Badruddin Ajmal :ভাৰত জোড়ো যাত্ৰাক লৈ ভূপেন বৰাক চৰম কটাক্ষ বদৰুদ্দিন আজমলৰ

ভূপেন বৰাই নিজৰ চিনাকি নিজেই দিব লাগিব ,মানুহে সুধিব লাগিব 'হু ইছ ভূপেন বৰা

WhatsApp Image 2022 11 30 at 19.46.44

Badruddin Ajmal :

কংগ্ৰেছে দেশজুৰি অব্যাহত ৰখা ভাৰত জোড়োৰ কাৰ্যসূচী অসমতো প্ৰদেশ কংগ্ৰেছে ধুবুৰীৰ পৰা শদিয়ালৈ আৰম্ভ কৰা পদযাত্ৰা সন্দৰ্ভত আজি এপি চি চিৰ সভাপতি ভূপেন বৰাক তুলাধুনা দিয়ে এ আই ইউ ডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলে
ধুবুৰীত কংগ্ৰেছৰ সভাত কে’বা সহস্ৰাধিক লোকৰ সমাবেশে আজমল উৎঘাতৰ ৰণডংকা বুলি ভূপেন বৰাই মন্তব্য কৰাৰ পিছতে ধুবুৰীৰ সাংসদ আজমলে চৰম কটাক্ষ কৰি কয়, ধুবুৰীৰ কংগ্ৰেছ সভাত অংশ লোৱা অধিকাংশই অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা দলীয় নেতা-কৰ্মী ৷

আনহাতে উক্ত সভাৰ পিছতে এ আই ইউ ডিএফে অনুষ্ঠিত কৰাৰ সভাত কংগ্ৰেছতকৈ বহু বেছি আছিল ৷

এপি চিচি ৰ সভাপতি জনক আক্ৰমণ কৰি আজমলে আৰু কয়,ভূপেন বৰাই নিজৰ চিনাকি নিজেই দিব লাগিব ৷ মানুহে সুধিব লাগিব ‘হু ইছ ভূপেন বৰা’ ৷ বৰাই এপি চি চিৰ দায়িত্ব লোৱাৰ পৰাই কংগ্ৰেছ শূন্য হৈ গৈ আছে ৷ প্ৰতিটো নিৰ্বাচনত শোচনীয় পৰাজয়ৰ মুখ দেখিছে ৷

আনহাতে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ প্ৰসংগ টানি সাংসদ আজমলে কয় গগৈৰ স’তে মোৰ ৰাজনীতি মতভেদ থাকিব পাৰে ৷ কিন্ত তেখেতৰ মৃত্যুত মই দুদিন ধৰি কান্দিছিলো  ৷ আনকি মই সকলোৰে সন্মুখত কান্দিছিলো ৷

Exit mobile version