Ganges Water Depletion : পানী কমিছে গংগাত ! উদ্বেগজনক প্ৰতিবেদন প্রকাশ বিশ্ব বতৰবিজ্ঞান সংস্থাৰ

The Ganges 2

Ganges Water Depletion :

বিগত দুই দশকত গংগাত মুঠ পানীৰ পৰিমাণ কমিছে । কেৱল গংগাৰেই নহয়, নদী পার্শ্বস্থ অববাহিকা অঞ্চলত ভূগর্ভস্থ পানীৰ পৰিমাণো কমিছে উল্লেখযোগ্যভাৱে । মঙলবাৰে এই সংক্রান্ত এক প্ৰতিবেদন প্রকাশ কৰিছে ৰাষ্ট্ৰসংঘৰ শাখা সংগঠন বিশ্ব বতৰবিজ্ঞান সংস্থাই (ডব্লিউএমঅ’) ।

ডব্লিউএমঅ’ই তেওঁলোকৰ ‘ষ্টেট অৱ গ্ল’বেল ৱাটাৰ ৰিছ’ৰ্চ ২০২১’ শীর্ষক প্ৰতিবেদনত জনাইছে, ২০০২ৰ পৰা ২০২১ৰ ভিতৰত ব্যাপক হাৰত কমিছে গংগা নদীৰ পানীৰ পৰিমাণ । গংগাৰ অৱবাহিকা অঞ্চলৰ ভূগর্ভস্থ পানীৰ পৰিমাণো কমিছে ।

কেৱল গংগা নহয়, একেই ধৰণ দেখা গৈছে দক্ষিণ আমেৰিকাৰ পাটাগনিয়াৰ ছাও ফ্রানচিছকো নদীৰ অৱবাহিকা, সিন্ধু নদীৰ অৱবাহিকা আৰু দক্ষিণ-পশ্চিম আমেৰিকাৰ বিস্তীর্ণ নদী অৱবাহিকা অঞ্চলত । অৱশ্যে ইয়াৰ বিপৰীত চিত্র দেখা গৈছে নাইজাৰ নদী অৱবাহিকা আৰু উত্তৰ আমাজন নদী অৱবাহিকাত । তাত ভূগর্ভস্থ পানীৰ পৰিমাণ বাঢ়িছে ।

ডব্লিউএমঅ’-ৰ প্ৰতিবেদন অনুযায়ী, জলবায়ু পৰিৱর্তন পৃথিৱীৰ উপৰি ভাগৰ ব্যৱহাৰযোগ্য পানীৰ উৎসসমূহক প্রভাৱিত কৰিছে । গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত হিমবাহৰ বৰফ গলি নদীত পানীৰ পৰিমাণ বাঢ়িছে, কিন্তু এটা সময়ৰ পাছত সেয়া হ্রাস পাব লয় ।

বৰ্তমানেই সিন্ধু অৱবাহিকা আৰু গংগা নদীৰ অৱবাহিকা অঞ্চলসমূহত হিমবাহ গলনৰ প্রভাৱ পৰিলক্ষিত হৈছে । হিমবাহৰ বৰফ ক্রমাগত কমি থকাত এটা সময়ৰ পাছত সৰ্বাধিক প্রভাৱিত হ’ব উত্তৰাখণ্ডৰ দৰে অঞ্চল ।

আনহাতে, পঞ্জাৱ, উত্তৰ প্রদেশৰ দৰে ৰাজ্যসমূহত কৃষিকাৰ্য দৈনন্দিন জীৱনযাপনৰ বাবে অত্যাধিক ভূগর্ভস্থ পানীৰ উত্তোলনৰ ফলত তাৰ পৰিমাণো কমিছে দ্রুতগতিত । পৰিৱেশ বিজ্ঞানী আৰু কেন্দ্রীয় ভূ-বিজ্ঞান মন্ত্রণালয়ৰ সচিব এম. ৰাজীবনে কয়, চৰকাৰে এতিয়াই ভূগর্ভস্থ পানীৰ অত্যধিক ব্যৱহাৰ হ্ৰাস কৰিবৰ বাবে পদক্ষেপ গ্ৰহণ কৰা উচিত ।

জলবায়ু পৰিৱর্তনৰ ফলত নদীৰ জলস্তৰ বৃদ্ধি পালেও এই সমূহ অঞ্চলত তাপমাত্রা অধিক হোৱাত পানী দ্রুত বাষ্পত পৰিণত হৈছে । যিয়ে পৰৱর্তী কালত আৰু মাৰাত্মক ৰূপ ধাৰণ কৰিব পাৰে বুলি দাবী কৰা হৈছে প্ৰতিবেদনত ।

ভূগৰ্ভত কিমান পৰিমাণে পানী সঞ্চিত হৈ আছে, তাৰ ওপৰত ভিত্তি কৰি এই প্ৰতিবেদন প্ৰস্তুত কৰিছে ডব্লিউএমঅ’ৱে । পৰিসংখ্যাত অন্তৰ্ভুক্ত কৰা হৈছে ভূগৰ্ভত আর্দ্রতাৰ পৰিমাণ, ভূগর্ভস্থ পানী, বৰফ, গছৰ শিপাত সঞ্চিত পানী, নদী আৰু হ্রদৰ পানীৰ পৰিমাণ ।

