Wedding : যমজ ভগ্নীৰ পছন্দ এক ! এজন ব্যক্তিৰ লগতেই বিয়াত বহিল দুই ভগ্নী

1670135612 twin

Wedding :

মহাৰাষ্ট্ৰৰ বাসিন্দা যমজ ভগ্নী পিঙ্কি আৰু ৰিঙ্কি দুয়ো পেছাত অভিযন্তা ! দুয়োগৰাকী ভগ্নীৰ কৃতিত্ব এতিয়া ভাইৰেল হৈ পৰিছে। কিয়নো, মহাৰাষ্ট্ৰৰ চোলাপুৰৰ বাসিন্দা এই দুগৰাকী ভগ্নীয়ে বিয়া কৰালে একেজন লৰাকে !

ADVERTISEMENT

অৱশ্যে, ঘৰৰ লোকৰ অমতত নহয়, পৰিয়ালৰ সন্মতিতে ঘটিছিল এই সকলো ।

দুই নৱেম্বৰত, আকলুজ গাঁৱত বিবাহ অনুষ্ঠান অনুষ্ঠিত হয়। তেওঁলোকৰ বিবাহৰ ভিডিঅ‘ ভাইৰেল হোৱাৰ লগে লগে নেটিজেনসকলৰ মনত প্ৰশ্ন উত্থাপিত হৈছিল, এই বিবাহে আইনী স্বীকৃতি লাভ কৰিব নেক?

দুয়োগৰাকী ভগ্নী দেখাত হুবহু একেই ! তেওঁলোক দুয়ো মুম্বাই চহৰত বাস কৰে। দুয়োজনে সিদ্ধান্ত লয় যে তেওঁলোকে অতুল নামৰ লোকজনক বিয়া কৰাব।

তেওঁলোকে বিবাহৰ পাছত পৃথক হ’ব নিবিচাৰে, সেয়েহে তেওঁলোকে এনে কৰাৰ সিদ্ধান্ত লয়।

মালশিৰাছ তালুকাৰ বাসিন্দা অতুল কিছু দিন ধৰি ৰিঙ্কি আৰু পিঙ্কিৰ পৰিয়ালৰ ঘনিষ্ঠ আছে। তেঁওৰ দেউতাকৰ মৃত্যুৰ পাছত, যুৱতীদুগৰাকীয়ে তেওঁলোকৰ মাকৰ স’তে বাস কৰে ।

যেতিয়া ৰিঙ্কি আৰু পিঙ্কিৰ মাক অসুস্থ হৈ পৰে , অতুলে তেওঁলোকৰ পৰিয়ালক বিভিন্ন ধৰণে সহায় কৰিছিল। সেই সময়ত, দুয়োগৰাকী ভগ্নী অতুলৰ প্ৰেমত পৰে। ৰিঙ্কি আৰু পিঙ্কিয়ে তেঁওলোকৰ মাকৰ অনুমতিত অতুলৰ স’তে বিবাহ পাশত আৱদ্ধ হয় ।

যদিও নেটিজেনসকলৰ এটা অংশই এই বিবাহ গ্ৰহণ কৰিবলৈ অনিচ্ছুক, এটা শাখাই অতুলৰ বিষয়ে বিভিন্ন মিম প্ৰস্তুত কৰিছে। কোনোবাই লিখিছিল, “আমাৰ এনে ভাগ্য কিয় নাই!” কোনোবাই পুনৰ ক’লে, “মই ভাবি পোৱা নাই লৰাজনৰ ভাগ্যত হাঁহিম নে কান্দিব ।”

Exit mobile version