Goutam Adani : ১২ লাখ কোটি টকাৰ সম্পত্তিৰে ধনী ভাৰতীয়ৰ তালিকাত শীৰ্ষত আদানী

Gautam Adani Net Worth 1200x700 compressed

Goutam Adani :

ভাৰতৰ শীৰ্ষ ১০০ ধনাঢ্য ব্যক্তিৰ তালিকা প্রকাশ কৰিলে ফ’বৰ্ছে। এই তালিকাত শীর্ষ স্থানত আছে আদানী গোষ্ঠীৰ মুৰব্বী গৌতম আদানী।

আনহাতে, ভাৰতৰ দ্বিতীয়জন ধনাঢ্য ব্যক্তি হিচাপে স্বীকৃত হ’ল ৰিলায়েঞ্চ গোষ্ঠীৰ মুৰব্বী মুকেশ আম্বানী। আদানীৰ মঠ সম্পত্তিৰ পৰিমাণ হ’ল ১,২১১,৪৬০,১১ কোটি টকা।

২০২১ বৰ্ষত আদালীন সম্পত্তিৰ পৰিমাণ তিনিগুণ বৃদ্ধি পাইছিল। তালিকাত দ্বিতীয় স্থানত থকা আম্বানীৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৭১০,৭২৩,২৬ কোটি টকা।

এই তালিকাত তৃতীয় স্থানত ৰাধাকিষাণ দামানিৰ সম্পত্তিৰ পৰিমাণ হৈছে ২২২,৯০৮.৬৬ কোটি টকা। ভাৰতীয় ধনাঢ্যৰ তালিকাত চতুর্থ স্থানত আছে চাইৰাছ পুনাৱালা।

পঞ্চম স্থানত আছে শিৱ নাদাৰ৷ একেদৰে তালিকাত সাবিত্রী জিন্দালে ষষ্ঠ, দিলীপ ছাংভিয়ে সপ্তম, হিন্দুজা ভ্রাতৃয়ে অষ্টম স্থান, কুমাৰ বিড়লাই নৱম স্থান আৰু বাজাজ পৰিয়ালে দশম স্থান লাভ কৰিলে।

ফ’বছৰ তথ্য অনুসৰি ভাৰতৰ প্ৰথম ১০ জন ধনকুবেৰৰ সন্মিলিত সম্পত্তিৰ পৰিমাণ হৈছে ৩৮৫ বিলিয়ন ডলাৰ।

Exit mobile version