Lottery : লটাৰীত স্বামীয়ে লাভ কৰা ১.৩ কোটি টকা লৈ প্ৰেমিকৰ স’তে পলাল পত্নী

95719176

Lottery :

লটাৰীত পুৰস্কাৰ হিচাপে লাভ কৰিছিল বৃহৎ অংকৰ ধন। সেই উপলক্ষে আয়োজন কৰিছিল এক পাৰিবাৰিক অনুষ্ঠান। কিন্তু এই আনন্দ বেছি সময় নাথাকিল এজন ব্যক্তিৰ। কিয়নো লটাৰীত ব্যক্তিজনে লাভ কৰা সমগ্ৰ ধন লৈ পত্নী পলাল প্ৰেমিকৰ স’তে।

ঘটনাত হতভম্ব উক্ত ব্যক্তি, অবাক হ’ল আৰক্ষীও। এনে এক আজৱ ঘটনা সম্প্রতি সংঘটিত হ’ল থাইলেণ্ডত। প্রায় দুই দশকৰ সংসাৰ যে এইদৰে মুহূর্ততে ভাঙি যাব সেই কথা কল্পনাও কৰা নাছিল উক্ত ব্যক্তিয়ে।

লটাৰীত লাভ কৰা সমগ্র ধন লৈ পত্নীয়ে প্ৰেমিকৰ স’তে নতুন সংসাৰ আৰম্ভ কৰিলে। দাম্পত্যত যে তৃতীয় ব্যক্তি আছিল সেই কথা তিলমানো জ্ঞাত নাছিল স্বামীৰ। এতিয়া পত্নীৰ গোপন প্রেম সম্পৰ্কৰ কথা জানিব পাৰি হতভম্ব হৈছে উক্ত ব্যক্তি।

অলপতে উক্ত ব্যক্তিয়ে লটাৰীত ১.৩ কোটি টকা লাভ কৰিছিল।স্বাভাৱিকতে তেওঁৰ পৰিয়ালত আনন্দৰ ঢৌ উঠিছিল। লটাৰীত ধন লাভ কৰাৰ পাছত ব্যক্তিজনে সিদ্ধান্ত লৈছিল কিছু ধন তেওঁ আত্মীয়ক বিলাই দিব আৰু কিছু দান কৰিব ধৰ্মীয় অনুষ্ঠানক। সেই উদ্দেশ্যৰে তেওঁ ঘৰত এক অনুষ্ঠানৰ আয়োজন কৰিছিল।

সকলোৱে অনুষ্ঠানত উপস্থিত হৈ আনন্দত মতলীয়া হৈছিল। হঠাতে উক্ত ব্যক্তিয়ে অনুষ্ঠানত এজন অপৰিচিত যুৱকক থিয় হৈ থকা প্ৰত্যক্ষ কৰে।

পত্নীক উক্ত যুৱকৰ বিষয়ে সোধাত যুৱক পত্নীৰ দূৰ সম্পৰ্কীয় আত্মীয় বুলি জানিব পাৰে। আত্মীয় বুলি জনাৰ পাছত ব্যক্তিজনে যুৱকক লৈ কোনো সন্দেহ নকৰিলে ৷

কিন্তু কিছু সময়ৰ পাছত ঘৰৰ পৰা ব্যক্তিজনৰ পত্নী সন্ধানহীন হ’ল। ইয়াৰ পাছতে ব্যক্তিজনে লক্ষ্য কৰিলে যে থিয় হৈ থকা যুৱক্‌জনো নোহোৱা হ’ল।

বিচাৰ-খোচাৰ কৰি ব্যক্তিজনে জানিব পাৰিলে লটাৰীত তেওঁ লাভ কৰা সমগ্ৰ ধনসহ পত্নীয়ে উক্ত যুৱকৰ স’তে ঘৰৰ পৰা পলায়ন কৰিলে। উক্ত যুৱক দৰাচলতে পত্নীৰ গোপন প্রেমিকহে আছিল।

অৱশেষত উপায়হীন ব্যক্তিজনে আৰক্ষীৰ দ্বাৰস্থ হ’ল। সকলো তথ্য পাতি লাভৰ পাছত আৰক্ষীও অবাক হ’ল। কিয়নো ব্যক্তিজনৰ উক্ত মহিলাৰ স’তে আইন অনুসৰি বিবাহে সম্পন্ন হোৱা নাছিল। বিবাহিত হিচাপে পৰিচিত উক্ত ব্যক্তিৰ বিবাহৰ কোনো প্ৰমাণপত্ৰ নাছিল।

থাইলেণ্ডৰ আইন অনুসৰি সন্তান থাকিলেও অবিবাহিতৰ পত্নী বা স্বামীৰ বিৰুদ্ধে আৰক্ষীয়ে এনেবোৰ ঘটনাত ব্যৱস্থা ল’ব নোৱাৰে।

আৰক্ষীয়ে অভিযোগ ল’বলৈ অস্বীকাৰ কৰি উক্ত ব্যক্তিক প্রাক্তন পত্নীৰ পৰা ধনখিনি উভতাই দিবলৈ অনুৰোধ জনাবলৈ পৰামৰ্শ দিয়ে। উপায়হীন ব্যক্তিজনে ধনখিনি বিচাৰি চেষ্টা চলাইছে যদিও সফল হ’ব পৰা নাই।

Exit mobile version