Afghanistan Blast : আফানিস্তানত মাদ্ৰাছা চলি থকাৰ সময়ত বিস্ফোৰণ , মৃত কমেও ১৬ , অধিকাংশই শিশু

aaaa0e7b e89b 460a 9774 53ea21eb459d

Afghanistan Blast :

আফগানিস্তানত বিদ্যালয়ত বোমা বিস্ফোৰণ। কমেও ১৬ জনৰ মৃত্যুৰ খবৰ পোৱা গৈছে। আন বহুতো আঘাতপ্ৰাপ্ত। আল-জাজিৰা সংবাদ সংস্থাৰ মতে, বুধবাৰে উত্তৰ আফগানিস্তানৰ এখন মাদ্ৰাছা হঠাতে বিস্ফোৰণত কঁপি উঠে।

তথ্য অনুসৰি,মৃতসকলৰ ভিতৰত স্কুলীয়া শিশুও আছিল। অৱশ্যে, এই আক্ৰমণত কিমান জন শিশু নিহত হৈছে সেয়া এতিয়াও নিশ্চিত হোৱা নাই।

তথ্য অনুসৰি, এএফপিক এখন চিকিৎসালয়ে জনাইছে যে আফগানিস্তানত হোৱা বোমা বিস্ফোৰণত কমেও ১৬ জন লোক নিহত হৈছে। এতিয়ালৈকে কোনো গোটে আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই।

উল্লেযোগ্য যে, বুধবাৰে স্থানীয় সময় অনুসৰি দুপৰীয়া প্ৰায় ১২:৪৫ বজাত আফগানিস্তানৰ চামাংগন প্ৰদেশৰ মাদ্ৰাছাত বোমাটো বিস্ফোৰণ হয়।

তীব্ৰ বিস্ফোৰণৰ ফলত কঁপি উঠে চাৰিওফাল । তালিবানে ১০ জন লোকৰ মৃত্যু নিশ্চিত কৰিছে । কমেও ২০ জন লোক আহত হয় ।

আক্ৰমণটো চহৰখনৰ মাজভাগৰ জাহিদা মাদ্ৰাছাত সংঘটিত হয় । শিক্ষাৰ্থী আৰু শিক্ষকসকলে সেই সময়ত প্ৰাৰ্থনা কৰি উঠিছিল । কাবুলৰ এজন চিকিৎসকে জনাই যে মৃতসকলৰ বেছিভাগেই শিশু আৰু সাধাৰণ লোক আছিল।

তালিবানে আক্ৰমণটোৰ তদন্ত আৰম্ভ কৰিছে। চৰকাৰে আশ্বাস দিছে যে ইয়াৰ আঁৰত থকা সকলক তৎক্ষণাৎ শাস্তি দিয়া হ’ব।

তালিবানৰ মুখপাত্ৰ আব্দুল নাফি টাকোৰে কয়, ” আমাৰ চোৰাংচোৱা আৰু নিৰাপত্তা বাহিনীয়ে হত্যাকাৰীসকলক চিনাক্ত কৰিবলৈ চেষ্টা কৰি আছে। যিসকলে এই ক্ষমা অযোগ্য অপৰাধ কৰিছে তেওঁলোকক শাস্তি দিয়া হ’ব। ”

বিগত বছৰ, তালিবানে আফগানিস্তানত নিৰ্বাচিত জনগণ চৰকাৰ আঁতৰাই কাবুল দখল কৰিছিল । তেতিয়াৰ পৰা, দেশখনত শান্তিৰ আশ্বাস স্বত্বেও, আফগানিস্তানত বিস্ফোৰণ, গুলীবৰ্ষণ আৰু আক্ৰমণ হৈছে। প্ৰায়ে বোমা আক্ৰমণৰ খবৰ পোৱা যায়।

Exit mobile version