Ajitdas : এডিডাছৰ আছে ভ্ৰাতৃ , সামাজিক মাধ্যমত ভাইৰেল হ’ল ‘ অজিতদাস ‘

1437932 ajitdas

Ajitdas :

বিলাসী জীৱনপ্রিয় ব্যক্তিয়ে সাধাৰণতে নানা ধৰণৰ ‘ব্ৰেণ্ড’ পছন্দ কৰে। এনে ব্যক্তিয়ে সাজ-পোছাকৰ পৰা আৰম্ভ কৰি সকলো সামগ্রী প্রতিষ্ঠিত ব্ৰেণ্ডৰ ক্ৰয় কৰে। কিন্তু ‘ব্ৰেণ্ডেড’ সামগ্রী ক্ৰয় কৰাটো সকলোৰে বাবে সম্ভৱ নহয় ৷

এনে ব্যক্তিৰ বাবে ব্ৰেণ্ডেড সামগ্ৰীৰ বিকল্প হৈছে নকল সামগ্রী। বজাৰত প্ৰায়বোৰ প্রতিষ্ঠিত ব্ৰেণ্ডৰে নকল সামগ্ৰী পোৱা যায়।

অনুলিপিকাৰী কোম্পানীয়ে এনে কিছুমান সামগ্ৰী তৈয়াৰ কৰে যিসমূহ প্ৰকৃত ব্ৰেণ্ডৰ স’তে দেখাত হুবহু হয়৷ ভাৰতৰ বিখ্যাত উদ্যোগপতি আনন্দ মাহিন্দ্ৰাই টুইটাৰত এনে এক প্রতিষ্ঠিত ব্ৰেণ্ডৰ নকল সামগ্ৰীৰ ছবি আপলোড কৰি সৰস মন্তব্য কৰিলে।

মাহিন্দ্ৰা গ্ৰুপৰ অধ্যক্ষ আনন্দ মাহিন্দ্ৰাই টুইটাৰত আপলোড কৰা ছবিত এপাত বগা জোতা প্রত্যক্ষ হৈছে আৰু প্রথম দৃষ্টিত যিকোনো লোকে সেই পাত এডিডাছৰ জোতা বুলি ধাৰণা কৰিব।

আনকি সেই জোতাত আছে এডিডাছৰ সেই চিৰ পৰিচিত ল’গ’ আৰু তিনি ষ্ট্রাইপৰ ট্রেডমার্ক। দূৰৰ পৰা চালে এডিডাছৰ জোতা বুলিয়ে সকলোৰে ধাৰণা হ’ব। কিন্তু ওচৰৰ পৰা জোতাৰ ল’গ’ চালে দেখা পাব যে এডিডাছ নহয়, ল’গ’ত লিখা আছে ‘অজিতদাস’ বুলিহে।

বিষয়টো সামাজিক মাধ্যমৰ জৰিয়তে আলোচ্য কৰি তুলিলে উদ্যোগপতি মাহিন্দ্ৰাই। টুইট কৰি এই বিষয়ত হাস্যকৰ সৃষ্টি কৰিলে মাহিন্দ্ৰাই।

তীক্ষ্ণভাৱে দৃষ্টি নিক্ষেপ কৰিলে দেখা যাব যে জোতাৰ ল’গ’ত ‘এডিডাছ’ৰ পৰিৱৰ্তে লিখা আছে ‘অজিতদাস’।

উদ্যোগপতি মাহিন্দ্ৰাই টুইটত এইখন ছবি সংলগ্ন কৰি এইদৰে লিখিলে ‘এই নামটো সম্পূর্ণ যৌক্তিক। ইয়াৰ সহজ অর্থ হ’ল এডিৰ অজিত নামৰ এজন ভ্রাতৃ আছে। সমগ্র পৃথিৱীখনে কি এক পৰিয়াল?’ এই প’ষ্ট সম্প্ৰতি টুইটাৰৰ লগতে অন্যান্য সামাজিক মাধ্যমতো যথেষ্ট ভাইৰেল হৈছে।

এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে লিখিছে’ এডি মানে প্ৰথম আৰু অজিত মানে অজেয়। কিছু সম্পৰ্কীয় যেন লাগে। ‘এডিডাছ আৰু অজিত দাস অৱশ্যেই সম্পৰ্কীয় ভাই হ’ব পাৰে।

আন এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে হাস্যৰস সৃষ্টিৰে এইদৰে মন্তব্য কৰিলে, ‘সম্ভৱতঃ কুম্ভ মেলাত কৰবাত হেৰাই গৈছিল এডিডাছৰ ভ্ৰাতৃ অজিতদাস।

এইদৰে এডিডাছৰ এই নকল ভাৰতীয় সংস্কৰণৰ সন্দৰ্ভত ভিন্ন মন্তব্য প্রকাশ কৰিছে টুইটাৰসহ অন্যান্য সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে ৷

Exit mobile version