Fir Case Filed Against Ajmal :সাম্প্ৰদায়িক মন্তব্য কৰা বদৰুদ্দিন আজমলৰ বিৰুদ্ধে থানাত ৰজু গোচৰ

হাতীগাওঁ থানাত গোচৰ ৰুজু দুলু আহমেদৰ

e14666a4 4582 44bd a242 bde8bbb851b0

Fir Case Filed Against Ajmal :

সততে বিতৰ্কিত মন্তব্যৰে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি অহা বহুবল্কী বদৰুদ্দিন আজমলৰ শেহতীয়াএক বিতৰ্কিত মন্তব্যই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৰাজ্যৰ সৰ্বত্ৰে ৷

এ আই ইউ ডি এফৰ মুৰব্বী জনে দুই ডিচেম্বৰত হিন্দু সম্প্ৰদায়ক লৈ কৰিছিল এক উদ্ভট মন্তব্য৷ ধুবুৰীৰ সাংসদজনৰ এনে সাম্প্ৰদায়িক বিষবাষ্প বিলোৱা মন্তব্য বিৰুদ্ধে আজি এজাহাৰ দাখিল কৰে অসম জাতীয় পৰিষদৰ উপ-সভাপতি দুলু আহমেদে।

মহানগৰীৰ হাতীগাঁও থানাত দাখিল কৰা এজাহাৰত দুলু আহমেদে আজমলৰ বিৰুদ্ধে কঠোৰতম শাস্তিৰ দাবী জনাই ৷
এজাহাৰ দাখিল কৰাৰ পিছতে দুলু আহমেদে সাংবাদিকক কয় যে, বদৰুদ্দিন আজমলে ইমান নিকৃষ্ট ভাষাৰে সাম্প্ৰদায়িক মন্তব্য কৰাৰ পিছতো বিজেপিৰ নেতৃত্বাধীন চৰকাৰ খনে সাংসদ গৰাকীৰ বিৰুদ্ধে এই পৰ্যন্ত ব্যৱস্থা গ্ৰহণ কৰা নাই ৷

কাৰণ সময়ে সময়ে বিজেপিৰ ৰাজনৈতিক লাভালাভ হোৱাকৈ এই ধৰণৰ বিৰ্তকিত মন্তব্য দিয়ে ৷ এইবাৰ সাংসদ জনে সকলো সীমা অতিক্ৰম কৰি অতি ঘৃণনীয় মন্তব্য প্ৰকাশৰে ৰাজ্যৰ সাতামপুৰুষীয়া সভ্যতা- সংস্কৃতিত এক প্ৰকাৰ চৰম ভেঙুচালি কৰাৰ ধৃষ্টতা দেখুৱাইছে ৷

দুলু আহমেদে কয়, ‘আজমলে সময় সাপেক্ষে বিজেপি দলৰ সুবিধা হোৱাকৈ এইধৰণৰ মন্তব্য কৰি আহিছে। কালিৰ দিনটোতে এই মন্তব্য কৰিছে কিন্তু বিজেপি চৰকাৰে এতিয়ালৈকে তেওঁৰ ওপৰত একো ব্যৱস্থা গ্ৰহণ কৰা নাই’।

স্মতৰ্ৱ্য যে শুক্ৰবাৰে কৰিমগঞ্জৰ এক সভাত অংশ গ্ৰহণ কৰিবলৈ গৈ এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাক তিৰ্যক মন্তব্য কৰি কৰি কয় যে,মুখ্যমন্ত্ৰীয়ে চাৰি- পাঁচগৰাকী মুছলিম ছোৱালী বিয়া কৰি দুই চাৰিটা সন্তান জন্ম দিবলৈ আহ্বান জনায় ৷

আনহাতে বহুবল্কী সাংসদজনে হিন্দু লোক সকলৰ যুৱকে চল্লিশ বছৰৰ পিছত বিয়া পাতিবলৈ গৈ সন্তান জন্ম দিব পৰা ক্ষমতা হেৰুৱাই বুলি নিকৃষ্ট ভাষাৰে মন্তব্য কৰিও ক্ষান্ত নাথাকি ৪০ বছৰৰ পূ্বে হিন্দু যুৱকে কে’বা গৰাকী যুৱতীৰ স’তে সম্পৰ্ক ৰক্ষা কৰে বুলিও প্ৰকাশ কৰিছিল

Exit mobile version