Britain : ব্ৰিটেইনত মুঠ জনসংখ্যাৰ অধাতকৈও অধিক হ্ৰাস পালে খ্ৰীষ্টধৰ্মী , মুছলমান – হিন্দুৰ সংখ্যা বৃদ্ধি

Britain

ব্ৰিটেইন আৰু ৱেলছত খ্ৰীষ্টধর্মী জনসংখ্যা অর্ধেকৰো অধিক হ্রাস পালে। মঙলবাৰে প্ৰকাশিত ব্ৰিটেইনৰ লোকপিয়লৰ প্ৰতিবেদনত এই চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে।

প্রতি ১০ বছৰত ব্ৰিটেইনত লোকপিয়ল কৰা হয় আৰু ২০২১ৰ লোকপিয়লৰ প্ৰতিবেদন অনুসৰি,দেশখনত খ্ৰীষ্টধৰ্মী নাগৰিকৰ সংখ্যা হ্রাস পোৱাৰ বিপৰীতে মুছলমান আৰু হিন্দুৰ সংখ্যা বৃদ্ধি পাইছে।

ব্ৰিটেইনৰ ইতিহাসত প্ৰথমবাৰৰ বাবে খ্ৰীষ্টধর্মী জনসংখ্যা আধাতকৈ কম হ’ল। দেশখনৰ সদ্যপ্রকাশিত লোকপিয়লৰ তথ্য অনুসৰি, মুছলমানৰ জনসংখ্যা পূৰ্বৰ ৪.৯ শতাংশৰ পৰিৱৰ্তে ২০২১ত ৬.৫ শতাংশলৈ বৃদ্ধি পালে৷

একেদৰে দেশখনত হিন্দুধর্মী জনসংখ্যা পূৰ্বৰ ১.৫ শতাংশৰ পৰিৱৰ্তে ২০২১৩ ১.৭ শতাংশলৈ বৃদ্ধি পালে৷ ৰাষ্ট্ৰীয় পৰিসংখ্যা বিভাগ (অ’এনএছ) এ ২০২১ৰ লোকপিয়লৰ পৰিসংখ্যা প্ৰকাশ কৰি জনোৱা অনুসৰি, ইংলণ্ড আৰু ৱেলছত খ্ৰীষ্টধৰ্মী মুঠ জনসংখ্যা হ’ল ৪৬.২ শতাংশ।

অর্থাৎ সম্প্রতি ইংলণ্ড আৰু ৱেলছত বসবাস কৰা খ্ৰীষ্টধৰ্মীৰ সংখ্যা হৈছে ২:৭৫ কোটি। ২০১১ৰ লোকপিয়লত ব্রিটেইনত খ্রীষ্টধর্মী জনসংখ্যা আছিল ৫৯.৩ শতাংশ। বিগত এক দশকত ব্রিটেইনত খ্ৰীষ্টধৰ্মীৰ সংখ্যা ১১.১ শতাংশ হ্রাস পালে।

মুছলমান আৰু হিন্দুৰ জনসংখ্যা বৃদ্ধি

ব্রিটেইনত বসবাস কৰা মুছলমান জনসংখ্যা দেশখনৰ মুঠ জনসংখ্যাৰ ৬.৫ শতাংশ হ’ল। ২০১১ত ব্রিটেইনত মুছলমান জনসংখ্যা আছিল ২৭ লাখ। ২০২১ৰ লোকপিয়লত উল্লেখ কৰা অনুসৰি, দেশখনৰ ইছলামধর্মী নাগৰিকৰ সংখ্যা হৈছে ৩৯ লাখ।

একেদৰে ব্ৰিটেইনত বিগত এক দশকত বসবাসকাৰী হিন্দু নাগৰিকৰ সংখ্যাও বৃদ্ধি পালে। ২০১১ৰ পৰিসংখ্যা অনুসৰি, ব্ৰিটেইনত ৮.১৮ লাখ হিন্দুধর্মীয়ে বসবাস কৰিছিল। ২০২১ৰ লোকপিয়লৰ প্ৰতিবেদনৰ তথ্যত উল্লেখ কৰা মতে, ব্ৰিটেইনত ১০ লাখ হিন্দু নাগৰিকে বসবাস কৰিছে।

ধর্মহীন লোকৰ সংখ্যাও ৩৭.২ শতাংশলৈ বৃদ্ধি, বঢ়া নাই ইহুদীৰ জনসংখ্যা

ব্ৰিটেইনৰ সদ্যপ্রকাশিত লোকপিয়লৰ আন এক চাঞ্চল্যকৰ তথ্য হৈছে দেশখনত কোনো ধৰ্মত বিশ্বাস নকৰা নাগৰিকৰ সংখ্যাবৃদ্ধি। ২০২১ৰ লোকপিয়লৰ প্ৰতিবেদনত উল্লিখিত তথ্য অনুসৰি, কোনো ধৰ্মত বিশ্বাস নকৰা অৰ্থাৎ তথাকথিত নাস্তিক নাগৰিকৰ সংখ্যা দেশখনৰ ৩৭.২ শতাংশলৈ বৃদ্ধি পালে।

