৰিছে।

শৈক্ষিক দিনপঞ্জীত অন্তর্ভুক্ত নির্দিষ্ট উদযাপন দিন আৰু ইয়াৰ অতিৰিক্তভাৱে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে নতুনকৈ গ্ৰহণ কৰা সিদ্ধান্ত সূত্রে বিগত আঠটা মাহতচৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে শ্রেণী কোঠাত পাঠগ্রহণ বাদ দি প্রায় ৭৫টা দিন কেৱল বিভিন্ন দিৱস উদ্যাপনতে ব্যস্ত থাকিবলগীয়া হয়।

ছাত্র-ছাত্রীসকলক বিভিন্ন দিৱস উদ্যাপন কৰাত অধিকাংশ সময় ব্যস্ত কৰি ৰখাৰ বিপৰীতে শিক্ষকসকলৰ ওপৰতো চৰকাৰীভাৱে পাঠদানতকৈ অধিক হাৰত আন কামৰ বোজা জাপি দিয়া পৰিলক্ষিত হৈছে।

চৰকাৰী নির্দেশনা অনুসৰি, এফএলএন, গুৰুশালা আৰু অন্যান্য অনলাইন প্রশিক্ষণ, বন্ধু বিদ্যালয়ত পাঠদান, বেংকৰ লেন-দেনৰ প্ৰশিক্ষণ, ইউডাইছত তথ্য আপলোড কৰাৰ প্ৰশিক্ষণ, বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰশিক্ষণ, গুণোৎসৱৰ ফলাফল, মূল্যায়নৰ পর্যালোচনা আদি বিভিন্ন সভা-সমিতিৰ বাবেও চলিত শিক্ষা বৰ্ষত মূল পাঠ্যক্ৰমৰ পাঠদান প্ৰকৃততে দিনপঞ্জী অনুসৰি আগবঢ়া নাই।

এই প্রসংগত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি অখিল চন্দ্ৰ নাথ আৰু প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে আজি অভিযোগ কৰে যে শিক্ষকসকলে বিভিন্ন উৎসৱ উদ্‌যাপনৰ সমান্তৰালকৈ অনলাইনযোগে বিভিন্ন তথ্য আপলোড কৰাৰ কামত ঘণ্টাৰ পাছত ঘণ্টা ব্যস্ত হৈ থাকিবলগীয়া হোৱাৰ বাবেও পাঠদান প্রক্রিয়া ব্যাহত হৈছে।

সন্মিলনীৰ সভাপতি-সম্পাদকে এই কথাও জনায় যে বিদ্যালয়সমূহত বিহু, পূজা, ঈদ আদি উৎসৱৰ বন্ধৰ দুদিন পূৰ্বৰে পৰা বন্ধ খোলাৰ দুদিন পাছলৈকে বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰীৰ আগমনৰ সংখ্যা হ্রাস পোৱাৰ বাবেও শৈক্ষিক পাঠ্যক্রম আগবঢ়াই নিয়াত বাধাৰ সৃষ্টি হয়।

সংগঠনটোৰ নেতৃত্বই এই অভিযোগো কৰে যে এনেবোৰ কাম-কাজৰ উপৰি চৰকাৰে শিক্ষকসকলক আন বিভিন্ন কাম-কাজতো নিয়োজিত কৰে। জিলা ভিত্তিত অনুষ্ঠিত জিলা দিৱস উদ্‌যাপন বা আন তেনে কাৰ্যসূচীৰ কাম-কাজতো শিক্ষকসকলকে বিভিন্ন দায়িত্ব জাপি দিয়া হয়। এনে পৰিস্থিতিত শিক্ষাৰ্থীয়ে প্রকৃত শিক্ষা লাভৰ পৰিৱেশ নোহোৱা হৈ পৰিছে বুলি সংগঠনটোৱে অভিযোগ কৰে।

প্ৰাথমিক শিক্ষাখণ্ডই সন্মুখীন হোৱা এই প্ৰত্যাহ্বানৰ পৰা শিশু ছাত্র-ছাত্রীসকলক মুক্তি দি নিৰ্ধাৰিত শৈক্ষিক দিনপঞ্জী অনুসৰি পাঠ্যক্ৰমৰ আধাৰত পাঠদানৰ সুযোগ প্ৰদানৰ বাবে অসম ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনীয়ে যোৱা ২৫ নৱেম্বৰত শিক্ষামন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে।সন্মিলনীয়ে শিক্ষামন্ত্রীক অনুৰোধ জনাইছে যাতে নির্বাচিত পাঠ্যক্ৰমৰ ভিত্তিত তেওঁলোকক পাঠদান কৰাৰ সুযোগ দিয়া হয়। স্মাৰকপত্ৰখনত শিক্ষক সন্মিলনীৰ সভাপতি নাথ আৰু প্ৰধান সম্পাদক গোস্বামীয়ে শিক্ষামন্ত্রীক এইবুলি অনুৰোধ জনাইছে এইদৰে— ‘শিক্ষাদান প্ৰক্ৰিয়াৰ দুটা স্তৰ আছে, এটা পঢ়িবলৈ শিক্ষা আৰু আনটো শিকাৰ কাৰণে পঢ়া।

পঢ়িবলৈ শিকিব লোৱা শিকাৰুসকলক পাঠভিত্তিক্ৰম ৰক্ষা কৰি আগুৱাই নিয়াৰ স্বাৰ্থত উৎসৱৰ পাছে পাছে আয়োজিত বিভিন্ন উদ্যাপনকেন্দ্ৰিক কামৰ পৰা প্ৰাথমিক বিদ্যালয়সমূহক ৰেহাই দি পাঠ্যক্ৰমৰ আধাৰত পাঠদানৰ সুযোগ প্ৰদানৰ চিন্তা কৰাৰ বাবে আবেদন জনালো।’ উল্লেখ্য যে প্রাথমিক শিক্ষাখণ্ডৰ উপৰি মাধ্যমিক স্তৰতো সৃষ্টি হৈছে অনুৰূপ পৰিস্থিতিৰ। স্বাভাৱিকতে উদ্‌যাপনৰ দিন বৃদ্ধিয়ে ৰাজ্যৰ শৈক্ষিক ক্ষেত্ৰলৈ কঢ়িয়াই আনিছে চূড়ান্ত প্রত্যাহ্বান।

Exit mobile version