SARS-COV-2 : ছাৰ্ছ ক’ভ-২ মনু্ষ্যৰ দ্বাৰা প্ৰস্তুত, দাবী বৈজ্ঞানিকৰ

1670286562 sarc

SARS-COV-2 :

নোভেল কৰ’না ভাইৰাছ বা ছাৰ্ছ ক’ভ-২ ‘মানুহৰ দ্বাৰা প্ৰস্তুত’ । এই দাবী কৰিলে আমেৰিকান গৱেষক এণ্ড্ৰু হাফে । আৰু জনালে, দুবছৰ পূৰ্বে চীন চৰকাৰ পৰিচালিত ‘উহান ইনষ্টিটিউট অৱ ভাইৰ’লজি’-ৰ গৱেষণাগাৰৰ পৰা সেয়া কেনেদৰে বিয়পি পৰে ।

এক ব্রিটিছ সংবাদপত্রক দিয়া সাক্ষাৎকাৰত এই দাবী কৰিছে তেওঁ । পাছত তেওঁৰ কথা প্রকাশিত হৈছে আমেৰিকাৰ এক প্রথম শাৰী দৈনিকতো ।

উহান ইনষ্টিটিউটৰ স’তে অতীতত কাম কৰিছে এপিডিমিয়’লজিষ্ট হাফে । তেওঁৰ সেই অভিজ্ঞতাক লৈ এখন গ্ৰন্থ প্রকাশ কৰিছে সম্প্রতি । নাম ‘দ্য ট্রুথ এবাউট উহান’ ।

লেখক হাফৰ দাবী, এই অতিমাৰীৰ বাবে চীন আৰু আমেৰিকাই জগৰীয়া । আমেৰিকা চৰকাৰে দিয়া অর্থ আৰু জৈৱপ্রযুক্তিতেই কৰ’নাভাইৰাছ সম্পৰ্কে গৱেষণা চলিছিল চীনত । ভাইৰাছবিধ লেবৰ পৰা বিয়পি পৰাৰ কাৰণ, গৱেষণাগাৰত উপযুক্ত নিৰাপত্তা ব্যৱস্থা নাছিল ।

অতিমাৰীৰ আৰম্ভণিৰ পৰাই চীনৰ উহান ইনষ্টিটিউট বিতর্কৰ শিৰোনামত । ২০১৯ৰ শেষত উহানত প্রথম কৰ’না সংক্রমণ ধৰা পৰে । ইয়াৰ বাবে চীনক কাঠগড়াত তোলা হৈছিল । কিন্তু চীন চৰকাৰ বা উহানৰ গৱেষকসকলে, কোনেও সেই অভিযোগ মানি নলয় ।

চীনৰ দাবী আছিল, তেওঁলোকৰ দেশত ভাইৰাছবিধ চিহ্নিত হৈছে মাত্র । উৎস অন্য কোনো দেশ । তেওঁলোকৰ ইংগিত স্পষ্টভাৱেই আছিল আমেৰিকাৰ দিশে ।

ইয়াৰ মাজতে ৰাষ্ট্ৰসংঘ‌ই এটা বিশেষজ্ঞ দল প্ৰেৰণ কৰিছিল চীনত । কিন্তু বিশেষজ্ঞসকলে উভতি আহি ক্লিন চিট দিয়ে উহান ইনষ্টিটিউটক । ইয়াৰ পাছতো উহানক লৈ সন্দেহ অব্যাহত থাকে । উহানৰ গৱেষণাত আমেৰিকা জড়িত থকাৰ অভিযোগো আগতে উঠিছিল । যদিও বিষয়টোক সিমান গুৰুত্ব দিয়া নহয় ।

এণ্ড্ৰু হাফে তেওঁৰ গ্ৰন্থত উল্লেখ কৰিছিল, ‘‘বায়’ছেফ্টি, বায়’ছিকিঅ’ৰিটি বা অন্যান্য বিপদ নিয়ন্ত্ৰণৰ দৰে ব্যৱস্থাপনা বিদেশী গৱেষণাগাৰটোত নাছিল । সেয়ে ‘উহান ইনষ্টিটিউট অৱ ভাইৰ’লজি’-ৰ‌ লেবৰ পৰা ভাইৰাছ বিয়পি পৰিছিল ।’’

এক দশকৰো অধিক সময় ধৰি উহান ইনষ্টিটিউটে বাদুলীত থকা বিভিন্ন ধৰণৰ কৰ’নাভাইৰাছক লৈ কাম কৰিছে । সংস্থাটোক অর্থসাহায্য কৰি গৈছে আমেৰিকান চৰকাৰৰ ‘নেছনেল ইনষ্টিটিউট অৱ হেল্থ’ (এনআইএইচ) । তেওঁলোকে বিভিন্ন ধৰণৰ বায়’মেডিকেল ৰিছার্চত অংশ লয় ।

হাফে ২০১৪ৰ পৰা ২০১৬ ‘ইক’হেল্থ এলায়েন্স’ নামে এটা আমেৰিকান স্বেচ্ছাসেৱী সংস্থাত কাম কৰিছিল । তেওঁ জনাইছে, এই সংস্থাটোৱে বহু বছৰ ধৰি উহান লেবৰ স’তে কাম কৰিছিল । তেওঁলোকৰ কামেই আছিল বাদুলীৰ নতুন কৰ’নাভাইৰাছ প্রজাতি তৈয়াৰ কৰা ।

লক্ষ্য আছিল, বায়’ইঞ্জিনিয়াৰিঙৰ জৰিয়তে এনে প্রজাতি তৈয়াৰ কৰা, যিয়ে পৃথিৱীত থকা বিপজ্জনক ভাইৰাছ ধ্বংস কৰিব পাৰিব । হাফে তেওঁৰ গ্ৰন্থত লিখিছে, ‘‘চীনে প্রথম দিনৰ পৰা জানিছিল, সমগ্ৰ বিশ্বত বিয়পি পৰা ভাইৰাছবিধ জেনেটিকেলি ইঞ্জিনিয়াৰড্ । অৱশ্যে চীনৰ হাতত এনে বিপজ্জনক জৈৱপ্রযুক্তি তুলি দিয়াৰ বাবে আমেৰিকা চৰকাৰকো জগৰীয়া কৰা হৈছে বার্তাত ।’

Exit mobile version