Anandra Sarma  : ডিব্ৰুগড় ৰেগিং কাণ্ডত আহত হোৱা আনন্দ শৰ্মাক এইমছলৈ স্থানান্তৰৰ সিদ্ধান্ত বাতিল

কাইলৈ ডিব্ৰুগড়তে হ’ব আনন্দ শৰ্মাৰ জটিল অস্ত্ৰোপচাৰ

943e74cc 7b5f 4300 bbc3 0d01ae3284d2 1

Anandra Sarma :

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডত গুৰুত্বৰভাৱে আহত ছাত্ৰ আনন্দ শৰ্মাক নতুন দিল্লীলৈ স্থানান্তৰ কৰিব পৰা নাযাব বুলি প্ৰকাশ কৰিছে বিশেষজ্ঞ চিকিৎসকৰ দলে ৷ বৰ্তমান ডিব্ৰুগড়ৰ আদিত্য নাচিং হ’মত চিকিৎসাধীন হৈ থকা ভূক্তভোগী ছাত্ৰজনক বুধবাৰে এয়াৰ এম্বুলেন্সেৰে দিল্লী এইমছলৈ নিয়াৰ কথা আছিল।

আনন্দ শৰ্মাক উন্নত চিকিৎসাৰ বাবে দিল্লীৰ এইমছত ভৰ্তি কৰোৱাৰ বাবে ব্যৱস্থা গ্ৰহণৰ কথা সদৰি কৰিছিল বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কিন্ত শেহতীয়াকৈ এইক্ষেত্ৰত আহি পৰিছে অসুবিধা ।

সংকটজনক অৱস্থাৰ বাবে আনন্দ শৰ্মাক এইমছলৈ স্থানান্তৰৰ সিদ্ধান্ত বাতিল কৰা হৈছে।চিকিৎসকৰ মতে, লৰচৰ কৰিলেই স্নায়ু চেপা খোৱাৰ সম্ভাৱনা আছে৷

উল্লেখ্য যে আনন্দৰ ৰাজহাড় কেইবাটুকুৰা হোৱাটো চিন্তনীয় বিষয় হৈ পৰিছে। কাইলৈ পুৱা ১০ বজাত ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিং হ’মতে হ’ব আনন্দ শৰ্মাৰ অস্ত্ৰোপচাৰ৷

এই কথা সদৰি কৰিছে হাস্পতাল কৰ্তৃপক্ষই৷ ইপিনে ছাত্ৰজনৰ চিকিৎসাৰ সমস্ত ব্যয় বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আৰু অসম চৰকাৰে গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছিল ৷

স্মতৰ্ৱ্য যে ৰাজহাড় ভঙাৰ লগতে হাত, ভৰি–বুকুতো গুৰুতৰ আঘাত পাইছে আনন্দই।শৰীৰৰ কেইবাটাও অংগ প্ৰায় অচল হৈ পৰিছে।যন্ত্ৰণাত থাকিব নোৱাৰি ছটফটাই আছে আনন্দ শৰ্মাই৷

ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে ৰেগিংৰ জড়িত চাৰিজনকৈ ছাত্ৰক আটক কৰাৰ বিপৰীতে মুল অভিযুক্ত ৰাহুল চেত্ৰীৰ সন্ধানত মাৰাথন অভিযান অব্যাহত ৰাখিছে ৷

আনহাতে ৰেগিং কাণ্ডৰে জড়িত ২২জনকৈ ছাত্ৰক ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বহিস্কাৰ কৰিছে ৷

Exit mobile version