Madhya Pradesh : খেলিবলৈ গৈ দুৰ্ঘটনা , ৪০০ ফুট গভীৰ কুৱাত পৰিল আঠ বছৰীয়া শিশু

1670384516 borwell

Madhya Pradesh :

খেলপথাৰত খেলি থকাৰ অৱস্থাতে ৪০০ ফুট গভীৰ কুঁৱাত পৰিল আঠ বছৰীয়া এটি শিশু । ঘটনাটো মধ্য প্ৰদেশৰ বেতুল জিলাৰ মাণ্ডৱী গাঁৱত সংঘটিত হয় । শিশুটোৰ নাম তন্ময় দিয়াৱাৰ। প্ৰাপ্ত তথ্য অনুসৰি, লগে লগে উদ্ধাৰকাৰী কৰ্মীসকল ঘটনাস্থলীত উপস্থিত হয়।

আৰক্ষীৰ সূত্ৰ অনুসৰি, তন্ময় মঙলবাৰে সন্ধিয়া প্ৰায় পাঁচ বজাত গাওঁখনৰ এখন পথাৰত খেলিবলৈ গৈছিল।

পথাৰখনত ৪০০ ফুট গভীৰ কুঁৱা খনন কাৰ্য চলি আছিল । খেলি থাকোতে সি নতুনকৈ খন্দা কুঁৱাটোত পৰে । লগে লগে আৰক্ষীক খবৰ দিয়া হয় । উদ্ধাৰকাৰীসকলও ঘটনাস্থলীত উপস্থিত হয় । মাটি খনন যন্ত্ৰও অনা হৈছিল ।

আৰক্ষীৰ সূত্ৰ অনুসৰি, তন্ময় কুঁৱাটোত ৬০ ফুট গভীৰতাত আৱদ্ধ হৈ আছিল। মাটি খনন কৰি তেওঁক উদ্ধাৰ কৰা হয় । উদ্ধাৰৰ পাছত, শিশুটোক অক্সিজেন দিব লগা হৈছিল যদিও আৰক্ষীৰ মতে, তন্ময় বৰ্তমান স্বাস্থ্যৱান।

Exit mobile version