Ranjit Bara Murder Case:
পূৰৱী ডেইৰীৰ বিতৰক ৰঞ্জিত বৰাৰ হত্যাকাণ্ডৰ লগত জড়িত থকা অভিযোগত আজি মৰিগাঁৱৰ পৰা আমিৰ আলী নামৰ এজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

এক গোপন সূত্ৰৰ আধাৰত মৰিগাঁও আৰক্ষীয়ে আমিৰ আলীক শহুৰেকৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰি নিশা গুৱাহাটী আৰক্ষীক চমজাই দিয়ে।
উল্লেখ্য যে ২১ নবেম্বৰত গুৱাহাটী মহানগৰীত দিন দুপৰতে সংঘটিত হৈছিল এক লোমহৰ্ষক হত্যাকাণ্ড।
বেংকত টকা জমা থবলৈ যোৱা পূৰৱী ডায়েৰী বিতৰক ৰঞ্জিত বৰাক পাঞ্জাবাৰীৰ ৰাজপথত গুলীয়াই হত্যা কৰিছিল দুৰ্বৃত্তই। গুৱাহাটী দিছপুৰ থানাত ৰুজু হৈ থকা গোচৰৰ আধাৰত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
ADVERTISEMENT