Cm Vigilance : জিএম চি বোকা নিষ্কাশন কেলেংকাৰীৰ মহানায়ক মিঠু আগৰৱালাক গ্ৰেপ্তাৰ

বিহাৰৰ পৰা গ্ৰেপ্তাৰ মিঠু আগৰৱালাক

98943f13 9f3e 49e6 90be 2e4a415d0081

Cm Vigilance :

অৱশেষত আৰক্ষী জালত পৰিল জি এম চিৰ বোকা নিষ্কাশন কেলেংকাৰীত নাম সাঙুৰ পৰা বহু বিতৰ্কিত ঠিকাদাৰ মিঠু আগৰৱালা। বিহাৰত আত্মগোপন কৰি থকা অৱস্থাতে চি এম ভিজিলেঞ্চৰ বিশেষ দলে গোপন সুত্ৰৰ ভিত্তিত অভিযান চলাই আটক কৰে ৷

বহু বিতৰ্কিত ঠিকাদাৰজনক গ্ৰেপ্তাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী তদাৰকী শাখাৰ অধীক্ষক ৰ’জী কলিতাই সাংবাদিকক জানিব দিয়ে যে বোকা নিষ্কাশন কেলেংকাৰীত ইতিমধ্যে জি এম চিৰ বহু কেইজন জ্যেষ্ঠ অভিযন্তা- বিষয়া আটক হোৱাৰ পিছৰে পৰা পলাতক অৱস্থাত আছিল মিঠু আগৰৱালা ৷

ঠিকাদাৰজনৰ সন্ধানত মুখ্যমন্ত্ৰী তদাৰকী শাখাই অভিযান চলাই থকাৰ মাজতে গোপন সূত্ৰৰ খৱৰৰ ভিত্তিত বিহাৰৰ চুপল জিলাৰ ভিতৰুৱা গাঁও ট্ৰিবেনীগঞ্জৰ এঘৰ আত্মীয় ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা মিঠু আগৰৱালাক ।

ধৃত ঠিকাদাৰজনক শনিবাৰে বিহাৰৰ চুপল জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাৰ পিছত আদালতৰ জৰিয়তে ট্ৰেনজিৎ ৰিমাণ্ডত লৈ চিএম ভিজিলেন্সৰ দলটো আজি ৰাওনা হয় গুৱাহাটী অভিমুখে ।

মনকৰিবলগীয়া যে গুৱাহাটী পৌৰনিগমৰ বহু চৰ্চিত বোকা নিষ্কাশন কেলেংকাৰীত সাঙোৰ খোৱা ১৪ গৰাকী অভিযন্তা-বিষয়াক আটক কৰিছিল মুখ্যমন্ত্ৰী তদাৰকী শাখাই ৷ ইতিমধ্যে আৰক্ষীয়ে প্ৰস্তুত কৰা আৰোপপত্ৰত সন্নিৱিষ্ট আছিল মিঠু আগৰৱালাৰ নাম৷

চি এম ভিজিলেঞ্চৰ এছ পি ৰৌজী কলিতাই উল্লেখ কৰা মতে মুল অভিযুক্ত মিঠু আগৰৱালা জালত পৰাৰ পিছত চি এম ভিজিলেন্সৰ তদন্ত প্ৰক্ৰিয়া অধিক অগ্ৰগতি দিশত আগবাঢ়িব৷কোনো অভিযুক্তই ৰেহাই নাপায় ৷

Exit mobile version