প্ৰতিবেদন অনুযায়ী, পাটাগনিয়া, উত্তৰ আফ্রিকা, মাদাগাস্কাৰ, মধ্য আৰু দক্ষিণ এছিয়াৰ বিভিন্ন অঞ্চল, দক্ষিণ আমেৰিকাৰ মধ্য ভাগ, পাকিস্তান আৰু উত্তৰ ভাৰতত সঞ্চিত এই পানীৰ পৰিমাণ স্বাভাৱিকতকৈ কম ।

কোনো কোনো অঞ্চলত সেয়া যথেষ্ট কম স্বাভাৱিকৰ তুলনাত । পুনৰ আফ্রিকাৰ কেন্দ্রীয় অঞ্চল, দক্ষিণ আমেৰিকাৰ উত্তৰাংশ বিশেষকৈ আমাজন অৱবাহিকা আৰু চীনৰ উত্তৰাংশত সঞ্চিত পানীৰ পৰিমাণ স্বাভাৱিকতকৈ বহুগুণ বেছি । যিসমূহ অঞ্চলত পানীৰ পৰিমাণ অধিক, তাৰ কাৰণ হিচাপে প্ৰতিবেদনত উল্লেখ কৰা হৈছে গোলকীয় উষ্ণতাৰ ফলত হিমবাহৰ গলনৰ কথা ।

আনহাতে, যিসমূহ অঞ্চলত ভূগৰ্ভত সঞ্চিত পানীৰ পৰিমাণ কম, তাৰ মূল কাৰণ হিচাপে নদী আৰু ভূগর্ভস্থ পানীৰ অত্যধিক ব্যৱহাৰক চিহ্নিত কৰা হৈছে সংশ্লিষ্ট প্ৰতিবেদনত ।

প্ৰতিবেদনত আৰু দাবী কৰা হৈছে, ২০২১ত বিশ্বৰ বিভিন্ন ঠাইয বৃষ্টিপাত স্বাভাৱিকৰ তুলনাত কম হৈছে । ইয়াৰ কাৰণ লা নিনা আৰু জলবায়ু পৰিৱর্তন । লা নিনাৰ বাবে নিৰক্ষীয় প্রশান্ত মহাসাগৰৰ উপৰি ভাগৰ তাপমাত্রা হ্রাস পায় । লগতে ক্রান্তীয় জলবায়ুত পৰিৱর্তন ঘটায় লা নিনাই । ইয়াৰ ফলত বৃষ্টিপাতৰ তাৰতম্য ঘটে । কোনো ঠাইত বৃষ্টিপাতৰ পৰিমাণ কমি যায় । কোনো ঠাইত স্বাভাৱিকতকৈ বৃষ্টিপাত বাঢ়ি যায় ।

লা নিনাৰ ফলত ভাৰতৰ মহাৰাষ্ট্র, কর্নাটক, অন্ধ্রপ্রদেশ, কেৰালা, পশ্চিমবংগ প্রভৃতি ৰাজ্য‌ই প্রাকৃতিক বিপর্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে ।

প্ৰতিবেদন অনুযায়ী, ২০২১-ত সমগ্ৰ বিশ্বত চাৰিশৰো অধিক প্রাকৃতিক দুর্যোগ হৈছে । মুঠ ক্ষয়ক্ষতিৰ পৰিমাণ ২৫ হেজাৰ কোটি ডলাৰৰো অধিক । প্রাণ গৈছে প্রায় ১০ হেজাৰ । বিশ্বৰ ১০ কোটি জনবসতি ইয়াৰ ফলত ব্যাপকভাৱে প্রভাৱিত হৈছে ।

বিগত বছৰত পৃথিবীৰ গড় তাপমাত্রা বাঢ়িছে এক ডিগ্রীৰো অধিক । ২০২১ক ইতিহাসৰ সপ্তম উষ্ণতম বর্ষ হিচাপে চিহ্নিত কৰা হয় । লা নিনাৰ বিপৰীত হ’ল এল নিনো । ইয়াৰ ফলত নিৰক্ষীয় প্রশান্ত মহাসাগৰৰ উপৰ ভাগৰ তাপমাত্রা বৃদ্ধি পায় । ইয়াৰ ফলত স্বাভাবিকতকৈ বৃষ্টিপাত কম হয় । বান আৰু খৰাং পৰিস্থিতি অধিক হয় ।

ভাৰতত যেনেদৰে এল নিনোৰ প্রভাৱত খৰাং পৰিস্থিতিৰ পৰিমাণ বাঢ়ি যায় । বিপৰীতে, লা নিনাৰ প্রভাৱত বৃষ্টিপাতৰ পৰিমাণ বৃদ্ধি পায় আ শীতো দীৰ্ঘ সময় থাকে ।

এয়ে প্রথম বিশ্ব বতৰবিজ্ঞান সংস্থাই সমীক্ষা কৰি প্ৰতিবেদন প্রকাশ কৰিছে । ডব্লিউএমঅ’-ৰ দাবী, নাছাৰ গ্রেছ মিছনৰ পৰাই মূলতঃ তেওঁলোকে তথ্য সংগ্রহ কৰিছে । এনে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বিশ্বৰ সকলো দেশৰ কি কি কৰণীয় সেই বিষয়ত পৰামর্শও দিয়া হৈছে এই প্ৰতিবেদনত ।

Exit mobile version