Dr Gayatri Mahanta : ডক্টৰেট হ’ল মোহময়ী অভিনেত্ৰী গায়ত্ৰী মহন্ত

গুৱাহাটী বিশ্ববিদ্যালয়ৰ লাভ কৰিলে পি এইচ ডি ডিগ্ৰী

7fa8cd1f 4379 4f01 a4c9 eb866f535f17

Dr Gayatri Mahanta :

ৰাজ্যৰ জনপ্ৰিয় অভিনেত্ৰী গায়ত্ৰী মহন্তই লাভ কৰিলে পি এইচ ডি ডিগ্ৰী ৷ ইতিমধ্যে এক ফেচবুক পষ্টৰ জৰিয়তে সদৰি কৰিলে অভিনেত্ৰী গৰাকীৰ স্বামী তথা ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই ৷

গায়ত্ৰী মহন্তই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত লাভ কৰে ডক্টৰেট ডিগ্ৰী ।

তিনি সন্তান সৈতে সাংসাৰিক ব্যস্ততাৰ সমান্তৰালভাৱে অভিনয় আৰু নৃত্যচৰ্চাৰ মাজতে নিজৰ একাগ্ৰতা আৰু ঐকান্তিক প্ৰচেষ্টাৰে অধ্যয়ন কৰি গুৱাহাটী বিশ্ববিদ্যালয়ত গৱেষণাৰ অন্তত সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰাত তেওঁৰ অনুৰাগী আৰু শুভাকাংক্ষী মহলে মোহময়ী অভিনেত্ৰী গৰাকীক শুভেচ্ছা জ্ঞাপন কৰিছে৷

Exit mobile version