Sijubari Incident :মহানগৰীত চাঞ্চল্যকৰ ঘটনা

ওলমি থকা অৱস্থাত উদ্ধাৰ মাতৃ- কন্যাৰ মৃতদেহ,মৃত্যুৰ পূৰ্বে স্বামীৰ নিৰ্যাতনৰ বৰ্ণনা দিলে ভিডিঅ যোগে

WhatsApp Image 2022 12 02 at 16.20.55

Sijubari Incident:
মহানগৰীত চাঞ্চল্যকৰ ঘটনা ৷ হাতীগাওঁৰ সিজুবাৰী ল’জৰ সন্মুখৰ কোঠা এটাত চিপ লোৱা অৱস্থাত উদ্ধাৰ মাতৃ- কন্যাৰ মৃতদেহ ৷

আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱা পূৰ্বে স্বামী আজাদ আলীয়ে পত্নী- কন্যাৰ মৃতদেহ নমাই অনাক লৈ ৰহস্য গোন্ধ পাইছে আৰক্ষীয়ে ৷
স্বামী আজাদ আলীয়ে আত্মহত্যা বুলি কব বিচাৰে যদিও বোৱাৰী গৰাকীৰ পৰিয়ালৰ লোকে মানি ল’ব পৰা নাই ৷

উল্লেখ্য যে বোৱাৰী গৰাকীয়ে মৃত্যুৰ পূৰ্বে এক ফেচবুক ভিডিঅ’ত উল্লেখ কৰে যে স্বামীয়ে তেওঁৰ ওপৰত চলাইছিল অকথ্য শাৰীৰিক – মানসিক নিৰ্যাতন

সাত বছৰীয়া কন্যা শিশু সহ পত্নীয়ে আত্মহত্যা কৰা বুলি আৰক্ষীৰ ওচৰত আজাদ আলীয়ে কয় যদিও পতিয়ন যাব পৰা নাই আৰক্ষীয়ে ৷ ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে আজাদ আলীক ৷

Exit mobile version