Gaurav Gogoi:প্ৰয়াত আছু নেতা অনিমেষ ভূঞাৰ সোঁৱৰণত এটি ৰংগমঞ্চ নিৰ্মাণ, সাহিত্য সভাৰ প্ৰাক্তন সভাপতি চৈয়দ আব্দুল মালিকৰ জন্মস্হানত

প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবে সাংসদ গৌৰৱ গগৈৰ ১০ লাখ টকাৰ অনুদান 

GAURAVGOGOI 1

 Gaurav Gogoi :

সম্প্ৰতি গোলাঘাট জিলাত পদার্পণ কৰা “ভাৰত জোড়ো যাত্রা- অসমে” জিলাখনৰ সৰ্বসাধাৰণ ৰাইজৰ পৰা ব্যাপক সঁহাৰি লাভ কৰিছে। আজি এই পদযাত্ৰা খুমটাই বিধানসভা সমষ্টিত অনুষ্ঠিত হয়।

এই কাৰ্য্যসূচী চলি থকাৰ মাজতে কলিয়াবৰৰ স্হানীয় সাংসদ গৌৰৱ গগৈই প্ৰয়াত আছু নেতা অনিমেষ ভূঞাৰ দেৰগাঁৱৰ বাসগৃহত উপস্থিত হয়গৈ।

ছাত্র নেতা গৰাকীৰ মৃত্যুৰ এবছৰৰ পাছতো চৰকাৰে প্ৰতিশ্ৰুতি পূৰণ নকৰাত তেওঁ চৰকাৰত প্ৰতিশ্ৰুতি ৰুপায়ণ কৰিবলৈ সোঁৱৰাই দিয়াৰ লগতে নিজৰ সাংসদ উন্নয়ন পুঁজিৰ পৰা প্ৰয়াত ছাত্র নেতা গৰাকীৰ সোঁৱৰণত এটি ৰংগমঞ্চ নিৰ্মাণ কৰিবৰ বাবে ১০ লাখ টকাৰ অনুদান ঘোষণা কৰে।

আনহাতে আজি গোলাঘাট জিলাৰ খুমটাই বিধানসভা সমষ্টিৰ নাহৰণি সু-সন্তান অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰয়াত চৈয়দ আব্দুল মালিকৰ এটি প্ৰতিমূৰ্তি নিৰ্মাণ কৰিবৰ বাবেও সাংসদ গৰাকীয়ে তেওঁৰ সাংসদ উন্নয়ন পুঁজিৰ পৰা ১০ লাখ টকাৰ অনুদান ঘোষণা কৰে।

Exit mobile version