French Toast : সকলোৰে প্ৰিয় ফ্ৰেন্স টোষ্টৰ ইতিহাস কি ? জানক আৰু পঢ়ক

83a3ac7a 1be3 42dc 8bf8 6fffdfab5be4

French Toast :  বিশ্বজুৰি ২৮ নৱেম্বৰৰ দিনটো ফ্ৰেন্স টোষ্ট দিৱস হিচাপে পালন কৰা হয় । ফ্ৰান্সৰ আটাইতকৈ জনপ্ৰিয় এই খাদ্য সম্ভাৰ । ফ্ৰান্সৰ সমান্তৰালকৈ বিশ্বৰ প্ৰায় সংখ্যক দেশতে এই খাদ্য সমানেই জনপ্ৰিয় ।

আমেৰিকা যুক্তৰাষ্ট্ৰত এই খাদ্যৰ প্ৰচলন সাত দশকতেই আৰম্ভ হৈছিল । বহুতে এই জনপ্ৰিয় ফ্ৰেন্স টোষ্টক ‘ এগ টোষ্ট ‘ বুলিও কয় । একেদৰে স্পেইনত ‘ স্পেনিছ টোষ্ট ‘ আৰু ভাৰতত ‘ বোম্বে টোষ্ট’ বুলি পৰিচয় লাভ কৰে ।

পাতলীয়া খাদ্য হিচাপে সকলোৰে জনপ্ৰিয় এই ফ্ৰেন্স টোষ্ট । কাৰণ এই খাদ্য সুস্বাদু হোৱাৰ লগতে তৈয়াৰ কৰিবলেও অতি সহজ । ফ্ৰেন্স টোষ্ট ফ্ৰান্সত ‘ লষ্ট ব্ৰেড ‘ বা ‘পেইন পেঁদৰু ‘ নামেৰে বেছি পৰিচিত ।

ফ্ৰান্সৰ স্থানীয় লোকৰ মতে , আচলতে খাদ্য নষ্ট বা অপচয় নোহোৱাৰ পৰিকল্পনা কৰিয়েই এই খাদ্যৰ আৱিষ্কাৰ কৰিছিল । পাউৰুটিৰ তলৰ কলা অংশটো গাখীৰ আৰু কণী ফেটি ডুৱাই কম তেলত ফ্ৰাই কৰি ফ্ৰেন্স টোষ্ট তৈয়াৰ কৰা হয় ।

ইফালে বহু কেইজন ইতিহাসবিদে কয় যে , ইয়াৰ নাম ফ্ৰেন্স টোষ্ট হ’লেও এই খাদ্যৰ উত্থান কিন্তু প্ৰাচীন ৰোমত হৈছিল ।
খ্ৰীষ্টপূৰ্ব পঞ্চম শতাব্দীৰ সময়ছোৱাতে এই কথাৰ প্ৰমাণ পোৱা গৈছিল ।

ইতিহাসবিদৰ দাবী যে ,এই সময়ত হুবহু ফ্ৰেন্স টোষ্টৰ খাদ্যৰ দৰেই ৰোমত ইয়াৰ সন্ধান পোৱা গৈছিল । ৰোমত অৱশ্যে এই খাদ্যৰ নাম বেলেগ আছিল । ৰোমত ইয়াক ‘প্যান ডুলচিচ ‘ বুলি জনা গৈছিল ।


অন্য এদল ইতিহাসবিদে আকৌ এইবুলিও কৈছে যে , ‘ফ্ৰেন্স টোষ্ট’ এই ফান্স শব্দটো আচলতে ফ্ৰান্স বুজোৱা নাই । প্ৰাচীন আইৰিছ ভাষাৰ ‘ফেন্স’ শব্দৰ অৰ্থ হৈছে , “টুকুৰা কৰি কটা ।‘’

ধাৰণা কৰা হয় যে , বিভিন্ন দেশ ভ্ৰমণ কৰাৰ সময়ত আইৰিছৰ এই খাদ্যটি ‘ ফ্ৰেন্স টোষ্ট’ বুলি ক’বলৈ আৰম্ভ কৰে আৰু এনেকৈয়ে কালক্ৰমত সমগ্ৰ বিশ্বত এই খাদ্য ‘ফ্ৰেন্স টোষ্ট’ হিচাপেই পৰিচয় লাভ কৰে ।

Exit mobile version