Asian Women : এছিয়াত ধনাঢ্য মহিলাৰ সংখ্যা দ্ৰুত বৃদ্ধি , তথাপিও ৭৫ শতাংশ মহিলা দৰিদ্ৰ

Feature Photo

Asian Women :

ইতিহাসত প্ৰথমবাৰৰ বাবে এছিয়াৰ মহিলাৰ হাতত থকা ধন-সম্পত্তিয়ে উত্তৰ আমেৰিকাক বাদ দি বিশ্বৰ আন সকলো অঞ্চলৰ মহিলাক অতিক্রম কৰিবলৈ সফল হ’ল। ধন বৃদ্ধিৰ হাৰৰ ক্ষেত্ৰত এছিয়াৰ মহিলাসকল সবাতোকৈ আগত আছিল।

পৰিসংখ্যা অনুসৰি, ২০২৬ বৰ্ষলৈকে এছিয়াৰ মহিলাৰ হাতত থকা ধনৰ পৰিমাণ ২৭ ত্রিলিয়ন ‘ডলাৰ হ’ব। পশ্চিম ইউৰোপৰ মহিলাৰ তুলনাত এছিয়াৰ মহিলাৰ হাতত জমা থকা ধনৰ পৰিমাণ ছয় ত্ৰিলিয়ন ডলাৰ অধিক হ’ব।

উল্লেখ্য যে এছিয়াৰ মহিলাৰ হাতত থকা মুঠ ধনৰ পৰিমাণ ২০২১ বৰ্ষতে ইউৰোপীয় মহিলাৰ হাতত থকা মুঠ ধনতকৈ অধিক হৈছিল। ব’ষ্টন কনছালটেন্সি গ্রুপ (বিচিজি)ৰ প্ৰতিবেদনত এই পৰিসংখ্যা প্রকাশ পালে।

প্রতিবেদনৰ তথ্য অনুসৰি, এছিয়াৰ মহিলাৰ বার্ষিক ধন জমা প্ৰতি বছৰে দুই ত্ৰিলিয়ন ডলাৰ হাৰত বৃদ্ধি পাইছে। ১০.৬ শতাংশ বাৰ্ষিক বৃদ্ধিৰ হাৰত অব্যাহত থকা এই ধন বৃদ্ধি আগন্তুক চাৰি বছৰলৈকে একে গতিত অব্যাহত থাকিব বুলি বিচিজিৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

ইনভেষ্টমেন্ট ফাণ্ড, জীৱন বীমা, পেঞ্চন, শ্বেয়াৰ আৰু অন্যান্য ইকুইটি বিনিয়োগৰ মাধ্যমৰে এছিয়াৰ মহিলাৰ হাতত ধন-সম্পত্তিৰ পৰিমাণ প্ৰতি বছৰে বৃদ্ধি পাবলৈ ধৰিছে।

বিচিজিয়ে এই অধ্যয়নত মূলতঃ বাংলাদেশ, চীন,ভাৰত, ইণ্ডোনেছিয়া, পাকিস্তান, ফিলিপাইনছ, ছিংগাপুৰ, থাইলেণ্ড আৰু ভিয়েটনামক অন্তৰ্ভুক্ত কৰি মহিলাসকলৰ সম্পত্তি বৃদ্ধিৰ দিশটোৰ পৰ্যালোচনা চলাইছিল।

বিচিজিৰ তথ্য অনুসৰি, এছিয়াত সম্প্রতি উদ্যোগপতি আৰু ব্যৱসায়ী মহিলাৰ সংখ্যা প্ৰতি বছৰে বৃদ্ধি পাইছে। পেছাদাৰী মহিলাৰ হাততো বৃহৎ বেতন লাভৰ জৰিয়তে অধিক ধন জমা হ’বলৈ ধৰিছে।

এছিয়াৰ শীর্ষ ১০ শতাংশ মহিলাৰ হাতত মুঠ মহিলাৰ সম্পত্তি ৬০ শতাংশ আছে। ইয়াৰ বিপৰীতে তলৰ ফালে থকা ৫০ শতাংশ এছিয়াৰ মহিলাৰ হাতত আছে মুঠ সম্পত্তিৰ মাত্র পাঁচ শতাংশ অংশ।

এছিয়াত ধনাঢ্য মহিলাৰ সংখ্যা দ্রুত বৃদ্ধি হ’লেও অঞ্চলটোৰ তিনি-চতুর্থাংশ মহিলা আজিও আর্থিক সংকটৰ মাজতে আছে। ২০১০ত এছিয়াত ১৩ গৰাকী মহিলা অর্বুদপতি আছিল আৰু ২০২২ত এই সংখ্যা ৯২ গৰাকীলৈ বৃদ্ধি পালে৷

এই প্ৰগতিৰ পাছতো এছিয়াৰ ৭৫ শতাংশ মহিলাই অসংগঠিত ক্ষেত্ৰত নিয়োজিত হৈ আহিছে।

Exit mobile version