Gautam Adani: ৬০ বছৰীয়া জন্মদিনত ৬০ হেজাৰ কোটি দান ! এছিয়াৰ ‘শ্ৰেষ্ঠ পৰোপকাৰী’ৰ তালিকাত আদানি

every day it is an honour to learn from you karan adani wrote in another post

Gautam Adani :

মাত্র কিছু বছৰতে যিদৰে তেওঁৰ সম্পদ বৃদ্ধি পাইছে, ফলত তেওঁ অনেকৰ ঈর্ষাৰ পাত্র, আকৌ অনেকৰ অনুপ্রেৰণা হৈ উঠীছে ।

অৱশ্যে কেৱল লাভ অর্জনই নহয়, বিগত এবছৰত মুক্ত হাতে দান কৰিছে উদ্যোগপতি গৌতম আদানিয়ে (Gautam Adani) । ফলত এছিয়াৰ শ্ৰেষ্ঠ পৰোপকাৰীৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈছে তেওঁৰ (Asia Philanthropy List) ।

মঙলবাৰে আন্তর্জাতিক ফ’র্বছ পত্রিকাৰ ‘এছিয়া’জ হিৰ’জ অৱ ফিলানথ্রপি’ ষোড়শতম তালিকা প্রকাশিত হৈছে । তাত নাম অন্তৰ্ভুক্ত হৈছে আদানিৰ ।

ভাৰতীয় উদ্যোগপতি শিৱ নাডাৰ, অশোক সূতা, মালয়েশীয়-ভাৰতীয় উদ্যোগপতি ব্রহ্মল বাসুদেৱন, তেওঁৰ অধিবক্তা পত্নী শান্তি কাণ্ডিয়াৰ নামো আছে এছিয়াৰ শ্ৰেষ্ঠ পৰোপকাৰীৰ তালিকাত ।

সমাজসেৱক আৰু পৰোপকাৰীৰ তালিকাত সাধাৰণতে প্রথম-দ্বিতীয় বা তৃতীয় স্থানাধিকাৰীৰ নাম ক্রমানুসাৰে ঘোষিত নহয় । এছিয়া-প্ৰশান্ত মহাসগৰীয় অঞ্চলত দান কৰাৰ ক্ষেত্ৰত যিসকলৰ নাম আগত, সাধাৰণতে সেই সকলকে দাঙি ধৰা হয় । তাতেই স্থান পাইছে আদানিয়ে ।

কোৱা হৈছে, চলিত বছৰৰ জুনত নিজৰ ৬০ বছৰৰ জন্মদিন উপলক্ষে ৬০ হেজাৰ কোটি টকা দান কৰে তেওঁ । ফলত আদানিক এছিয়াৰ সৰ্বাধিক উদাৰ পৰোপকাৰী বুলি উল্লেখ কৰা হৈছে ।

এই পত্রিকাৰ তৰফৰ পৰা জনোৱা হৈছে, উদ্যোগপতিৰ পৰিয়ালৰ সংগঠন ‘আদানি ফাউণ্ডেছন’ (১৯৯৬ত স্থাপিত) মাৰফত এই টকা স্বাস্থ্য, শিক্ষা আৰু চাকৰিৰ প্রশিক্ষণৰ খণ্ডত ব্যয় কৰা হ’ব । প্রতি বছৰে এই সংগঠনৰ তৰফৰ পৰা দেশৰ সর্বত্র বিভিন্ন খণ্ডত ২৭ লাখ মানুহক সাহায্য কৰা হয় বুলিও জনোৱা হৈছে ।

Exit mobile version