অর্থাৎ ব্রিটেইনত বসবাস কৰা প্রতি তিনিজন নাগৰিকৰ এজনে হৈছে নাস্তিক। ২০১১ৰ লোকপিয়লত ব্ৰিটেইনত বসবাস কৰা নাস্তিক নাগৰিকৰ সংখ্যা আছিল ২৫ শতাংশ। বিগত এক দশকত দেশখনত ধৰ্মহীন লোকৰ সংখ্যা ১২.২ শতাংশ বৃদ্ধি পালে।

২০২১ৰ লোকপিয়লত উল্লেখ কৰা মতে, বিগত এক দশকত অপৰিৱৰ্তিত হৈ থাকিল ইহুদী ধৰ্মাৱলম্বীৰ সংখ্যা। ২০১১ত ব্ৰিটেইনত মুঠ জনসংখ্যাৰ ০.৫ শতাংশ ইহুদী আছিল আৰু ২০২১ৰ লোকপিয়লৰ প্ৰতিবেদনতো ইহুদী ধৰ্মাৱলম্বীৰ সংখ্যা অপৰিৱৰ্তিত থকা বুলি উল্লেখ কৰা হৈছে।

লোকপিয়লত ধর্ম বিষয়ক প্রশ্নৰ উত্তৰ দিলে ৯৪ শতাংশ নাগৰিকে

অ’এনএছৰ অনুসৰি, লোকপিয়লৰ ক্ষেত্ৰত ধর্ম বিষয়ক প্রশ্ন অন্তর্ভুক্ত কৰাটো যুক্তিসংগত আৰু এইবাৰৰ লোকপিয়লত ব্ৰিটেইনৰ ৯৪ শতাংশ নাগৰিকে এই বিষয়ৰ প্ৰশ্নৰ উত্তৰ দিলে। ২০১১ৰ লোকপিয়লত ব্ৰিটেইনৰ ৯২.৯ শতাংশ লোকে ধর্ম বিষয়ক প্ৰশ্নৰ উত্তৰ দিছিল।

লোকপিয়লৰ পৰিসংখ্যা অনুসৰি, ব্ৰিটেইনৰ ৰাজধানী লণ্ডনৰ উত্তৰত থকা হে’ৰ’ অঞ্চলত সৰ্বাধিক হিন্দুৱে বসবাস কৰে আৰু উক্ত অঞ্চলৰ হিন্দুৰ জনসংখ্যা হৈছে ২৫.৮ শতাংশ। একেদৰে দেশখনৰ লীচেষ্টাৰ চহৰতো হিন্দুৰ জনসংখ্যা হৈছে ১৭.৯ শতাংশ।

সম্প্রতি ব্রিটেইনত খ্ৰীষ্টধৰ্মীৰ পাছতে দ্বিতীয় সর্বাধিক জনসংখ্যা হৈছে নাস্তিকসকল। ধৰ্ম নিৰপেক্ষ লোকৰ সংখ্যা দেশখনত ২২.২ নিযুতলৈ বৃদ্ধি পালে। একেদৰে মুছলমান নাগৰিকৰ সংখ্যা ৩.৯ নিযুত হ’ল। ব্রিটেইনত সম্প্রতি ১০ লাখ হিন্দু, ৫,২৪,০০০ শিখ, ২,৭৩,০০০ বৌদ্ধ আৰু ২,৭১,০০০ জন ইহুদী লোকে বসবাস কৰিছে।

ভাৰতীয় মূলৰ ঋষি ছুনাক ব্ৰিটেইনৰ প্ৰথম হিন্দু প্রধানমন্ত্রী নিযুক্ত হোৱাৰ পাছত প্ৰকাশিত লোকপিয়লৰ এই তথ্যই স্বাভাৱিকতে বিশ্বজুৰি বিশেষ চৰ্চা লাভ কৰিছে। লোকপিয়লৰ পৰিসংখ্যাৰ সন্দৰ্ভত প্রধানমন্ত্রী ছুনাকৰ মুখপাত্রই এইদৰে কয়, ‘নিশ্চিতভাৱে ব্ৰিটেইন হৈছে ভিন্নতাৰ দেশ আৰু এই প্রতিবেদনক স্বাগতম জনোৱা উচিত।

এই প্রতিবেদনত ধৰ্মৰ বিবিধতা অন্তৰ্ভুক্ত হৈছে।’ লোকপিয়লৰ শেহতীয়া প্রতিবেদনে ব্ৰিটেইনৰ ধৰ্মনিৰপেক্ষতাক আকৌ এবাৰ প্ৰমাণ কৰিলে।

Exit mobile version