Agni-5 : অগ্নি-৫ পৰীক্ষাৰ পূৰ্বে ভাৰত মহাসাগৰত চীনৰ ‘গুপ্তচৰ’ জাহাজ !

WhatsApp Image 2022 12 07 at 14.38.52

Agni-5 :

অত্যাধুনিক অগ্নি-৫ বেলিষ্টিক ক্ষেপণাস্ত্রৰ পৰীক্ষা কৰিব ভাৰতে । সেই মর্মে আগৰ পৰাই বংগোপসাগৰত ‘ন’-ফ্লাই জ’ন’ ঘোষণা কৰা হৈছে চৰকাৰৰ তৰফৰ পৰা । কিন্তু ইয়াৰ মাজতেই ভাৰত মহাসাগৰত সন্দেহজনক চীনা ‘গুপ্তচৰ’ জাহাজৰ আহ-যাহে চিন্তা বৃদ্ধি কৰিছে প্রতিৰক্ষা মন্ত্রণালয়ৰ ।

১৫-১৬ ডিচেম্বৰৰ ভিতৰত ওড়িছাৰ উপকূলত আব্দুল কালাম দ্বীপৰ পৰা অগ্নি-৫ বেলিষ্টিক ক্ষেপণাস্ত্র পৰীক্ষা কৰাৰ কথা । কিন্তু ইয়াৰ মাজতেই ভাৰত মহাসাগৰীয় অঞ্চলত চীনা জাহাজৰ গতিবিধি সন্দেহ বৃদ্ধি কৰিছে ।

নৰৱেৰ সংস্থা মেৰিটাইম অপটিমাৰ পৰা সংগৃহীত তথ্য অনুসাৰে, চীনা জাহাজ ‘ইউয়ান ৱাং-৫ সোমবাৰে ভাৰত মহাসাগৰত প্রৱেশ কৰিছে । সংবাদমাধ্যমৰ প্রতিবেদন অনুযায়ী, বর্তমান সেই জাহাজখন ইন্দোনেছিয়াৰ জাভা দ্বীপৰ উপকূলত ভাৰত মহাসাগৰৰ দক্ষিণ দিশে আছে । ইয়াৰ পূৰ্বেও ভাৰত মহাসাগৰত প্রৱেশ কৰা দেখা গৈছে এই চীনা জাহাজক । যদিও চীনে বাৰে বাৰে দাবী কৰিছে, এই জাহাজখনক গৱেষণামূলক কামৰ বাবে ৰখা হৈছে । গুপ্তচৰবৃত্তিৰ অভিযোগ খাৰিজ কৰা হৈছে সেই দেশৰ তৰফৰ পৰা ।

আন্দামান আৰু নিকোবৰ অঞ্চলত ক্ষেপণাস্ত্র পৰীক্ষা সম্পর্কে ভাৰতে ‘নোটাম’ (বিমান চলাচলত নিষেধাজ্ঞা জাৰি কৰি জাননী) জাৰি কৰাৰ মাত্র এসপ্তাহ পাছত ইউয়ান ৱাং-৫-ৰ গতিবিধিক লৈ এই খবৰ প্রকাশ্যত আহে ।

চীনৰ এই ‘গৱেষণা’ জাহাজখন ইউয়ান ৱাং-শ্রেণীৰ চাৰিখন জাহাজৰ ভিতৰত এখন । এই জাহাজ উপগ্রহ আৰু আন্তর্মহাদেশীয় বেলিষ্টিক ক্ষেপণাস্ত্রৰ গতিবিধি ট্ৰেক কৰাত পাৰদর্শী ।

ভাৰত চৰকাৰৰ তৰফৰ পৰা দাবী কৰা হৈছে, অগ্নি-ভি বেলিষ্টিক ক্ষেপণাস্ত্র পাঁচ হেজাৰ কিলোমিটাৰ দূৰত থকা লক্ষ্যবস্তুত আঘাত হানিবলৈ সক্ষম । অর্থাৎ, ভাৰতৰ পৰাই এই ক্ষেপণাস্ত্র চীনৰ ভিতৰত গৈ আঘাত হানিবলৈ সক্ষম

মনকৰিবলগীয়া যে, অগ্নি-ভি-ৰ আঘাত হানাৰ ক্ষমতা সম্পৰ্কে চীনত যথেষ্ট উদ্বেগ আৰম্ভ হৈছে । সেয়ে এই ক্ষেপণাস্ত্রৰ ক্ষমতা কাষৰ পৰা চাবলৈ পুনৰ ভাৰত সাগৰত দেখা গ’ল চীনা জাহাজ ।

এনে পৰিস্থিতিত অগ্নি-ভি পৰীক্ষাৰ সময় পিছুৱাই দিব পাৰি নে নাই, তাক লৈও প্রতিৰক্ষা মন্ত্রণালয়ত আলোচনা আৰম্ভ হৈছে বুলি মন্ত্রণালয় সূত্রে খবৰ ।

Exit mobile version