Silchar Sylhet Festival : মেগা ফ্লপ শ্ব’ত পৰিণত শিলচৰ সিলেট উৎসৱ

WhatsApp Image 2022 12 04 at 18.42.28

Silchar Sylhet Festival :

মেগা ফ্লপ শ্ব’ত পৰিণত হৈছে শিলচৰ সিলেট উৎসৱ ২০২২ । শিলচৰৰ সাংসদ ৰাজদীপ ৰায়ৰ বিশেষ উদ্যোগত আয়োজিত এই মেলা সম্প্ৰতি চর্চাৰ বিষয় হৈ পৰিছে শিলচৰৰ বিভিন্ন মহলত ।

ৰাজনৈতিক মহলৰ পৰা সাংস্কৃতিক মহল প্রত্যেকৰে মুখত এটাই চর্চা ইমান বিশাল এটা উৎসৱৰ আয়োজন হ’ল অথচ মানুহৰ সমাগম নাই কিয় ?

অনেকে ইয়াৰ বাবে সাংসদ ৰাজদীপ ৰায়ৰ “একলা চলো” নীতিক দোষাৰোপ কৰিছে । কাৰণ এই উৎসৱক লৈ যিমানবাৰ সাংবাদিক সন্মিলন হৈছে কেৱল সাংসদকে অকলে দেখা গৈছে ।

দর্শকশূন্য পথাৰত যিফালে মূৰ ঘূৰাইছিল সিফালে কেৱল বাংলাদেশী প্রতিনিধিসকলকেই দেখা গৈছিল । বহু ক্ষেত্রত তেওঁলোকে যেন এই পৰিস্থিতিক লৈ বিব্রত অৱস্থাৰে দুদিন কটাই বাংলাদেশ উভতিবলগীয়া হৈছে ।

দুদিনীয়া শিলচৰ-সিলেট উৎসৱৰ শনিবাৰ আছিল অন্তিম দিন । বহু প্রতিক্ষিত শিলচৰ সিলেট উৎসৱৰ সমাপ্তি সন্ধিয়াত উৎসৱৰ দ্বিতীয় সংস্কৰণ সিলেটত গৈ কৰাৰ ঘোষণা কৰিছে অন্যতম আয়োজক তথা শিলচৰৰ সাংসদ ডাক্তৰ ৰাজদীপ ৰায়ে ।

ইপিনে আশানুৰূপ দর্শকসকলৰ অভাৱত সমগ্ৰ দিনৰ কাৰ্যসূচী ভংগ কৰিবলগীয়া হৈছিল উদ্যোক্তাসকলে । সংস্কৃতি বন্ধনত আৱদ্ধ হোৱাৰ আহ্বান জনাই শিলচৰ-সিলেট উৎসৱৰ আয়োজন কৰা হয় যদিও আশানুৰূপ ফলাফল লাভ নকৰে বুলি দাবী বিজ্ঞ মহলৰ ।

যাৰ চিত্র ধৰা পৰে শিলচৰ আৰক্ষী পেৰেড গ্রাউণ্ডত । শনিবাৰে আছিল মূল অনুষ্ঠান, বাংলাদেশ প্রতিনিধি দলৰ প্রায় দুশ প্রতিনিধি উপস্থিত আছিল যদিও সমাহাৰত শ্রোতা দর্শক আৰু সাংস্কৃতিকপ্রেমীসকলৰ অতি কম উপস্থিতিয়ে এসময়ত উদ্বিগ্ন কৰিছিল উদ্যোক্তাসকলক ।

দর্শকৰ খালি আসন ঢাকিবৰ বাবে মূল পেণ্ডেলৰ দুই তৃতীয়াংশৰ অধিক পর্দা পেলাই পৃথক কৰি দিয়া হয় । হাতত গণনা কৰিব পৰা কেইজনমান স্থানীয় দর্শকৰ উপস্থিতিৰ বাবে দিনৰ কার্যক্রম স্থগিত কৰা হয় ।

ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্রণালয়ৰ সাহায্যত নতুন দিল্লীৰ ইণ্ডিয়া ফাউণ্ডেছন আৰু বাংলাদেশ ফাউণ্ডেছন ফৰ ৰিজিঅ’নেল ষ্টাডিজ আয়োজিত দুই দিনীয়া উৎসৱৰ আজি সমাপ্তি সন্ধিয়া আছিল । আয়োজনৰ ক্ষেত্রত বেচ কিছু দুর্বল পৰিকল্পনাই গোটেই অনুষ্ঠান অসফল কৰি তোলে ।

Exit mobile version