Eye Tattoo : চকুত টেটু কৰাই বিপত্তি, দৃষ্টিশক্তি হেৰুৱাৰ শংকা যুৱতীৰ

1670397434 new project 2022 12 07t124239 608

Eye Tattoo :

অষ্ট্ৰেলিয়াৰ মডেল এম্বাৰ লুক নিজৰ অক্ষিগোলকৰ মাজত টেটু কৰাই দৃষ্টি আকৰ্ষণ কৰিছিল অনেকৰ । তেওঁৰেই পৰম অনুৰাগী আয়াৰলেণ্ডৰ বাসিন্দা অনায়া পিটাৰেন ।

এম্বাৰক অনুকৰণ কৰিবলৈ গৈ ৩২ বছৰ বয়সৰ অনায়াই সিদ্ধান্ত লয় চকুত টেটু কৰোৱাৰ । ইয়াৰ ফলতেই বিপত্তি ঘটে ।

টেটুৰ চিয়াঁহীৰ বাবে চকুত তীব্র প্রতিক্রিয়া দেখা দিয়ে । সেই প্রতিক্রিয়া ইমানেই প্রবল যে চিকিৎসকসকলৰ শংকা, চিৰদিনৰ বাবে অন্ধ হৈ যাব পাৰে অনায়া ।

অষ্ট্ৰেলীয় মডেলে এম্বাৰ টেটু কৰোৱাৰ পাছত তিনি সপ্তাহৰ বাবে দৃষ্টিশক্তি হেৰুৱাই পেলাইছিল । কিন্তু তাৰ পাছত পুনৰ তেওঁ দৃষ্টিশক্তি ঘূৰাই পায় ।

তাকে দেখি আয়াৰলেণ্ডৰ বেলফাষ্টৰ বাসিন্দা অনায়াই ভাবিছিল প্রথমে এটা চকুত টেটু কৰাব । যাতে কোনো সমস্যা হ’লেও অন্য চকুৰে দেখাত অসুবিধা নহয় ।

সেই মতে ২০২০ৰ জুলাইত প্রথমবাৰ নিজৰ সোঁ চকু নীলা ৰঙৰ টেটু কৰায় অনায়া । তেতিয়া চকু শুকাই যোৱা আৰু মূৰৰ বিষৰ বাহিৰে আন তেনে কোনো সমস্যা দেখা নাযায় ।

বিশেষ কোনো সমস্যা নোহোৱাত সেই বছৰেই ডিচেম্বৰত অনায়াই সিদ্ধান্ত লয় অন্য চকুত টেটু কৰোৱাৰ । বাওঁ চকুত বেঙুনীয়া ৰঙৰ টেটু কৰায় তেওঁ ।

দ্বিতীয় চকুত টেটু কৰোৱাৰ পাছত প্রায় আঠ মাহ কোনো ধৰণৰ সমস্যা নহয় চকুত । কিন্তু ২০২১থ আগষ্টত এদিন শোৱাৰ পৰা উঠি অনায়াই দেখে, চকু ফুলি ঢোন্ধাকাৰ হৈ আছে ।

হাস্পাতালত ভর্তি হোৱাৰ পাছত চিকিৎসকসকলে পৰীক্ষা কৰি জনায়, টেটুৰ চিয়াঁহীৰ কৰা চকুত বেয়া প্রতিক্রিয়াৰ সৃষ্টি হৈছে ।

লগতে জনায় যে, সেই চিয়াঁহীৰ পৰা ছানি পৰিছে অনায়াৰ চকুত । সাধাৰণ ছানিৰ ক্ষেত্রত অস্ত্রোপচাৰৰ জৰিয়তে দৃষ্টিশক্তি ঘূৰাই পায় ৰোগীয়ে । কিন্তু এই ক্ষেত্রত যিহেতু টেটুৰ চিয়াঁহী আঁতৰ কৰাৰ কোনো উপায় নাই, সেয়ে বাৰে বাৰে ছানি পৰি থাকিব‌ ।

অস্ত্রোপচাৰ কৰিলেও ঠিক নহ’ব এই সমস্যা । চকুৰ টেটুৰ পৰা দৃষ্টিশক্তি হেৰুৱাৰ এনে শংকা সৃষ্টি হোৱাত ভাঙি পৰিছে অনায়া । তেওঁ কয়, “এনেকোৱা হ’ব বুলি জানিলে কেতিয়াও টেটু নকৰালো হ‌য় ।”

Exit mobile version