Crocodile : ঘৰিয়ালৰ পেটত আঠ বছৰীয়া কিশোৰ ! পিতৃ-মাতৃৰ স’তে নদীত মাছ ধৰিবলৈ গৈ মৰ্মান্তিক

Crocodile

Crocodile :

পিতৃ-মাতৃয়ে শিশুসকলক লৈ কোষ্টাৰিকাৰ লিমন চহৰৰ মতিনা নদীলৈ লৈ গৈছিল মাছ ধৰিবলৈ । তাতেই ঘটিলে ভয়ংকৰ দুৰ্ঘটনা । ঘৰিয়ালৰ মুখত পৰিল আঠ বছৰীয়া জুলিঅ’ ওটেৰো ফাৰ্ণাণ্ডেজ । অসহায় হৈ থিয় হৈ ৰ’ল মা, দেউতা আৰু ভাই ভনীসকলক ।

কেলেণ্ডাৰ পৃষ্ঠাত ৩০ অক্টোবৰ। স্থান: লিমন চহৰ। ঘড়ীত দুপৰীয়া দুই বাজিছে । মাক দেউতাকে তেওঁলোকৰ ল’ৰা ছোৱালীৰ স’তে মতিনা নদীত মাছ ধৰিবলৈ যায়।

জুলিঅ’ই তেওঁৰ ভাই-ভনীৰ স’তে নদীৰ কাষত মাছ ধৰি আছিল। ভাই-ভনীসকল আছিল অন্যফালে । এই সময়তে, এটা ডাঙৰ ঘৰিয়াল নি:শব্দে আহি জুলিঅ’ক আঁঠুৰ ওচৰত কামুৰিলে । ইয়াৰ পাছতে ছটফট কৰি ঘৰিয়ালটোৱে শিশুটোক গভীৰ পানীলৈ লৈ যায় ।

তাৰ পাছত, ঘৰিয়ালটোৱে শিশুটোক মুখৰ গভীৰলৈ লৈ যায় । কিছু সময়ৰ বাবে জুলিঅ’ৰ ছটফটনি শুনিবলৈ পোৱা গ’ল যদিও কিন্তু কিছু মুহূৰ্তৰ ভিতৰতে সকলো বোৰ পুনৰ শান্ত হৈ পৰিল। হতবাক পিতৃ-মাতৃ গোটেই ঘটনাটোৰ সাক্ষী হৈ ৰ’ল ।

তাৰ পাছত, ঘৰিয়াকটোক আৰু পুনৰ দেখা পোৱা নগ’ল। এমাহৰ পাছত, এজন অচিনাক্ত চিকাৰীয়ে এটা ঘৰিয়াল হত্যা কৰে। গাওঁবাসীয়ে ঘৰিয়ালটোৰ পেত ফালি দেখে মানুহৰ হাড় আৰু চুলিৰ অংশ বিশেষ।

সেই দেখিয়ে নিশ্চিত হ’ল এইটো আঠ বছৰীয়া জুলিঅ’ ঘৰিয়ালৰ পেটলৈ গৈছিল। ঘটনাটোৱে অঞ্চলটোত এক চাঞ্চল্য সৃষ্টি কৰিছে।

Exit mobile version