Seals Dead On Caspian Beach:ৰাছিয়াৰ কাস্পিয়ান সমুদ্ৰতীৰত অঘটন

দুই সহস্ৰাধিক ছীলৰ মৃতদেহ উদ্ধাৰ

WhatsApp Image 2022 12 06 at 20.55.31

Seals Dead On Caspian Beach:
ব্যাপক জলবায়ু পৰিৱৰ্তনে বিশ্বলৈ কঢ়িয়াই আনিছে সংকট৷একেদৰে জলচৰ প্ৰাণীলৈ আহিছে মহাসংকট৷ ইয়াৰ উদাহৰণ ৰাছিয়াৰ সমুদ্ৰতীৰত কে’বা সহস্ৰাধিক সাগৰীয় ছীলৰ মৃতদেহ ৷

বিলুপ্তপ্ৰাণী কাস্পিয়া ছীলৰ বাবে বিখ্যাত কাস্পিয়ান সাগৰৰ পাৰত উদ্ধাৰ হয় দুই সহস্ৰাধিক ছীল ৷ ইতিমধ্যে বৃহৎ সংখ্যক ছীলৰ মৃতদেহ উদ্ধাৰক লৈ চিন্তিত হৈ পৰিছে প্ৰকৃতিপ্ৰেমী সকল ৷

ৰাছিয়ান জীৱ বৈজ্ঞানীক সকলে এই অঘটনক লৈ চিন্তিত হৈ মতপ্ৰকাশ কৰে যে এইয়া প্ৰাকৃতিক ঘটনা ৷ প্ৰাকৃতিক কাৰণতে ছীলৰ অস্বাভাৱিক মৃত্যু হৈছে ৷ দুসপ্তাহৰ পূৰ্বে মৃত্যুৰ সন্দেহ কৰা ছীলৰ মৃতদেহ সমূহত নাই কোনো আঘাতৰ চীন ৷

মনকৰিবলগীয়া যে ৰাছিয়া সহ পাঁচখন দেশে আগুৰি থকা কাস্পিয়ান সাগৰত চলিতবৰ্ষৰ প্ৰথমভাগত কাজাখাস্থান উপকুলত উদ্ধাৰ হৈছিল দুই শতাধিক কাস্পিয়ান ছীলৰ মৃতদেহ ৷

উল্লেখ্য যে কাস্পিয়ান সাগৰ দুষিত কৰাত বিশেষভাবে চৰ্চিত হৈছে ৰাছিয়াৰ চুবুৰীয়া দেশ কাজাখাস্তান ৷ সাগৰখনৰ পৰা মাত্ৰ ত্ৰিশ কিলোমিটাৰ দূৰত আছে দেশখনৰ এটা বৃহৎ ৰাসায়নিক উদ্যোগ ৷

একেদৰে ৰাছিয়া সহ কে’বাখনো প্ৰতিবেশী ৰাষ্ট্ৰই পাৰমাণৱিক মিছাইল নিৰ্মাণত অৱশিষ্ট দ্ৰব্য সমূহ পেলোৱাৰ বাবে স্থান বাচি লৈছে কাস্পিয়ান সাগৰ৷ ইয়াৰ উপৰিও কাজাখাস্তানৰ ৰাসায়নিক ফেক্টৰীৰ পৰা ওলোৱা পেলনীয়া দ্ৰব্যই দুষিত কৰিছে কাস্পিয়ান সাগৰ ৷

সন্দেহ কৰা মতে এই পেলনীয়া দ্ৰব্যই কঢ়িয়াই আনিছে সমুদ্ৰৰ জীৱকুললৈ চৰম ভাবুকি ৷ কাস্পিয়ান ছীলৰ মৃত্যু ইয়াৰ প্ৰভাৱতে হৈছে বুলি সন্দেহ কৰিছে জীৱ বিজ্ঞানী সকলে ৷

Exit mobile version