Accident : পত্নীৰ স’তে ভিদিঅ ‘ কলত কথা পাতি থকাৰ সময়তে পাহাৰৰ পৰা পৰি মৃত্যু যুৱকৰ

12

Accident :

ভিডিঅ‘ কলত পত্নীৰ স’তে কথা পাতি পাতি পাহাৰত খোজ কাঢ়ি আছিল যুৱকে । সন্ধিয়া হোৱাৰ বাবে তেওঁ গম পোৱা নাছিল যে সম্মুখত খাৱৈত আছে ।আৰাৱল্লীৰ পাহাৰৰ ঢালৰ পৰা প্ৰায় ২০০ ফুট তলত পৰি যুৱকজনৰ মৃত্যু হয় ।

সংবাদ সংস্থাৰ মতে, মৃত ব্যক্তিজনৰ নাম কমল সিং। ফৰিদাবাদৰ বাসিন্দা, কমল পেছাত এজন ফেব্ৰিক ডিজাইনাৰ। তেওঁ ফৰিদাবাদৰ এটা কাপোৰ কোম্পানীত কাম কৰিছিল।

তেওঁ হৰমিন্দৰ আৰু ৰবি নামৰ দুজন বন্ধুৰ স’তে ওলাই গৈছিল। শনিবাৰে, কমলে আৰাৱল্লীৰ জংঘলত ঘূৰি ফুৰাৰ সময়ত তেওঁৰ পত্নীক এটা ভিডিঅ’ কল কৰে । তেওঁ কথা পাতি খোজ কাঢ়ি আগবাঢ়ি গ’ল। তাৰ পাছতে সংঘটিত হয় এই কৰুণ ঘটনা।

আৰক্ষীয়ে জনোৱা অনুসৰি, কমলে হয়তো অনুভৱ কৰা নাছিল যে তেওঁ আৰাৱল্লীৰ পাহাৰত ঘূৰি ফুৰাৰ সময়ত পাহাৰৰ চূড়াত থিয় হৈ আছিল।

সম্ভত তাতে খোজ কাঢ়ি থকাৰ অৱস্থাত পৰি যায় । বন্ধু পাহাৰৰ তলত পৰাৰ পাছতে হৰমিন্দৰ আৰু ৰবি আৰক্ষীৰ কাষ চাপে ।

কিন্তু অন্ধকাৰৰ বাবে, আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰাত সমস্যাৰ সন্মুখীন হয় । ছয় ঘণ্টাৰ পাছত , পুলিচে কমলক বিচাৰি পালে। অৱশ্যে তেতিয়ালৈকে কমলে মৃত্যুবৰণ কৰে ।

আৰক্ষীয়ে কয় যে কমলৰ মৃতদেহটো ক্ৰেইন আৰু ৰচীৰে তোলা হৈছিল । তেওঁলোকে সন্দেহ কৰে যে তেওঁলোক তিনিওজনে সুৰা পান কৰি পাহাৰত খোজ কাঢ়িবলৈ ওলাই যায় । মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত সুৰাও পোৱা গৈছে । কমলৰ পত্নীৰ উপৰিও তেওঁৰ দুগৰাকী সৰু ছোৱালী আছে।

এই ঘটনাত ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) ধাৰা ১৭৪ ৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে।

Exit mobile version