Kalyan Dutta Arrest : ডিব্ৰুগড় ৰেগিং কাণ্ডৰ আৰু এজন অভিযুক্ত কল্যাণ দত্তক গ্ৰেপ্তাৰ

আত্মগোপন কৰি থকা অৱস্থাত ফেচবুক লাইভত নিৰ্দোষী বুলি স্পষ্টিকৰণ দিছিল কল্যাণে

24523e76 ad67 489a 9da1 a78b199a65b9 1

Kalyan Dutta Arrest :

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডত জড়িত আৰু এজন অভিযুক্তই আত্মগোপন কৰি থকাৰ পিছত অৱশেষত আত্মসমৰ্পণ কৰে ৷

আত্মসমৰ্পণৰ পিছত ডিব্ৰুগড় আৰক্ষীয়ে শনিবাৰে গ্ৰেপ্তাৰ কৰে ৷আটকাধীন ছাত্ৰজন হ’ল বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ তৰ্ক সম্পাদক কল্যাণ দত্ত ৷

উল্লেখ্য যে ৰেগিংৰ বলি হৈ আদিত্য নাছিং হোমত চিকিৎসা চিকিৎসাধীন হৈ থকা আনন্দ শৰ্মা ৰেগিং গোচৰৰ অন্যতম অভিযুক্ত আছিল কল্যাণ দত্ত ৷

যোৱাকালি লৈকে পলাতক অৱস্থাত থকা কল্যাণে নিজকে নিৰ্দোষী বুলি ফেচবুক লাইভৰ জৰিয়তে এক মন্তব্য দাঙি ধৰিছিল৷ আনহাতে ৰেগিং কাণ্ডৰ স’তে সাঙোৰ খোৱা প্ৰতিজনক ৰেহাই দিয়া নহ’ব বুলি ডিব্ৰুগড়ৰ আৰক্ষীৰ এছ পিৰ কঠোৰ স্থিতিৰ পিছতে কল্যাণে আত্মসমৰ্পণৰ বাবে আৰক্ষী থানালৈ আহি থকা পথতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কল্যাণক ৷

এই পযাপ্ত আৰক্ষীয়ে আটক কৰা অভিযুক্তৰ সংখ্যা বৃদ্ধি পালে ছজনলৈ৷ স্মতৰ্ৱ্য যে ৰেগিং কাণ্ডৰ মাষ্টাৰ মাইণ্ড ৰাহুল চেত্ৰী এই পৰ্যন্ত পলাতক অৱস্থাত আছে ৷

ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰই সংবাদ মাধ্যমক জানিব দিয়া মতে ৰেগিং কাণ্ডৰ মুল অভিযুক্ত ৰাহুল চেত্ৰীৰ অৱস্থিতি ইতিমধ্যে আৰক্ষীয়ে গম পাইছে ৷শীৰ্ঘে আৰক্ষী জালত পৰাৰ কথা উল্লেখ কৰে এছ পি গৰাকীয়ে৷

উল্লেখযোগ্য ধৃত কল্যাণ দত্তক মুখ্য ন্যায়িক দণ্ডাধীশ আদালতলৈ অনাৰ সময়ত মুখলজ্জাৰ পৰা হাত সাৰিবলৈ ঢাকি আহিছিল মুখমণ্ডল৷

Exit mobile version