Heart attack : কাণত দেখা দিয়ে হাৰ্ট এটেকৰ পূৰ্ব লক্ষণ, এই লক্ষণ দেখিলে সতৰ্ক হওঁক –

AdobeStock 248242457 1210x700 1

Heart attack :

বৰ্তমান সময়ত হৃদ ৰোগ আক্ৰান্তৰ সংখ্যা আৰু মৃত্যুৰ সংখ্যা দিনক-দিনে বৃদ্ধি পাইছে । বিগত কিছু মাহত আমি চ’ছিয়েল মিডিয়াত হঠাৎ নৃত্য বা অভিনয় কৰি থকা সময়ত বহু কেইজন লোক মৃত্যুমুখত পৰা প্ৰত্যক্ষ কৰিছো আৰু এই সকলো কেইজন অৱশ্যে হৃদ ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি চিকিৎসকে দাবী কৰিছে ।

আচলতে হৃদ ৰোগত আক্ৰান্ত হ’লে হঠাৎ কোনো এজন লোকৰ মৃত্যু হ’ব পাৰে । কিন্তু আমি যদি এই ৰোগৰ কথা আগতীয়াকৈ জানিব পাৰো , তেতিয়া এনে ভয়ংকৰ মৃত্যুৰ পৰা বাচি থাকিব পাৰো ।

ধমনীত অহা বাধাৰ কাৰণে হৃদযন্ত্ৰৰ ৰক্ত সঞ্চালন ব্যাহত হয় , মূলত তেতিয়াই হৃদযন্ত্ৰত এনে সমস্যাৰ সৃষ্টি হয় । কিছুমানৰ আকৌ উচ্চ ৰক্তচাপৰ বাবেও হৃদ ৰোগত আক্ৰান্ত হোৱা দেখা যায় ।

অস্বাস্থ্যকৰ জীৱন যাপন , অনিয়মিত খাদ্যভ্যাস , মানসিক উদ্বেগ আদিৰ কাৰণে উচ্চ ৰক্তচাপৰ দৰে সমস্যাৰ সৃষ্টি হয় আৰু এই উচ্চ ৰক্তচাপৰ বাবেই হৃদযন্ত্ৰত বাধা আহে ।

বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ হু য়ে এক প্ৰতিবেদনত প্ৰকাশ কৰিছে যে , প্ৰতি বছৰে হৃদৰোগত আক্ৰান্ত হৈ অধিকাংশ মানুহৰ মৃত্যু হয় ।

ইয়াৰ মূল কাৰণ হৈছে যে , হৃদৰোগৰ লক্ষণ কোনো কাৰণতে পূৰ্বাভাস পাব নোৱাৰি । ফলত মানুহে সাৱধান হ’বলেও সুবিধা নেপায় ।

যদি আক্ৰান্ত হোৱাৰ পূৰ্বে ইয়াৰ কিছু আভাস পাব পাৰি , তেন্তে এই ৰোগ নিশ্চিতভাৱে প্ৰতিৰোধ কৰিব পৰা গ’লহেতেন । ‘আমেৰিকাৰ চেণ্টাৰ ফ’ৰ ডিজিজ কণ্ট্ৰোল এণ্ড প্ৰিভেনশ্যন’ য়ে এক তথ্যৰ যোগে প্ৰকাশ কৰিছে যে , হৃদৰোগৰ প্ৰাথমিক লক্ষণ হৈছে বুকুৰ বিষ হোৱা , চাপ সৃষ্টি হোৱা বা অস্বত্বি ল’গা।

অৱশ্যে লিংগভেদে এই লক্ষণ ভিন্ন হোৱা দেখা যায় যদিও দুয়োক্ষেত্ৰতে কিছু সাধাৰণ উপসৰ্গ একে থাকে । ইয়াৰভিতৰত এটা হৈছে বুকুৰ যন্ত্ৰণা হোৱা । মহিলাৰ ক্ষেত্ৰত অৱশ্যে বমি ভাৱ অহা , শ্বাস-প্ৰশ্বাসত কষ্ট পোৱা ,পিঠিৰ সামান্য বিষ হোৱা পৰিলক্ষিত হয় ।

ইয়াৰোপৰি চিকিৎসকে এইবুলিও কৈছে যে ,হৃদ ৰোগৰ লক্ষণ মানুহৰ কাণত দেখা পোৱা যায় । বিশেষকৈ কাণৰ লতি কোচ খোৱা , কাণ নীলা পৰা বা কাণৰ সমস্যাৰ কিছু উপসৰ্গ দেখা দিলে আপুনি বুজিব লাগিব যে , আপুনি হৃদ ৰোগত আক্ৰান্ত হৈছে । তেনেক্ষেত্ৰত আপুনি অলপো সময় দেৰি নকৰি তৎক্ষণাত চিকিৎসকৰ ওচৰ চাপিব লাগে

Exit mobile version