New Appointment : জানুৱাৰিত পুনৰ ১০ হাজাৰ চাকৰিৰ বিজ্ঞাপন

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ঘোষণা

WhatsApp Image 2022 12 02 at 14.16.49

New Appointment:
ৰাজ্যৰ নিবনুৱা সকলৰ বাবে এটা ভাল খবৰ কঢ়িয়াই আনিছে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷ একলাখ চাকৰি দিয়াৰ লক্ষ্যৰে শাসনৰ গাদীত বঢ়া বিজেপি নেতৃত্বাধীন চৰকাৰে ইতিমধ্যে ইতিমধ্যে নিযুক্তি দিছে কে’বা সমস্ৰাধিক নিবনুৱাক ৷

স্বচ্ছ আৰু নিকা পদ্ধতিৰে নিযুক্তি প্রক্রিয়া সম্পন্ন কৰাৰ লক্ষ্যৰে আগবঢ়া চৰকাৰ খনে নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে আনিছে এক সুন্দৰ বাৰ্তা ৷

নতুত বৰ্ষৰ ১৫ জানুৱাৰী ভিতৰত ১০ হাজাৰ পদৰ বাবে বিজ্ঞাপন দিয়াৰ কথা আজি সদৰি কৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷

উল্লেখ্য যে মহানগৰীৰ পাণ্ডু-কামাখ্যা পথ পৰিদৰ্শন কৰিবলৈ গৈ সাংবাদিকৰে হোৱা এক বাৰ্তালাপত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, নতুন ১০ হাজাৰ পদৰ বাবে নতুনকৈ বন বিভাগৰ বেটেলিয়ন সহ আন কেবাটাও বিভাগ গঠন কৰাৰ কথাও উল্লেখ কৰি আজি এই সম্পৰ্কত চৰকাৰৰ এখন গুৰুত্বপূৰ্ণ বৈঠকৰ কথাও প্ৰকাশ কৰে ৷

মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয়, একলাখ নিযুক্তি দিয়াৰ লক্ষ্যৰে আগবঢ়া চৰকাৰ খনে ইতিমধ্যে নিযুক্তি সম্পন্ন কৰিছে ৮০ হাজাৰৰ। আনহাতে বাকী বিশ হাজাৰ নিযুক্তি প্ৰক্ৰিয়া অহা বৰ্ষৰ প্ৰথম তিনিমাহৰ ভিতৰত শেষ হ’ব বুলি মন্তব্য কৰে ৷

Exit mobile version