দক্ষিণ আমেৰিকান ৰাষ্ট্ৰ কলম্বিয়াৰ উত্তৰ-পশ্চিমাঞ্চলত সংঘটিত হয় ভয়ংকৰ ভূমিস্খলন৷ ভূমিস্খলনৰ ফলত পাহাৰৰ পৰা খহি অহা বোকা মাটিয়ে পুতি পেলাই এখন যাত্ৰীবাহী বাছ ৷থিতাতে মৃত্যু হয় শিশুসহ ৩৪ জনকৈ লোক ৷
স্মতৰ্ৱ্য যে বাছখন কলম্বিয়াৰ তৃতীয় বৃহত্তম চহৰ কেলিৰ পৰা চোকো প্ৰদেশৰ কণ্ডোটোলৈ গৈ আছিল। ভূমিস্খলনৰ পিছতে উদ্ধাৰকাৰী দল উপস্থিত হৈ জীৱিত সকলক উদ্ধাৰৰ বাবে বোকাৰ মাজত খনন অব্যাহত ৰাখিছে ৷
উল্লেখ্য যে উদ্ধাৰকৰাৰী দলে খননকাৰ্য চলাই থাকোতে এটি মৰ্মান্তিক দৃশ্যই সকলোকে শোকাহত কৰি তোলে ৷ এগৰাকী সাতবছৰীয়া কণমানিয়ে মৃত মাতৃক আকোঁৱালি ধৰি আছে ৷মুৰ্মষ অৱস্থাত কণমানি গৰাকীক উদ্ধাৰ কৰা হয় ৷
ৰিচাৰাল্ডাৰ প্ৰদেশৰ গভৰ্ণৰ ভিক্টৰ তামায়োৱে আৰু কলম্বিয়ান ৰাষ্ট্ৰপতি গুস্তাভো পেট্ৰোৱে এক টুইটাৰ বাৰ্তাত ভূমিস্খলনৰ ঘটনাটোক এক ট্ৰেজেডী বুলি উল্লেখ কৰিছে ৷
আনহাতে দুৰ্ঘটনাগ্ৰস্ত অঞ্চলটোত পুনৰুদ্ধাৰ কাৰ্যৰ তদাৰক কৰি থকাপুৱেব্লো ৰিকোৰ মেয়ৰ লিওনাৰ্ডো ফাবিঅ চিয়াগামাই সাংবাদিকক কয় যে , ভূমিস্খলনত নিহত লোক সকলৰ মৃতদেহ শেষ শ্ৰদ্ধা নিবেদনৰ বাবে চহৰখনৰ এখন ক্ৰীড়া ষ্টেডিয়ামলৈ অনা হৈছে।
মনকৰিবলগীয়া যে বিগত বৰ্ষতো দেশখনত সংঘটিত হোৱা এক ভয়াৱহ ভূমিস্খলনত ২১৬ জনৰো অধিক লোকৰ মৃত্যু হৈছিল আৰু গৃহহীন হয় প্ৰায় ৫,৩৮,০০০ লোক। সন্ধানহীন হয় ৪৮ জন লোক ।
একেদৰে ২০১৭চনতো সংঘটিত ভয়ংকৰ ভূমিস্খলত দেশখনৰ মোকোৱা চহৰত ৩২০ জনৰো অধিক লোকৰ মৃত্যু হৈছিল।