Covid 19 : কৰ’নাত চাকৰি হেৰুৱালে ২.৮০ লাখ শিক্ষকে, বন্ধ ২০ হেজাৰ বিদ্যালয়

960x0 2

Covid 19 :

কৰ’না মহামাৰীয়ে ভাৰতৰ শিক্ষা খণ্ডৰো বহু ক্ষতিসাধন কৰিলে। এই অতিমাৰীৰ ফলত কেৱল দেশজুৰি বৃহৎ সংখ্যক শিক্ষক কর্মহীন হোৱাই নহয়, লগতে বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ সংখ্যাও যথেষ্ট হ্ৰাস কৰিলে।

ইউনিফাইড ডিষ্ট্রিক্ট ইনফৰমেচন ছিষ্টেম ফ’ৰ এডুকেচন (ইউডিআইএছই)ৰ ২০২১-২২ প্রতিবেদনত এই চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিল। প্রতিবেদনৰ তথ্য অনুসৰি ভাৰতত কৰ’না কালত ২.৮০ লাখ শিক্ষকে চাকৰি হেৰুৱালে।

ভাৰতত ২০২০-২১ বৰ্ষলৈকে কৰ্মৰত শিক্ষকৰ সংখ্যা আছিল ৯৭.৮৭ লাখ, ২০২১- ২২ত দেশত কৰ্মৰত শিক্ষকৰ সংখ্যা ৯৫.০৭ লাখলৈ হ্রাস পালে। চৰকাৰী বিদ্যালয়ত কৰ্মৰত ০.৯ শতাংশ শিক্ষকে এই সময়ছোৱাত চাকৰি হেৰুৱাইছিল।

আনহাতে, চৰকাৰী অনুদানপ্রাপ্ত বিদ্যালয়ৰ ১.৪৫ শতাংশ আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত ২.৯৪ শতাংশ শিক্ষক ক’ভিড কালত-দেশত সংস্থাপনহীন হৈছিল। আন বিদ্যালয়ত কৰ্মৰত ৮.৩ শতাংশ শিক্ষকেও এই সময়ছোৱাত চাকৰি হেৰুৱাইছিল।

ইউডিআইএছইৰ প্রতিবেদনত উল্লেখ কৰা অনুসৰি কৰ’না কালত ২০২০-২১ বৰ্ষত ভাৰতত বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ নামভর্তিও হ্রাস পাইছিল। উক্ত বৰ্ষত প্রাক প্রাথমিক শাখাত শিক্ষাৰ্থীৰ নামভর্তি ১১.৫ লাখ হ্রাস পাইছিল।

২০২১-২২ বৰ্ষত দেশত ক’ভিড প্রতিষেধক অভিযান আৰম্ভ হোৱাৰ পাছত বিদ্যালয়ত শিশুৰ নামভৰ্তিৰ সংখ্যা বৃদ্ধি পাইছিল। প্রতিবেদনৰ তথ্য অনুসৰি, ২০২১-২২ বৰ্ষত প্রাথমিকৰ পৰা উচ্চতৰ মাধ্যমিকলৈকে ২৫.২৭ কোটি শিক্ষার্থীয়ে নামভৰ্তি কৰিছিল।

২০২০-২১ বৰ্ষৰ তুলনাত ২০২১-২২ত নামভৰ্তি কৰা শিক্ষাৰ্থীৰ সংখ্যা ১৯.৩৬ লাখ বৃদ্ধি পাইছিল। একেখন প্রতিবেদনত উল্লেখ কৰা মতে, ২০২০-২১ত ভাৰতত ১৫.০৯ লাখ বিদ্যালয় আছিল আৰু ক’ভিড কালত ইয়াৰে ২০ হেজাৰ বিদ্যালয় বন্ধ হোৱাত বিদ্যালয়ৰ সংখ্যা ১৪.৮৯ লাখলৈ হ্রাস পাইছিল।

অৱশ্যে কৰ’না কালত দেশত চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠান বন্ধ হ’ল যদিও ক’ভিড পৰৱৰ্তী সময়ত ভাৰতত আবাসিক সুবিধাযুক্ত বিদ্যালয়ৰ সংখ্যা যথেষ্ট বৃদ্ধি পালে।

কৰ’নাৰ আগমনৰ পূৰ্বে ভাৰতত আবাসিক বিদ্যালয়ৰ সংখ্যা আছিল ৩৪,৯৪৬ খন আৰু ২০২১-২২ বৰ্ষত এনে বিদ্যালয়ৰ সংখ্যা ৪৫,৩৬৯ খনলৈ বৃদ্ধি পালে।

Exit mobile version