Gujarat 2nd Phase Polls : গুজৰাট বিধানসভা নিৰ্বাচনৰ আজি অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ

সাধাৰণ ভোটাৰৰ দৰে শাৰীপাতি ভোট দিলে প্ৰধানমন্ত্ৰীয়ে

9aa941fd 3dee 41e2 8495 d46b49970ac4

Gujarat 2nd Phase Polls :

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ গৃহ ৰাজ্য গুজৰাট বিধানসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ আজি পুৱাৰে পৰা ভোট কেন্দ্ৰ সমূহত আৰম্ভ হৈছে৷ইভিএমত বন্দী হ’ব ৮৩৩ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয়৷ পুৱা আঠ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়া সন্ধিয়া পাঁচ বজাত অন্ত পৰিব ৷

মুঠ ২৬,৪০৯টা কেন্দ্ৰত ৩৬,০০০ ই ভিএমত অব্যাহত আছে ভোটগ্ৰহণ। ৰাজ্যৰ মুঠ ভোটাৰা সংখ্যা চাৰি কোটি ৯১ হেজাৰ ।  উল্লেখ্য যে ৰাজ্য বিধানসভাৰ ১৮২খন আসনৰ ভিতৰত ১৪খন জিলাৰ ৯৩টা সমষ্টিৰ বাবে আজি আৰম্ভ হৈছে অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ।

মনকৰিবলগীয়া যে অন্তিম পৰ্যায়ৰ নিৰ্বাচনত ৭৬৪ জন পুৰুষ প্ৰাৰ্থীৰ বিপৰীতে মহিলা প্ৰাৰ্থীৰ সংখ্যা হৈছে ৬৯ গৰাকী ৷ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণত ভাগ্য নিৰ্ণয় হ’ব মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল, পাটীদাৰ নেতা হাৰ্দিক পেটেলৰ আৰু অবিচি নেতা অল্পেশ ঠাকুৰৰ।

স্মতৰ্ৱ্য যে গুজৰাট বিধানসভা নিৰ্বাচনত এইবাৰ শাসনাধিষ্ঠ বিজেপি দলক প্ৰত্যাহ্বান জনাইছে অৰবিন্দ কেজৰিৱালৰ আম আদমি পাৰ্টী আৰু বিৰোধী দল কংগ্ৰেছ ৷ দ্বিতীয় পৰ্যায়ৰ ৯৩ টা সমষ্টিত বিজেপি ,আপে প্ৰতিদ্বন্দ্ব্বিতা কৰাৰ বিপৰীতে কংগ্ৰেছে ৯০ খনত আৰু এন চিপিয়ে দুখন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে ৷ আনহাতে ইণ্ডিয়ান টাইব্ৰেল পাৰ্টিয়ে ১২ খন আসনত প্ৰতিদ্বন্দ্ব্বিতা কৰিছে ৷

ৰাজ্যৰ প্ৰায়বোৰ সমষ্টিতে আপে তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে কে’বাজনো মন্ত্ৰী আৰু জ্যেষ্ঠ নেতাক ৷ নিৰ্বাচনত যুঁজ হ’ব ত্ৰিকোণীয় । শেহতীয়া খবৰ অনুসৰি দুপৰীয়া এক বজালৈ ৰাজ্য খনৰ প্ৰথম পৰ্যায়ত ভোটদানৰ হাৰ প্ৰায় ২৭ শতাংশ৷

দেশৰপ্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ গৃহ ৰাজ্যৰ নিৰ্বাচনত ৰাণীপৰ নিশান পাব্লিক স্কুলৰ ভোটকেন্দ্ৰত পুৱা ৯.৩০ বজাত উপস্থিত হৈ সাধাৰণ ভোটাৰৰ দৰে শাৰিপাতি ভোটদান সাব্যস্ত কৰে ৷

Exit mobile version