Neetaa Ambani : বিশ্বৰ আটাইতকৈ দামী লিপষ্টিক ব্যৱহাৰ কৰে নীতা আম্বানিয়ে  

সেই দামেৰে আপুনি ক্ৰয় কৰিব পাৰিব মুম্বাইত এটা ফ্লেট !

images 1

Neetaa Ambani :

ভাৰতৰ ধনী পৰিয়ালৰ কথা ক’লেই মনলৈ আহে মুকেশ আম্বানিৰ পৰিয়ালৰ কথা । বিলাহবহুল জীৱনশৈলীৰে সদায় চৰ্চাৰ শীৰ্ষত থাকে এচিয়াৰ ভিতৰত দ্বিতীয় ধনী ব্যক্তি মুকেশ আম্বানি । সমান্তৰালকৈ মুকেশ আম্বানিৰ পত্নী নীতা আম্বানিৰ জীৱন শৈলীও বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে ।

মুকেশ আম্বানি পৃথিৱীৰ আটাইতকৈ দামী ঘৰত বাস কৰে । তেওঁৰ জীৱনশৈলী সাধাৰণ মানুহৰ কল্পনাৰ অতীত । খুবেই বিলাহবহুল জীৱনযাপন কৰে তেওঁ । বিভিন্ন সময়ত নীতা আম্বানিৰ খৰচৰ হিচাপ সংবাদ জগতৰ শিৰোনাম হোৱা পৰিলক্ষিত হয় ।

তেওঁ সাজ-সজ্জা , খাদ্যভ্যাস , ৰূপ সজ্জা আদি সকলোতে কোটি কোটি টকা খৰচ কৰে । শেহতীয়াকৈ নিজৰ সকলো কাম কৰিবলৈ ক্ৰয় কৰা ৰৱট মানৱে বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিছিল ।

সদায় চৰ্চাৰ মাজত থকা নীতা আম্বানি এইবাৰ চৰ্চাৰ মাজলৈ অহাৰ কাৰণ হৈছে , ৰূপ-সজ্জাৰ বাবে তেওঁ ব্যৱহাৰ কৰা লিপষ্টিকৰ মূল্য । প্ৰাপ্ত খবৰ অনুসৰি , সমগ্ৰ ভাৰতবৰ্ষত তেওঁৰ সমান কোনো চেলিব্ৰেটিয়ে ইমান দামী লিপষ্টিক ব্যৱহাৰ কৰা নাই ।

তেওঁ ব্যৱহাৰ কৰা এই লিপষ্টিক কোনো সাধাৰণ মানুহে ব্যৱহাৰ কৰিব নোৱাৰে । নীতা আম্বানিয়ে ব্যৱহাৰ কৰা এই লিপষ্টিকটো কোনো সাধাৰণ লিপষ্টিক নহয় ।

অৰ্থাৎ এই লিপষ্টিকৰ দামেৰে আপোনাৰ মোৰ দৰে সাধাৰণ মানুহে মুম্বাইত এটা ফ্লেট ক্ৰয় কৰিব পাৰিব । এই লিপষ্টিকৰ দাম ৭০ লাখ টকাতকৈও অধিক । যিটো কেৱল আম্বানিৰ পৰিয়ালৰ বাবেহে সম্ভৱ ।

Exit mobile version