Child Health : ছমহীয়া শিশুৰ খাদ্য তালিকা কেনে হোৱা উচিত ? জনিবলৈ পঢ়ক –

BabyFood 1155235287 770x533 1

Child Health :

জন্মৰ পৰা ছয় মাহ পৰ্যন্ত এটি শিশুয়ে মাতৃৰ দুগ্ধ পান কৰে । কিন্তু মাতৃ দুগ্ধ এৰাৰ পিছত শিশুটিৰ খাদ্য তালিকা সলনি হয় । অৰ্থাৎ ছয় মাহৰ পিছৰ পৰা শিশুটিৰ খাদ্য তালিকা কেনে হোৱা উচিত ?

পুষ্টিবিদৰ পৰামৰ্শ অনুসৰি এটি ছয় মহীয়া শিশুক প্ৰথম অৱস্থাত বিভিন্ন ফলৰ ৰস , যেনে-ডালিমৰ ৰস , কমলাৰ ৰস আদি দিব লাগে ।

সমান্তৰালকৈ শিশুটিক ভাত-দালি একেলগে পাতল আৰু কোমলকৈ ৰান্ধি খোৱাৰ লগতে সময় সাপেক্ষে কুকুৰা মাংসৰ জোল , মাছৰ জোল , কণীৰ বগা অংশ খাবলৈ দিব লাগে ।

অৱশ্যে কণীৰ কুহুমটো প্ৰথম অৱস্থাত দিব নেলাগে । কণীৰ বগা অংশৰ লগত অভ্যস্ত হোৱাৰ পিছতহে কণীৰ ৰঙা অংশ দিয়াৰ অভ্যাস কৰিব লাগে ।

কিন্তু কুহুম খোৱাৰ পিছত অভিভাৱকে এইকথা ধ্যান দিব লাগে যে , শিশুটিৰ পেটৰ কোনো সমস্যা হৈছে নেকি ! যদি শিশুটিয়ে কণীৰ ৰঙা অংশটো হজম কৰিব পাৰিছে , তেন্তে দৈনিক খাদ্য তালিকাত কণী সংযোগ কৰিব পাৰিব ।

ক্ৰমে পাৰিবাৰিক খাদ্যৰ লগত শিশুটিক অভ্যস্ত কৰিবলৈ অলপ-অলপকৈ ডাঙৰে খোৱা খাদ্যও খাৱলৈ দিব লাগে । এই অভ্যাসে সোনকালে শিশুটিক ঘৰখনৰ খাদ্যভ্যাসৰ লগত অভ্যস্ত কৰি তুলিব ।

ইয়াৰোপৰি সমান্তৰালকৈ শিশুটিক চাউলৰ গুড়ি , চুজি আদিৰ জলপান দিব লাগে । শিশু বিশেষজ্ঞৰ মতে , চাউলৰ গুড়ি বা চুজি শিশুৰ কাৰণে অতিকৈ উপকাৰী খাদ্য ।

কিছু কিছু শিশুয়ে মিঠা খাই খুব ভাল পায় । তেনে শিশুক যিকোনো জলপানৰ লগত চেনী সংযোগ কৰিব পাৰে । তেনে কৰিলে শিশুটিয়ে খাদ্যৰ জুতি পোৱাত সহজ হ’ব ।

এই সময়ছোৱাতে শিশুক গাখীৰ খোৱাবলৈ আৰম্ভ কৰিব লাগে । কিন্তু গাখীৰৰ লগত প্ৰথম অৱস্থাত সম পৰিমাণৰ পানী মিহলি কৰিব লাগে ।

অৱশ্যে শিশুক জলপান আদিৰ লগতো গাখীৰ মিহলি কৰি দিব পাৰে। সমান্তৰালকৈ ৰুটিৰ লগতো গাখীৰ ঢালি শিশুক খাবলৈ দিব লাগে ।

এটি শিশুৰ শাৰীৰিক , মানসিক বিকাশৰ বাবে সুষম খাদ্য খুবেই জৰুৰী । গতিকে সকলো সময়তে পৰিয়ালৰ লোকসকলে বজাৰত উপলব্ধ হোৱা বিভিন্ন ধৰণৰ ফাষ্ট ফুড জাতীয় খাদ্যভ্যাস শিশুক গঢ়ি তুলিবলৈ চেষ্টা কৰিব নেলাগে ।

বৰঞ্চ থলুৱা খাদ্যৰ সোৱাদ তথা পুষ্টিৰ কথা ধ্যান ৰাখি সদায় ঘৰুৱা খাদ্যৰে শিশুটিৰ খাদ্যভ্যাস গঢ়ি তুলিব লাগে ।

Exit mobile version