Rats : ভূমিকম্প হ’লে এইবাৰ উদ্ধাৰকাৰ্যত যাব এন্দুৰ ! পিঠিত বেগ লৈ চলিছে প্রশিক্ষণ

Rat backpack 1666642217779 1666642224461 1666642224461

Rats :

ভূমিকম্পৰ পাছত তৎপৰতাৰে উদ্ধাৰকাৰ্য চলোৱা কিছু অসুবিধাজনক হৈ পৰিছে । কোনো বহুতল ভাঙি পৰিলে তাৰ ধ্বংসস্তূপৰ তলত আৱদ্ধ হৈ থাকে বহু লোক । সঠিক সময়ত উদ্ধাৰ নকৰিলে প্রাণো হেৰুৱাই অনেকে ।

এই সমস্যাৰ সমাধান আনিছে বেলজিয়ামৰ এটা সংস্থা ‘আপোপো’এ । কেনেদৰে ধ্বংসস্তূপৰ তলৰ পৰা কম সময়ৰ ভিতৰতে আটকসকলক উদ্ধাৰ কৰিব পাৰি, তাৰ সমাধান ওলিয়াবলৈ বিশেষজ্ঞসকলে বাছি লৈছে এন্দুৰ ।

ভূমিকম্পৰ পাছত যি পৰিস্থিতিৰ সৃষ্টি হয়, তাৰ কৃত্রিম পৰিৱেশ তৈয়াৰ কৰি এন্দুৰবোৰক প্রশিক্ষণো দিছে সংস্থাৰ স’তে জড়িত বিশেষজ্ঞসকলে

এইণ্ডহোভেন ইউনিভাৰ্চিটি অৱ টেকনোলজিৰ এগৰাকী ইলেকট্রিকেল ইঞ্জিনিয়াৰে এন্দুৰৰ বাবে এটা বেগ তৈয়াৰ কৰিছে । সেই বেগত লগোৱা থাকিব এটা ভিডিঅ’ কেমেৰা, মাইক্র’ফোন আৰু ল’কেছন ট্রান্সমিটাৰ ।

প্রাথমিকভাৱে এই বেগটোৰ নাম দিয়া হৈছে ‘ৰেট পেক’ । ইঞ্জিনিয়াৰ গৰাকীয়ে জনায় যে, এই বেগটোৰ প্র’ট’টাইপ পৰীক্ষা কৰা হৈছে । প্রাথমিকভাৱে সফলো হৈছে তেওঁ ।

ধ্বংসস্তূপথ তলত যদি কোনো আবদ্ধ হৈ থাকে, তেন্তে, কেমেৰা আৰু মাইক্র’ফোনৰ জৰিয়তে চাব পাৰিব । কোন ঠাইত লোকজন আবদ্ধ হৈ আছে, তাৰ সঠিক স্থানো অন্য প্রান্তত থকা লেপটপত ধৰা পৰিব ।

প্রাথমিকভাৱে সফল হ’লেও এতিয়াও বহু কাম বাকী বুলি জনাইছে গৱেষকসকলে । আকাৰ আৰু ওজন আৰু কম কৰিব লাগিব বুলি তেওঁলোকৰ মত । বেগটো যিমান পাতল হ’ব, পিঠিত সেই বেগ লৈ এন্দুৰে চলাফিৰা কৰাত সিমানে সুবিধা হ’ব ।

বেগটো এন্দুৰৰ গাত নিওপ্রিন ভেষ্টৰ জৰিয়তে স্থাপন কৰা হ’ব বুলি তেওঁ জনায় । সাধাৰণতে, স্কুবা ডাইভ কৰাৰ সময়ত এই নিওপ্রিনেৰেই স্কুবা ছুট তৈয়াৰ কৰা হয় ।

মাটি খন্দাৰ সময়ত যন্ত্রৰ যেনে ধৰণৰ শব্দ হয়, সেই ধৰণৰে কিছু শব্দ চলাই এন্দুৰবোৰক এই আপৎকালীন পৰিস্থিতিৰ বাবে প্রস্তুত কৰিছে বিশেষজ্ঞসকলে । ইয়াৰ পাছত পৃথক পৃথক স্তৰত এন্দুৰক প্রশিক্ষণ দিয়া হ’ব, যাতে সিহঁতে বহুতলত উঠা-নমা কৰাত সুবিধা হয় ।

এই প্রশিক্ষণমূলক গৱেষণাৰ নেতৃত্বত আছে ডনা কিন । ডনাই জনাইছে, সকলো ধৰণৰ পৰিৱেশতে এন্দুৰে খাপ খাই যাব পাৰে । স্বভাৱত কৌতূহলীও সিহঁত । ভূমিকম্পৰ পাছত ধ্বংসাৱশেষৰ ভিতৰ পর্যন্ত প্রৱেশ কৰিবলৈও সক্ষম সিহঁত । সেয়ে উদ্ধাৰকাৰ্যৰ বাবে এন্দুৰেই উপযুক্ত ।

ডনাই কয়, ‘‘সপ্তাহত পাঁচ দিন ১৫ মিনিটকৈ এন্দুৰবোৰক প্রশিক্ষণ দিয়া হয় । প্রশিক্ষণৰ পাছত কেতিয়াবা সিহঁতক পিঞ্জৰাৰ ভিতৰ পৃথক পৃথককৈ ৰখা হয় । আকৌ কেতিয়াবা সমলিংগৰ এন্দুৰৰ স’তে এটা পিঞ্জৰাতে ৰখা হয় ।’’

তেওঁ জনায় যে, গৱেষণা অব্যাহত আছে । এটা এন্দুৰৰ প্রশিক্ষণ সম্পূর্ণ কৰিবলৈ ন মাহৰ পৰা এবছৰ সময় লাগে । আগন্তুক এবছৰৰ ভিতৰতেই সম্পূর্ণ প্রক্রিয়াটো সমাপ্ত কৰা সম্ভৱ হ’ব বুলি তেওঁ আশাবাদী ।

Exit mobile version