Mumbai Murder :মুম্বাইত লোমহৰ্ষক হত্যাকাণ্ড

নিজ পত্নীক তাৱাৰে কোবাই হত্যা কৰিলে স্বামীয়ে

murder 660 111412071506

Mumbai Murder:
মায়ানগৰী মুম্বাইত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড | এজন লোকে নিজ পত্নীক লোহাৰৰ তাৱাৰে কোবাই কোবাই অতি নৃশংসভাৱে হত্যা কৰে ৷ ইতিমধ্যে এই জঘণ্য ঘটনাই জোকাৰি গৈছে সমগ্ৰ মুম্বাই ৷

আৰক্ষী হত্যাকাৰী স্বামীজনক গ্ৰেপ্তাৰ কৰিছে মুম্বাই আৰক্ষীয়ে ৷ আটকাধীন লোকজন হ’ল বসন্ত সাহা ৷

সাহাই পত্নী ৰীতা দেৱীৰ স’তে মুম্বাইৰ ভাণ্ডুপত বিএম চি পৰিচালিত শৌচালয়ৰ পৰিচালক সকলৰ বাবে আৱন্টিত আৱাসত বাস কৰিছিল ৷ দুয়ো শৌচালয়ৰ পৰিচালনাকাৰী হিচাপে নিয়োজিত আছিল ৷

আজি নিজ গৃহতে থকা অৱস্থাতে দুয়ো স্বামী- স্ত্ৰীৰ মাজত কোনো কথাত দুৰ্বাদল কাজিয়া লাগে ৷ খংৰ ভমকত বসন্ত সাহাই পাকঘৰত থকা লোহাৰ তাৱাৰে  পত্নী ৰীতা দেৱীৰ মুৰত উপযুপৰি প্ৰহাৰ কৰে ৷ ফলত তেজেৰ তুমৰলি হৈ পৰা ৰীতা দেৱীৰ কিছু সময়ৰ পিছতে মৃত্যু ঘটে ৷

ঘটনাৰ পিছতে স্থানীয় লোকৰ খবৰ অনুসৰি ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ বসন্ত সাহাক গ্ৰেপ্তাৰ কৰে আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে চিকিৎসালয়লৈ ৷

Exit mobile version