Pick Pocketing : পকেটমাৰক ধৰিবলৈ মহানগৰ আৰক্ষীয়ে ঠায়ে ঠায়ে আৰিলে বেনাৰ

d4197a62 50b7 400a 9c04 c0c988a86f20

Pick Pocketing :

গুৱাহাটীক দক্ষিণ – পূব এছিয়াৰ দুৱাৰমুখ কৰিবলৈ ৰাজ্য চৰকাৰে তৎপৰ হৈ পৰাৰ বিপৰীতে মহানগৰ খনত নিতৌ সংঘটিত হৈছে বিভিন্ন অপৰাধমূলক কাৰ্যকলাপ ৷

স্মাৰ্ট আৰক্ষীক এক প্ৰকাৰ চেলেঞ্জ দি দুৰ্বৃত্তই অব্যাহত ৰখা অবৈধ কাৰ্যকলাপে আৰক্ষী নিদ্ৰাহৰণ কৰিছে৷ মহানগৰীৰ অলিয়ে গলিয়ে চিলনী চোৰৰ সন্ত্ৰাস৷ দিন দুপৰতে পাঞ্জাবাৰীত পুৰৱী ডায়েৰীৰ বিতৰক ৰনজিৎ বৰাক দুৰ্বৃত্তই গুলীয়াই হত্যা কৰাৰ ঘটনা৷

এনেবোৰ ধাৰাবাহিক ঘটনা সংঘটিত থকাৰ পিছত মহানগৰ আৰক্ষী আয়ুক্তই মহানগৰ ক্ৰাইম মেপ প্ৰস্তুতৰ পদক্ষেপ অংশ হিচাপে এইবাৰ মহানগৰ খনৰ বিভিন্ন স্থানত পকেটমাৰ ধৰিবলৈ আৰিছে বেনাৰ ৷

মহানগৰ আৰক্ষীৰ পুতৌ লগা অৱস্থাটো পুনৰ এবাৰ উন্মোচিত হ’ল এই বেনাৰ লগোৱাৰ কাৰ্যই৷ যেন বেনাৰৰ জড়িয়তে গুৱাহাটী আৰক্ষীয়ে এইবাৰ কৰায়ত্ব কৰিব পকেটমাৰ ৷

Exit mobile version