India Internet Users :  ভাৰতত ইণ্টাৰনেট ব্যৱহাৰত পিছ পৰি আছে মহিলা

women rural istock

India Internet Users :

অক্সফেম ইণ্ডিয়াৰ এক সমীক্ষাৰ তথ্যত উল্লেখ কৰা অনুসৰি, ভাৰতত ইণ্টাৰনেট ব্যৱহাৰৰ ক্ষেত্ৰত পুৰুষৰ তুলনাত মহিলা আজিও যথেষ্ট পিছ পৰি আছে।

প্রতিবেদনত উল্লেখ কৰা মতে, ভাৰতত ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ মাত্ৰ এক তৃতীয়াংশহে মহিলা। ‘ইণ্ডিয়া ইনইকুৱেলিটি ৰিপ’ৰ্ট-২০২২: ডিজিটেল ডিভাইচ’ ৰ অনুসৰি, ভাৰতীয় মহিলাৰ মাজত ১৫শতাংশতকৈও কম মহিলাৰহে নিজস্ব ম’বাইল ফোন আছে।

একেদৰে পুৰুষৰ তুলনাত ম’বাইল ইণ্টাৰনেট সেৱা ব্যৱহাৰ কৰা মহিলাৰ হাৰ ৩৩ শতাংশতকৈ কম। চহৰৰ ৬৭ শতাংশৰ তুলনাত গ্রামাঞ্চলৰ ৩১ শতাংশ মহিলাই ইণ্টাৰনেট ব্যৱহাৰ কৰে।

ৰাজ্যৰ ভিতৰত মহাৰাষ্ট্ৰত মহিলাই সর্বাধিক ইণ্টাৰনেট ব্যৱহাৰ কৰি আহিছে। ইয়াৰ পাছতে আছে গোৱা আৰু কেৰালাৰ মহিলা। বিহাৰত দেশৰ ভিতৰতে মহিলাৰ মাজত ইণ্টাৰনেট ব্যৱহাৰৰ হাৰ সৰ্বনিম্ন।

ইয়াৰ পাছত ইণ্টাৰনেট ব্যৱহাৰকাৰী সৰ্বনিম্ন মহিলাৰ হাৰ থকা ৰাজ্য দুখন হৈছে চত্তিছগড় আৰু ঝাৰখণ্ড।

Exit mobile version