Cm Announced : ছাত্ৰী সকলৰ বাবে মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা

ছাত্ৰী সকলে লাভ কৰিব ১০ হেজাৰকৈ টকা

67008f7d 2555 4d50 b00b a560b0940e2a

Cm Announced :

ৰাজ্যৰ শিক্ষাৰ্থী সকলৰ বাবে মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা ৷ স্নাতকোত্তৰত অধ্যয়নৰত ছাত্ৰীয়ে বছৰত লাভ কৰিব ১০ হেজাৰকৈ টকা ৷

আজি কৃতী শিক্ষাৰ্থী সকলক স্কুটি প্ৰদানৰ বাবে খানাপাৰাত আয়োজিত অনুষ্ঠানত অংশ লৈ ভাষণত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই নতুন আঁচনি খনৰ কথা উল্লেখ কৰে ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ বিশ্ববিদ্যলয় সমূহ প্ৰতি বছৰৰ দুমাহ বন্ধ হৈ থাকে ৷বাকী দহমাহৰ পাঠদানৰ সময়ছোৱাৰ বাবে মাহে এহেজাৰকৈ বছৰত দহহাজাৰ টকাকৈ প্ৰদান কৰাৰ সিদ্ধান্ত কথা ঘোষণা কৰে ৷

ছাত্ৰী সকলে ঘৰৰ পৰা অহা-যোৱা,চাহ খোৱাৰ খৰচৰ বাবে দিব এহেজাৰ টকা ৷ উল্লেখ্য যে স্নাতকোত্তৰ অধ্যয়নৰত ছাত্ৰীৰ পিতৃ -মাতৃক কিছু সকাহ দিয়াৰ উদ্দেশ্যেই এই আঁচনি লোৱাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

এই আঁচনিৰ বাবে ৰাজ্য চৰকাৰে মুকলি কৰিব এটা পৰ্টেল l এই পৰ্টেলত ছাত্ৰী সকলে নিজৰ ঠিকনা সহ সকলো তথ্য আবেদন কৰিব পাৰিব।

অৱশ্যে সথিকভাৱে তথ্য প্ৰদান নকৰা সকল এই সাহায্যৰ পৰা বঞ্চিত হ’ব বুলিও উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ছাত্ৰী সকলক শুদ্ধভাৱে আবেদন কৰিবলৈ আহ্বান জনায় ৷

Exit mobile version