Lifestyle : এই পাঁচটা বদ অভ্যাস ত্যাগ কৰক , নহ’লে হ’ব মহাবিপদ

WhatsApp Image 2022 12 03 at 19.00.18

Lifestyle :
জীৱনৰ কিছু সময় আমাৰ খুব বেয়া দিন যায় । কিন্তু এই বেয়া দিনৰ কাৰণবোৰ আমি কেতিয়াও বিশ্লেষণ নকৰো । ইয়াৰবাবে দায়ী হয়তো আমাৰ কিছুমান বেয়া অভ্যাস । এই বেয়া অভ্যাসবোৰ যদি আমি ৰোধ নকৰো, আমাৰ জীৱনৰ উন্নতি সম্ভৱ নহয় ।

এইক্ষেত্ৰত বাস্তুশাস্ত্ৰই আগবঢ়াইছে এই পাঁচটা বিশেষ অভ্যাস । যি কেইটা পালন কৰিলে আমাৰ বদ অভ্যাস ত্যাগ কৰিব পৰা যায় ।
১/ ৰাতিপুৱা দেৰিলৈকৈ শুই থাকিব নেলাগে : বিভিন্ন সময়ত ৰাতি দেৰিলৈকে কাম কৰাৰ বাবে আমি পুৱা দেৰিলৈকে শুই থাকো । কিন্তু বাস্তুমতে এই অভ্যাস আমাৰ বাবে খুবেই বেয়া । সূৰ্য উদয় হোৱাৰ লগে লগেই আপুনিও বিচনা এৰিব লাগে ।

২/ ঘৰত সূৰ্যৰ পোহৰ প্ৰৱেশ কৰিব দিব লাগে : ৰাতিপুৱা শুই উঠাৰ পিছত ঘৰৰ দুৱাৰ-খিৰিকি খুলি দিব লাগে যাতে পুৱাৰ সূৰ্যৰ পোহৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰিব পাৰে । তেনে কৰিলে ঘৰৰ পৰা নিগেটিভ শক্তি দূৰ হয় ।

৩/ বাহি কাপোৰ কেতিয়াও বেছি দেৰিলৈকে থৈ দিব নেলাগে : বাহি কাপোৰ কেতিয়াও বেছি দেৰিলৈকে থৈ দিব নেলাগে । নহ’লে কিন্তু ঘৰলৈ মহাবিপদ আহিব । ঘৰৰ বাকীবোৰ মানুহ শুই উঠাৰ পূৰ্বেই নিজে স্নান কৰি বাহি কাপোৰ ধুই পেলাব লাগে ।

৪/ সন্ধ্যা তুলসীৰ তলত চাকি দিব লাগে : প্ৰতিদিনেই সন্ধ্যা তুলসীৰ তলত চাকি দিব লাগে । দেখিব আপোনাৰ জীৱনটো অতিকৈ সুন্দৰ হৈ উঠিছে । সমান্তৰালকৈ সদায় তুলসীৰ তল চাফা কৰি ৰাখিব লাগে । অৱশ্য চাকি জ্বলাওতে শংখধ্বনি বজাবলৈ পাহৰিব নেলাগে ।

৫/ ৰাতি বিচনাত পৰাৰ আগে প্ৰণাম মন্ত্ৰ পাঠ কৰক : ৰাতি বিচনালৈ যোৱাৰ আগে প্ৰণাম মন্ত্ৰ পাঠ কৰিব লাগে । এই অভ্যাসে আপোনাৰ জীৱন সুন্দৰ কৰি তুলিব ।

বি : দ্ৰ : এই প্ৰতিবেদনটো বাস্তুশাস্ত্ৰৰ নীতি অনুসৰি যুগুত কৰা হৈছে । গতিকে ব্যক্তিবিশেষৰ বাবে ইয়াৰ ফল ভিন্ন হ’ব পাৰে ।

Exit mobile version