Bharat jodo yatra : সাত দিনতেই মৰি যাম যেন লাগিছে : ভাৰত জোড়ো যাত্রাত অংশগ্ৰহণ কৰি বিস্ফোৰক মন্তব্য কমল নাথৰ

rahal gathha ka satha bharata jaugdha yatara ma kamalnatha 1665943303

Bharat jodo yatra :

ভাৰত জোড়ো যাত্রাত (Bharat Jodo Yatra) সাত দিন কটায়েই মৰি যাম যেন অনুভৱ হৈছে – বিস্ফোৰক মন্তব্য কৰিলে মধ্যপ্রদেশৰ প্রাক্তন মুখ্যমন্ত্রী কমল নাথে (Kamal Nath) ।

এই মন্তব্যৰ ভিডিঅ’ প্রকাশ্যত অহাৰ পাছতেই চাঞ্চল্যৰ সৃষ্টি হৈছে ৰাজনৈতিক মহলত । কংগ্রেছক কটাক্ষ কৰি বার্তা দিছে বিজেপি-য়ে ।

প্রসংগত, কিছুদিন পূৰ্বে ৰাহুল গান্ধীয়ে (Rahul Gandhi) কয়, ভাৰত জোড়ো যাত্রাত অংশগ্ৰহণ কৰি প্রচুৰ খোজকাঢ়িলেও কোনো বিশেষ সমস্যাত পৰা নাই ।

কিন্তু কমলৰ এই মন্তব্যৰ পাছত বিজেপিৰ দাবী, মানুহক জোৰ কৰি এই যাত্রাত খোজকাঢ়িবলৈ বাধ্য কৰিছে ৰাহুল গান্ধীয়ে ।

ভাৰত জোড়ো যাত্রাৰ নিয়ম অনুযায়ী, প্রতিদিনে পুৱা ছয় বজাৰ পৰা খোজকঢ়া হ’ব । দিনত প্ৰায় ২৪ কিলোমিটাৰ খোজকাঢ়িব লাগিব প্রত্যেক যাত্রীৰে ।

এইদৰে একেৰাহে সাতদিন কটাই মধ্যপ্রদেশৰ মুখ্যমন্ত্রীৰ ভাব হৈছে, তেওঁ হয়তো মৰিও যাব পাৰে ।

ইন্দৌৰত পণ্ডিত প্রদীপ মিশ্রৰ স’তে দেখা কৰিবলৈ গৈছিল কংগ্রেছ নেতাগৰাকী । তাতেই তেওঁ কয়, “ম‌ইতো সাতদিন মৰিছো । যাত্রাৰ দুটা নিয়ম- পুৱা ছয় বজাৰ পৰা খোজকঢ়া আৰম্ভ কৰা ।

কমেও ২৪ কিলোমিটাৰ খোজকাঢ়িব‌ই লাগিব ।” এই ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পাছতেই বিভিন্ন মহলত সমালোচনাৰ আলোড়ন উঠে ।

ৰাহুল গান্ধীক আক্রমণৰ সুযোগ এৰা নাই বিজেপিয়েও । কমল নাথৰ ভিডিঅ’ৰ উত্তৰত এটা টুইট কৰে মধ্যপ্রদেশৰ গৃহমন্ত্রী নৰোত্তম মিশ্র‌ই ।

প্রাক্তন মুখ্যমন্ত্রীৰ জাতি পৰিচয় উল্লেখ কৰি তেওঁ কয়, “জাতি আৰু ধর্মৰ ভিত্তিত ভেদাভেদ কৰে ৰাহুল গান্ধীয়ে । পিছপৰা জাতিৰ প্রতি তেওঁৰ মানসিকতা কেনেকুৱা, সেই বিষয় ফাদিল কৰিছে কমল নাথে । ম‌ই ৰাহুল বাবাক আবেদন কৰিছো, নিজৰ যাত্রাক সকলোৰে আগত সফল প্রমাণ কৰিবলৈ গৈ অন্যক অসুবিধাত নেপেলাব । যিসকল শাৰীৰিকভাৱে সক্ষম নহয়, তেওঁলোকক বলিৰ পাঠা নবনাব ।”

প্রসংগত, ভাৰতৰ একাধিক বিশিষ্ট নাগৰিকে ভাৰত জোড়ো যাত্রাত যোগ দিছে । সেয়ে ৰাহুল গান্ধীয়ে কয়, দেশজুৰি প্রায় দুহেজাৰ কিলোমিটাৰ পথ খোজকাঢ়িও তেওঁ ক্লান্ত হোৱা নাই । তেওঁৰ সহযাত্রীসকলো সুস্থ-সবল হৈ আছে ।

কিছুদিন পূৰ্বে ৰাহুলে কৈছিল, এই যাত্রা কেৱলমাত্র ৰাজনৈতিক কাৰ্যসূচী নহয় । তেওঁৰ বাবে এই যাত্রা ব্যক্তিগত । নিজকে আৰু এই ‘সুন্দৰ’ দেশখনক ভালকৈ বুজাই তেওঁৰ এই যাত্রাত অংশ লোৱাৰ উদ্দেশ্য ।

এই যাত্রাত অংশ লৈ তেওঁৰ আঠুৰ সমস্যাও কমি গৈছে বুলি দাবী কৰিছিল কংগ্রেছ সাংসদজনে । অৱশ্যে মধ্যপ্রদেশৰ নেতাৰ মন্তব্যত যথেষ্ট অস্বস্তিত পৰিব ৰাহুল ।

Exit mobile version